বিহুটিক আদৰাৰ ক্ষণ ,
হেপাঁহৰ ৰঙালী পালেহি বুলি
উলাহে নধৰা হিয়া-মন ।
গছত কোমল কুঁহিপাত
পাতৰ আঁৰত কুলিৰ মাত ,
বিহু বিহু লাগিছে যে গাত ।
ঢোলৰনো গুমগুমনি
পেঁপাৰনো মাত টিহিটি
কপৌ পাহী নাচনীৰ খোপাত ।
মূগা ৰিহা পিন্ধিলৈ নাচনী আছে ৰৈ
হাতত সানি জেতুকাৰে বোল ,
গাঁৱৰ ডেকা বুঢ়াই হুচৰি গাবগৈ
কান্ধতলৈ চাম কাঠৰ ঢোল ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ