বিষাক্ত বীজবোৰ••কামনা বৰুৱা কলিতা

@admin
0
অহৰহ 
হানি 
ঘুঁচি থাকে
আঘাটবোৰে
নিভৃতলৈ...!

উশাহৰ 
কম্পণে কম্পণে..
বিষাক্ত 
ভ্ৰূণ এটাৰ ওক্ মুকনিত
ভিতৰে বাহিৰে...!

পাণ্ডুলিপি খনত 
পাতি থোৱা পৈশাশিক পেণ্ডুলামটো
ডুলি থাকে
নিৰ্দিষ্ট ব্যৱধানত 
অতীত আৰু ভৱিষ্যতৰ 
সোঁৱে বাঁৱে...!

সাঁচি পাতৰ
সেউজীয়া...
সাঁচতীয়া ক্ষণবোৰ
দুপৰ নিশাৰ 
ফেঁচাৰ চিঞৰ যেন লাগে...
ভয়াৱহ
ভয়ংকৰ...!!

নিষ্ঠুৰ নিশাহৰ 
কম্পণত
সক্ৰিয় হোৱা 
বিষাক্ত বীজবোৰে
জীৱনৰ 
সতে
হেতালি খেলি
মৃত্যুৰ 
বিভিষিকা মাতে ...!!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)