নাগ ডাঙৰীয়াৰ স্মৃতিত-লক্ষীমা তেলী

©Admin
0
নিশব্দ হ'ল আজিৰ পুৱা,
শোকৰ ছাঁ পেলালে আকাশৰ কূলে কূলে।
 আমাৰ মাজত নোহোৱা হ'ল , নাগ ডাঙৰীয়া,
আছে আপুনি প্ৰতিটো মনত, প্ৰতিটো আশাত।

আদিবাসী ছাত্র সন্থাৰ দীপালী ৰূপ আপুনি ।
আলোকিছিলা সত্যৰ পথ, ন্যায়ৰ যাত্ৰা।
সাহসৰ ভাষ্য আছিলে আপোনাৰ মুখৰেখাত,
সংগ্রামৰ সংগীত আছিলে আপোনাৰ গীতত।

চকুপানীৰ মাজত আজি আপোনাৰ ছবি,
হাঁহিৰে আপুনি ক'ব যেন— “সংগ্ৰাম চলিব।”
আছে আপুনি প্ৰতিটো সংগঠনৰ ধ্বনিত,
আছা আপুনি সপোনত, আগবাঢ়ি থকাৰ প্ৰেৰণাত।

নাগ ডাঙৰীয়া, আপোনাৰ অভাৱ অপূৰণীয়,
কিন্তু আদৰ্শ অমৰ, আপুনি চিৰঞ্জীৱ।
শ্ৰদ্ধাঞ্জলি জনাওঁ হিয়াৰ গভীৰ পৰা—
আপোনাৰ পথেই হ’ব আমাৰ পথ, সদায় সঁচা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)