যৌতুক প্রথা : এক অৱলোকন-কুইন দত্ত

©Admin
0
ভাৰতীয় সমাজব্যৱস্থাত যৌতুকপ্ৰথা ঠাইভেদে পুৰণিকালৰে পৰা চলি আহিছে। যৌতুকে এখন সংস্কৃতিৱান সমাজ গঢ়াত বাধাৰ সৃষ্টি কৰে। এগৰাকী মহিলাক পণ্য সামগ্ৰীলৈ ৰূপান্তৰিত কৰা এই প্ৰথা পিতৃতান্ত্রিক সমাজৰ এক অংগ হিচাপে প্রচলিত হৈ আহিছে। সাধাৰণ অৰ্থত যৌতুক হৈছে বিবাহৰ সময়ত পিতৃ-মাতৃয়ে নিজৰ কন্যাগৰাকীয়ে নতুন ঘৰখনত ব্যৱহাৰ কৰিব পৰাকৈ লগত দি পঠিওৱা কেইপদমান নিত্য প্রয়োজনীয় সামগ্রী। এনেকৈ দিয়া সামগ্ৰীৰ ওপৰত অধিকাৰ বিবাহিত ছোৱালী গৰাকীৰহে থাকে যাক স্ত্রীধন বুলি কোৱা হয়।
কিন্তু বৰ্তমানৰ আধুনিক ভোগবাদী বিলাসী সমাজব্যৱস্থাত যৌতুকপ্রথা এক সামাজিক ব্যাধিলৈ পৰিণত হৈছে। দৰা পক্ষই এগৰাকী কন্যাৰ বিবাহৰ বাবে আগবাঢ়ি বিভিন্ন মূল্যৱান সামগ্রী কন্যাগৰাকীৰ সৈতে দাবী তোলে, যি কন্যাগৰাকীৰ পিতৃ-মাতৃৰ বাবে অর্থনৈতিক বোজা স্বৰূপ হৈ তেওঁলোকক বিবুধিত পেলায়। এনে সম্পত্তিসমূহ দিবলৈ অপাৰগতা প্ৰকাশ কৰিলেই উক্ত বিবাহখন ভাঙি পেলোৱা অথবা ভাঙি পেলোৱাৰ ভাবুকি দিয়া দেখা যায়। বিবাহ এক সামাজিক অনুষ্ঠান হোৱা হেতুকে এনে এক অৱস্থাই কন্যাগৰাকীৰ লগতে পিতৃ-মাতৃ আৰু পৰিয়ালবৰ্গৰ মানসিক স্থিতিতো বিষম প্ৰভাৱ পেলায়।
বিবাহৰ পৰৱৰ্তী পৰ্যায়ত তোলা যৌতুকৰ দাবীৰ প্ৰভাৱ আৰু বিষময়। বহুক্ষেত্রত ভুক্তভোগীয়ে ভয়ানক শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈ আনকি মৃত্যুক সাৱটি ল'ব লগা পৰিস্থিতিৰ সৃষ্টি হয়। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যসমূহৰ ভিতৰত পশ্চিম বংগ, বিহাৰ, উত্তৰ প্রদেশ, ৰাজস্থান আদি ৰাজ্যত যৌতুকপ্ৰথা অতি শক্তিশালী ৰূপত বর্তি আছে বুলি ধাৰণা কৰা হয়। এই ৰাজ্যসমূহত বহু ক্ষেত্ৰত পৰিয়ালত পুত্ৰৰ বিয়া মানে উপাৰ্জনৰ এটা পথ মুকলি হোৱা বুলি ধৰি লোৱা।
কিন্তু এই কথা অনস্বীকার্য যে সমগ্র দেশতে বর্তমান এই সামাজিক ব্যাধিৰ কু-প্ৰভাৱ পৰিলক্ষিত হয়। বিশ্বৰ আগশাৰীৰ সংবাদ মাধ্যম ব্রিটিছ ব্রডকাস্টিং কৰপৰছ্যেনৰ এক সমীক্ষামতে ১৯৬১ চনতে আইন মতে দণ্ডনীয় হোৱা স্বত্বেও ভাৰতবৰ্ষৰ ৯৫ শতাংশ বিবাহতে যৌতুক প্ৰদান কৰা হয়।
আমাৰ ৰাজ্য অসমো এই কু-প্ৰভাৱৰ পৰা মুক্ত নহয়। যুক্তিগত দিশৰ পৰা ছোৱালী এগৰাকীৰ সৈতে বিয়াত যৌতুক দিয়া মানে দৰাজনৰ আত্মসন্মানক আঘাত কৰা। বিবাহৰ পাত্ৰ দৰা-কইনা দুয়োৰে প্ৰকৃত সম্পদ হৈছে সুশিক্ষা, কর্মোদ্যম, সফলতাৰ বাবে অহর্নিশে কষ্ট কৰিব পৰা ক্ষমতা আৰু পাৰস্পৰিক বুজাবুজি। নিজৰ জীৱন সুন্দৰকৈ যাপন কৰিবলৈ সম্পদ আহৰণ কৰাটো দুয়োৰে কৰ্তব্য।
সজ কৰ্মইহে দৰাঘৰীয়াৰ ভাগ্যৰ চকৰি সলনি কৰিব পাৰে, যৌতুকে নোৱাৰে। যৌতুক নিদিলে বা নল'লে বিয়াঘৰীয়াৰ কোনো ক্ষতি নহয়।
                                       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)