শুনিছো, তই হেনো নতুন চহৰত গ'লি
ডাঙৰ অট্টালিকা, ধনী মানুহ, ওখ মানুহ,
বগা মানুহ আৰু মনৰ মানুহ
পালিনে?
বহুদিন হ'ল তোৰ গান শুনা নাই
নাহে! তোৰ গানবোৰ এতিয়া মোলৈ নাহে
চহৰ সলনি হ'ল যে !
মোৰ সুৰবোৰো তোলৈ নাযায়
কিমান দূৰত এতিয়া তই মোৰ পৰা ?
কেতিয়াবা বহুত জোৰেৰে সুৰ লগাওঁ
জানোচা তোৰ কাণত পৰেয়ে মোৰ চিঞৰ
ফটা হৃদয়ৰ তেজাক্ত যন্ত্ৰণাবোৰৰ বাতৰি
পঠাব বিচাৰো তোক কেতিয়াবা
কিন্তু নাই
তোৰ হেনো নতুন চহৰৰ ভিছা
পুৰণিৰ বাবে উপলব্ধ নহয়
দীঘলীয়া সময় হ'ল তোৰ চহৰ সলনি কৰাৰ
এতিয়া আৰু মই তোৰ চহৰৰ ভিছা বিচাৰি নুফুৰো
মোৰ ফটা হৃদয়ত সঞ্জীৱনী আনিবলৈ তোলৈ চিঠিও নিলিখো
মোৰ নিজৰ চহৰখনো এতিয়া অলপ মেৰামতি কৰিলো
পুৰণি কেঁচা মাটিৰ বেৰবোৰ ভাঙি পকিৰ বেৰ লগালো
কিন্ত এইবাৰ মোৰ চহৰত
প্ৰৱেশৰ বাবে এখনো দুৱাৰ নবনালো।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ