সংস্কাৰৰ মন্ত্ৰ হ'ব পাৰে।
সজাব জানিলে শব্দ
প্ৰচণ্ড বিস্ফোৰক হ'ব পাৰে।
গাঠিব জানিলে মালা শব্দৰ
প্ৰেমৰ বৰ মালা হ'ব পাৰে।
শব্দই জীয়াব পাৰে
শব্দই মাৰিব পাৰে।
সুৰেৰে সজালে শব্দ
গীত হ'ব পাৰে,
শালীনতা হেৰালে শব্দ
গালি হ'ব পাৰে।
মৌনতাও শব্দ হ'ব পাৰে ,
কোলাহলতো শব্দ
হেৰাব পাৰে।
মই শব্দৰ সাধক
পূজাৰী
শব্দৰ বাবেই কটাও
ৰাতি উজাগৰী।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ