উচ্ছৃংখলতা ৰোধ কৰাত যুৱ সমাজৰ কৰ্তব্য — পাৰ্থ প্ৰতীম গগৈ

©Admin
0
যুৱ উচ্ছৃংখলতা মানে কি?
    উচ্ছৃংখল বা বিকাৰগ্ৰস্ত মানসিকতা বুলিলে কোনো ব্যক্তিয়ে স্বাভাৱিক অৱস্থাৰ পৰা বিচ্ছিন্ন হৈ কিছুমান আচহুৱা আচৰণ কৰাকে বুজায়।আজি আমাৰ সকলোৱে দৃষ্টিগোচৰ হৈছে যে বৰ্তমান ছাত্ৰ ছাত্ৰী,যুৱক যুৱতীসকল দিনক দিনে উদণ্ড,উতনুৱা , অকমণ্য,বিলাসপ্ৰিয় আৰু বিকৃত ৰুচিবোধৰ অধিকাৰী হৈছে। ফলত সমাজত উচ্ছৃংখলতা,ডকাইতি , লুণ্ঠন,সুৰা,কানি,ড্ৰাগছ সেৱন, ভ্ৰষ্টাচাৰ, দুৰ্নীতি, হত্যা আদি অপৰাধ জগতৰ লগত জড়িত হৈ পৰা যুৱক যুৱতীৰ সংখ্যা বৃদ্ধি পাইছে। আমাৰ সকলোৰেই সন্মুখত এই যুৱ প্ৰজন্মক কালসৰ্পই গ্ৰাস কৰিছে।এটা জাতিৰ মেৰুদণ্ড স্বৰূপ এই যুৱ চামৰ অধ:পতন দেখি সমাজৰ সচেতন ব্যক্তি সকলে ইয়াৰ প্ৰতিকাৰৰ বাবে বাস্তৱসন্মত চিন্তা চৰ্চা কৰাৰ সমাগত।
   মোৰ দৃষ্টিত উচ্ছৃংখলতাৰ কাৰণ সমূহ বিচাৰ কৰিলে দৃষ্টিগোচৰ হয় । 
   ক) বাস্তৱ জীৱনৰ লগত বৰ্তমান শিক্ষা ব্যৱস্থাৰ সম্বন্ধ নাই :- " বৰ্তমান সময়ত আমাৰ সমাজত এনে কিছুমান যুৱ আছে যিসকলৰ বাস্তৱ জীৱনৰ লগত শিক্ষাৰ কোনো সম্পৰ্ক নাই । তাৰ ফলস্বৰূপে তেওঁলোকে বহুত নীতি নিয়ম তথা সমাজত কি কৰিব লাগে,কি কৰিব নালাগে আদি সম্পৰ্ক সিমান বুজি নাপাই , তেওঁলোকৰ মতে সিহঁতেই শুদ্ধ। এইক্ষেত্ৰত সিহঁতক বুজাবলৈ গলেও কিছুমান ঠাইত সময় সাপেক্ষে আমিয়েই মাৰ খাব লাগিব।"
  খ) মানসিক স্বাস্থ্যৰ অৱনতি :- " আজিকালি প্ৰায়ে দৃষ্টিগোচৰ হয় যে প্ৰায় ষষ্ঠ শ্ৰেণীৰ পৰাই কিছুমান ঠাইত গুটখা জাতীয় তথা দোকানত দহ টকা বা বিশ টকাত পোৱা সহজলভ্য চিখৰ , কেপি , চিগাৰেট ( বেছিকৈ মিন বিচাৰে) আৰু তাতোকৈও জনপ্ৰিয় বস্তুটো হ'ল মহাদেৱৰ প্ৰসাদ। এই বস্তুকেইটাৰ বাহিৰে সিহঁতৰ যেন জীৱন আধৰুৱা। মোৰ নিজৰেই দৃষ্টিগোচৰ হয় যে , আমাৰ ঘৰৰ পৰা ৫০০ মিটাৰ মান গৈয়ে মানুহ এঘৰত কানি ব্যৱসায় কৰি সৰু ল'ৰা-ছোৱালীবোৰ ধ্বংসৰ পথত থেলি দিছে , তাতোতকৈ গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই যে যি সময়ত অসম চৰকাৰে ড্ৰাগছৰ বাবে এক অভিযান চলাইছিল, তেনে ক্ষেত্ৰত এজাহাৰ দিয়া ক্ষেত্ৰতো ভগামুখ আৰক্ষী থানাই তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পৰা নাই । গতিকে এইক্ষেত্ৰত তথা গুটখা জাতীয় খাদ্য বোৰৰ বাবেই বৰ্তমান যুৱ সমাজ ধ্বংসৰ ফলত আৰু এটা কথা কি জানে ! বিলাসী সুৰায় দোকানত লিখা থাকে - ১৮ বছৰ তলৰ ব্যক্তিক সুৰা দিয়া নহয় । তেনেক্ষেত্ৰত গৌৰীসাগৰ আৰু টিয়কত ১৮ বছৰ তলৰ ল'ৰা ছোৱালীক কিয় দিয়ে?
  গ) আধ্যাত্মিক তথা নৈতিক জ্ঞানৰ অভাৱ - বৰ্তমান যুৱ প্ৰজন্মৰ মাজত নৈতিক জ্ঞানৰ অভাৱ পৰিলক্ষিত হৈছে,তাৰ ফলত কাক কি ধৰণে ব্যৱহাৰ কৰিব লাগে সেয়া পাহৰণি গৰ্ভত।
    ইয়াৰোপৰি বৰ্তমান আমাৰ যুৱ সকলৰ বাবে আটাইতকৈ ভয়ংকৰ বস্তটোৱেই হৈছে ফ্ৰী ফায়াৰ আৰু তাতোতকৈও ভয়ংকৰ হৈছে বাইক । আজিকালি মেট্ৰিক বা হায়াৰ চেকেণ্ডেৰী পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পাছতে কিছুমান পিতৃ মাতৃয়ে পুতেকৰ আনন্দত আত্মহাৰা হৈ দুচকীয়া বাহন কিনি দিয়ে কিন্তু তেওঁলোকে সেই বাহন পাই আত্মহাৰা হৈ তীব্ৰ গতিত চলাই এক ভাবিব নোৱাৰা কাম কৰি দিয়ে । তদুপৰি আমাৰ সমাজত সস্তীয়া কুৰুচিপূৰ্ণ হিন্দী কথাছবি দূৰদৰ্শন আদিৰ কবলত পৰি যুৱ সমাজে সমাজলৈ হিংসা, হত্যা, পাশৱিক অত্যাচাৰ,অন্যায়,অনীতি মদ- জুৱা আদি কঢ়িয়াই আনি ই দেশ তথা জাতিৰ সৰ্বনাশ মাতি আনিছে।
   শেষত সকলোকে কও যে আমি সকলো নৈতিক, আধ্যাত্মিক জ্ঞানেৰে পৰিপক্ক হৈ যুৱ সমাজৰ এই ঘটনাবোৰৰ সম্পৰ্কে সজাডতামূলক বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ বিভিন্ন জ্ঞান তেওঁলোকৰ অন্তৰত প্ৰৱেশ কৰাব পাৰিলেহে সমাজৰ পৰা অশান্তি,অসূয়া আৰু যুৱ উচ্ছৃংখলতা নিৰ্মূল কৰিব পৰা যাব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)