৯ এপ্ৰিল ইতিহাসত আজিৰ দিনটো

©Admin
0
০৯ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৯৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬৬টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল- 
১/ আজিৰ দিনটোতে ১৬৬৯ চনত মোগল সম্ৰাট ঔৰংজেৱে সকলো হিন্দু বিদ্যালয় আৰু মন্দিৰ ধ্বংস কৰিবলৈ আদেশ দিছিল।
২/ আজিৰ দিনটোতে ১৯১৮ চনত লাটভিয়া দেশে স্বাধীনতা ঘোষণা কৰে।
৩/ আজিৰ দিনটোতে ১৯৪৫ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰত আণবিক শক্তি কমিছন গঠন কৰা হয়।
৪/ আজিৰ দিনটোতে ১৯৬৫ চনত ভাৰত আৰু পাকিস্তানৰ মাজত সীমান্ত যুদ্ধ আৰম্ভ হৈছিল।
৫/ আজিৰ দিনটোতে ১৮৯৩ চনত ভাৰতৰ সুপণ্ডিত আৰু স্বনামধন্য পৰ্যটক ৰাহুল সাংকৃত্যায়নৰ জন্ম হৈছিল।
৬/ আজিৰ দিনটোতে ১৮৯৮ চনত আফ্ৰিকান-আমেৰিকান গায়ক আৰু অভিনেতা পল ৰ'বচনৰ জন্ম হৈছিল।
৭/ আজিৰ দিনটোতে ১৬২৬ চনত ইংৰাজ দাৰ্শনিক ফ্ৰান্সিস বেকনৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)