সৌ সিদিনা দেউতাই বনাই দিয়া চিলাখন মুক্ত আকাশত উৰুৱাইছিলোহে আনন্দত মতলীয়া হৈ।
যদিও পুৱতি নিশাত শুনা পালোঁ মই...
কুলিৰে কুউ…কুউ…
অমীয়া, সুৰীয়া,প্ৰাঞ্জল,প্ৰাণ-প্ৰিয় কুকীল কন্ঠ।
কোঠাৰে খিৰিকিখন খুলি…
মই বহুতপৰে জুমি জুমি চাই ৰৈছিলোঁ..
কুলি চৰাইটোৱে আমাৰ প্ৰাঙ্গন অহাৰ অপেক্ষাত।
প্ৰাশনৰ বাবে মই পঢ়াৰ মেজতে
থৈ দিছিলো চকলেট এটা।
প্ৰাণাময় কৰোঁতেও…
প্ৰস্ফুটিত কুলিৰ মান্য সুৰ।
যি সুৰ আছিল মোৰ বেদনাৰ মীমাংসক।
প্ৰাতঃস্মৰণ কৰোঁতে…
অদৃশ্যজনে কৰিছিল মোক সজস্ৰ প্ৰশ্ন.
"তুমি কিয় ইমান প্ৰেয়সী কুলিৰ কন্ঠত?
শুনা পাই জানোঁ দেৱালবাসী সকল?
আনন্দ লভিছে জানোঁ মুনাফা পথত থকা লোকসকল?"
নাই…!
সঁচাকৈ নাই মোৰ কোনো উওৰ।
কেৱল মাথোঁ প্ৰকৃতিয়ে দিয়ে চিন্তন
বসন্তৰ আগমনৰ বাৰ্তা দিয়াৰ লগে লগে প্ৰকৃতিও ৰূপ লয় বিচিত্ৰ।
তাতে ঢোল, পেঁপা, গগনা লগতে বিহুগীতৰ মধুৰ ঝংকাৰ…
অ …মই পাৰিছিলোঁহে আমাৰ মৰমৰ কপৌফুলক।
খোপাতে কপৌফুল গোজি,হাতত গাম খাৰু লৈ মুগা সাজেৰে সকলোৱে সাজু
প্ৰাণৰ আপোন সাত বিহুৰ ৰঙক আদৰিবলৈ।
যেন কাৰোঁ মুখত বিষাদৰ চিন নাই।
সেইফালে আইতাই আৰম্ভ কৰিলেই…
"তাকুৰী ঘূৰাদি নাচিমে মই
কংকালৰ মাজত আমাৰে ৰঙালী বিহুত "..।
আমাৰ মিচিং গাঁৱতো ৰঙেৰে ৰঙীন
ঢেঁকীও প্ৰাণ পালে জানা... ৰঙালীৰ আগমন পাই।
পিছে তুমি আহিবানে নাই জ্যোতি
বিহুত আমাৰ ঘৰলৈ?
আহিবাই কিন্তু দেই…
তুমি অহা আশাত মই অপেক্ষাৰ পথত ৰ'ম কেঁকুৰি জোপাতে
মৰমৰ বিহুৱান খন লৈ।
আহি তুমি অমৰ কৰিবা আমাৰ ভালপোৱাক ৰঙালীৰ দিনা ৰঙেৰে উপচাই।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ