কঁপি উঠে হাত
থমকি থমকি ৰৈ যায় কলম
চেনেহী আইৰ সন্তান অপহৃত হৈ আছে
শুংসুত্ৰ নাই
ঘৰখনক নিচুকাব নোৱাৰোঁ
হৃদয় ভাগিছিগি যায় ।
নিঃকিণ সন্তানে
পণবন্দীত্বৰে দিন কটাইছে ,
নিমিলা অঙ্কৰে দৰদাম চলিছে
সিহঁতক মাৰি নেপেলাবি দেই
গা শিয়ৰি উঠিব----গা জিকাৰ খাই আহিব
অমানুহ নহবি দেই
বাৰুদৰ ধোঁৱাৰে উৎসৱ নাপাতিবি তাত !
ক'ত হেৰুৱালি কেঁচা তেজৰ
কলিজাখন
মানৱতাৰ অৰ্থ কিয় মোহাৰি পেলালি
তই জানো একে মাতৃৰ সন্তান নহয়
কি দৰে পুঁহিছ নিৰ্দ্দয় ভাৱনা মনত ?
তোৰ জানো বৰফৰ দৰে
গলি যোৱা পমি যোৱা ,
কুঁহিপাতৰ দৰে কোমল হৃদয় এখন নাই
তই জানো স্ব-দেশৰ সন্তান নহয় ?
কঁচি কঁচি শৰীৰত নিমখ ঢালি নিদিবি দেই
সেই কাম বহুত কৰিলি ---অতি নিৰ্দ্দয়,
অতীত বুৰঞ্জী খুচৰি চাবি --কি যে নিদাৰুণ,
অপৰাধ লিখি ৰখা বহীখন আকৌ পঢ়িবি
কিমান বিভৎস নিজেই জানিবি !
আৰু অপৰাধ জমা নকৰিবি দেই
মৃত্যুৰ দৰদাম নকৰিবি
আমি পাপৰ সমভাগি হব নোৱাৰোঁ
আকৌ ক'লা অধ্যায়ৰ
পাতনি নেমেলিবি
ৰেপি ৰেপি ডিঙি কাটি নেপেলাবি
স্ব-দেশৰ আপোন সন্তানক।
কলিজাৰ কেঁচা তেজবোৰ
হুঁপি হুঁপি নাখাবি
মঙহৰ কেঁচা গোন্ধ নলবি
হত্যা কৰি বনভোজ নাপাতিবি দেই ।
পণবন্দী হৈ
উমলি আছে কোনোবা ঘন অৰণ্যত
শিলেও দুখ পাইছে মনত
অমঙ্গল মাতি নানিবি
গুলিয়াই মূৰৰ খোলা ভাঙি নেপেলাবি
নিপোটল শৰীৰে ঘৰলৈ পঠাই দিবি দেই !
হতভগীয়া পিতৃ ৰৈ আছে পদুলি মুখত,
দূৰ্ভগীয়া মাতৃয়ে উচুপি আছে
ভাত সাজ খাব পৰা নাই ,
পত্নীয়ে ফটোখন চাই কান্দি কান্দি
আউলি বাউলি হৈছে --- অসহ্যকৰ দিন বোৰ
নিদ্ৰাহীন ভাৱে পাৰ কৰিছে
কণমানি কেইটাও নৰীয়াত পৰিছে !
বলি দিয়া তেজেৰে লুতুৰি পুতুৰি নহবি,
পোছাকত কেঁচা তেজৰ দাগ
চিৰকাললৈ লগাই নলবি দেই
তই জানো মানুহৰ পুত্ৰ নহয় ?
অপৰাধ আৰু কিমান কৰিবি
জনতাৰ আদালতত
লিপিবদ্ধ হৈ আছে তঁহতৰ ইতিহাস
আৰু এদিন বিচাৰ হ'ব,
তঁহতৰ পক্ষত ওকালতি কৰিবলৈ
কোনো নাথাকিব !
হত্যা যদি কাম্য
সন্ত্ৰাস যদি লক্ষ্য পুৰণৰ আদৰ্শ
তেনে ভীৰু বিপ্লৱে মেৰুদণ্ড বেঁকা কৰিব
তেনে বিপ্লৱত ৰাতি নুপুৱাই
টোকোনা আদৰ্শ এদিন ধ্বংস হৈ মৰহি যাব !
নষ্ট ধাৰা সৃষ্টি কৰিলি
ৰূপান্তৰৰ ধাৰা ধ্বংস কৰি দিলি
শিমলু তুলাৰ দৰে উৰি ফুৰিলি
গোপন স্থানত আশ্ৰয় লৈছ
এনেদৰে বিপ্লৱ কিমান দিন কৰিবি ?
বাচি বাচি নামাৰিবি
মোৰ মাতৃৰ সন্তানক---তই দেশৰ ৰখীয়া নহয়
সন্ত্ৰাসবাদৰ ভ্ৰষ্ট পথত
স্বাধীনতাৰ সংজ্ঞা হেৰুৱালি কেতিয়াবাই,
হত্যালীলাই বিপ্লৱৰ অৰ্থ নুবুজায় ?
আইৰ নুমলীয়া সন্তানক
ঠেকেচি ঠেকেচি নামাৰিবি ,
জ্বলা জুঁইত পুৰি নামাৰিবি সন্তান সকলক
এদিন বন্দুকৰ গুলি শেষ হ'ব,
বয়সে আমনি কৰিব
জাকে জাকে বিপ্লৱী
নিজৰ ওপজা গাঁও খনিলৈ ঘূৰি আহিব !
স্ব-দেশৰ সন্তান অতি দৰিদ্ৰ
উপঢৌকন যাচিবলৈ
সোণৰ খনিৰ স্বত্বাধিকাৰী নহয়
পণ বন্দীত্বৰ পৰা মুক্তি পাবলৈ
দৰদাম কৰিবলৈ সদাগৰ নহয় ।
বন্দুক আমিও ফুটাব জানোঁ
আমিও হিংসুক হৈ উঠিব পাৰোঁ
পণবন্দীৰে কৰা বিপ্লৱৰ শিক্ষা
ঘৃণা ওপজে
সেই বিপ্লৱৰ
হত্যাৰ পাণ্ডু লিপি কলমেৰে লিখিব নোৱাৰোঁ !

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ