তুমি গৰ্হিত এই কাৰণে যে...
জটিল চৰিত্ৰত অভিনয় কৰিছা।
আঘাত বিহিন প্ৰতিটো মূহুৰ্ত বিশ্বাসৰ প্ৰতিটো ক্ষণ, সমাগত কেওতা দুৰ্বিষহ
আৰু হেৰুৱা যান্তনাত
দিব পৰা মৰ্যাদা প্ৰদান কৰি আহিছা
সেই বাবে তুমি গৰ্হিত।
তুমি গৰ্হিত,
সময়ৰ বকিয়ালিত সূৰ্য হৈ উঠিছা,
চন্দ্ৰ দৰে আন্ধাৰকো আওকাণ কৰিছাঁ,
উদাহ বিহিন সময়ক ইচ্ছা প্ৰকাশ কৰিছাঁ।
তুমি গৰ্হিত..
সংঘাতৰ সৃষ্টি সাহসেৰে সিঁচৰিত কৰিছাঁ ,
ভগ্ন হৃদয়ক বাহ্যিক প্ৰতীকেৰে
সংশোধিত ৰূপ ধাৰণ কৰি আহিছা ..
তুমি গৰ্হিত,
কৃতিত্ব হিন মনুষ্য পৰিণাম সহিছা
কৃষ্টি পথাৰত প্ৰত্যুত্তৰ বিলাইছা!
দুপাখি নহ'লেও দুখুজ আগুৱাইছা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ