কষ্টও দিলা ভালপোৱাও দিলা
দিলা তুমি নামৰ উপহাৰ,
য'ত আছে পোৱাৰ আক্ষেপ
বাস্তৱ কঠিন নিষ্ঠুৰতাৰ দেৱাল।
ব'হাগৰ কুঁহি পাতৰ দৰে
ভালপোৱাৰ বীজ জন্মাই
সময়ৰ অস্তবেলাত আহি
ফাগুনৰ সৰাপাতৰ দৰে গুচি গʼলা।
তোমাৰ ব্যস্ত জীৱন
চিঠিখনত লিখিছা দ্বিধাহীনতাই,
নাভাবিলা মোৰ হৃদয়ৰ বেদনা
নিজ বিলাসী স্বাৰ্থপৰতাই।
নাই যদি মায়া
খেলিব নালাগিছিল ভালপোৱাক লৈ খেল,
তুমি অনায়াসে ছলনাৰে কৰিলা জয়
মই হেজাৰ চেষ্টা কৰিও
ভালপোৱাৰ মায়াজালত হৈছোঁ পৰাজয়।
বেদান্ত হৃদয়ে অজস্ৰ প্ৰশ্নৰ স্তূপ বান্ধি
তোমাক ব্যক্ত কৰিলে,
তুমি অনায়াসে বুজাই দিলা
মোৰ ব্যস্ত জীৱন
মুক্তি লাগে... মুক্তি লাগে...!
ব্যস্ত জীৱন তোমাৰ কথাষাৰে
মই মুক্তি দিবলৈ বাধ্য,
মনত আছে আজিও
আছিলোঁ ব্যস্ত মই
তুমি দিছিলা এক আকাশমান গুৰত্ব।
অহংকাৰী মই নহয়
তোমাক প্ৰতিপল সাহস দিছিলোঁ,
আঙুল ফুলি কলগছ কথাষাৰে
তোমাৰ উদাহৰণ দিলে।
ব্যস্ত জীৱনৰ ব্যস্ত মানৱ
তুমি মোৰ প্ৰিয় প্ৰেমিক,
ভালে থাকা সুখে থাকা
মই তোমাৰ অবিহনে নাই যদিও সুখত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ