প্ৰেমৰ অনুভৱ সঁচাই অনন্য
সৃষ্টিৰ কঠিয়াতলী হব পাৰে প্ৰেম
জীয়াই থকাৰ উদ্দীপনা হব পাৰে
প্ৰেম হৈ পৰে এক মিঠা অভ্যাস
সুখী হোৱাৰ ঠিকনা...।
পাওঁ বুলিয়েই প্ৰিয়জনক
জীৱনৰ বাবে পাব পৰাকৈ
সকলো ইমান সৌভাগ্যশালী নহবও পাৰে
কিন্তু প্ৰেমে দি যায় হাঁহিৰ সুবাস
জীৱন জিনাৰ গঢ়ী তোলে নৱ অত্যুৎসাহ।
পাওঁ বুলিয়েই নিজৰ কৰি পোৱা হলে
ৰাধা আমাৰ আদৰ্শ নহল হয়
কৰোঁ বুলিয়েই সকলো সমাধান কৰিব পৰা হলে কানাই ও ব্যথিত নহল হয়
হিয়া ধকীয়াই নাকন্দিল হয় কেতিয়াও মহাদেৱ
সতীক পাই ও হেৰুৱাই।
প্ৰেম এক ৰহস্যময়তাৰ নাম
প্ৰেম জীয়াই থকাৰ অন্য নাম
প্ৰেম আমাৰ জীৱন
আমাৰ সপোন ৰহণ...।
এই প্ৰেমৰ বাবেই আমি জীয়াই থাকোঁ
হাঁহি থাকোঁ সকলো হেৰুৱাই ও
সুখী হওঁ লঘোনে থাকিও
আৰু আকৌ দেখিবলৈ ধৰি সপোন
এই প্ৰেম আমাৰ,মোৰ,সকলোৰে
তোমাৰ বাৰু হয়নে অনুভৱ এইদৰেই...?
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ