অসমীয়া হেপাঁহৰ বাপোতিসাহোন
ৰঙালী বিহুটিৰ লগত সম্বন্ধ আছে ৷
এজন প্ৰতিভাশালী যুৱকৰ চমক
গুনমালা মহাকাব্য পুথিখনত
কলমৰ চিঁয়াহী তোলে ,
ঘুৰনীয়া বৃত্ত সদৃশ এটি মনোগ্ৰাহী চিত্ৰ
নিজে কল্পনাৰ জগতত বিমূৰ্ত হৈ পৰো ৷
তাহানিৰ সমাজ প্ৰথাৰ জড়িয়তে
ফুলাম আৰ্হিযুক্ত জাপিখন
বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্বীকৃতি লাভ কৰিলে ৷
আমাৰ বাবে এইয়া গৌৰৱ
চত মাহটিৰ শেষতেই
পুনৰ বহা’গে শুভ জাননী দিয়ে ৷
সেউজীয়া গছ-বনত কুলি-কেতেকিৰ
হিয়া ঢাকুৰি কন্দা মৌসনা সুৱদী কন্ঠ শুনি আপ্লুত হৈ যাওঁ ৷
ঢোল,পেপা,গগনা,সুতুলিৰ বিনন্দীয়া ধব্বনি
গাভৰু নৈ পাৰত নৃত্যৰ মনোৰঞ্জনদায়ক আশৰা
আঁহত জোপাৰ কোমল পাহি
প্ৰৌঢ় যুৱক-যুৱতীৰ মন ব্যাকুল কৰে ৷

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ