হৃদয়ৰ প্রিয়জন ,
আশা কৰিছো আপুনি কুশলে আছে । বহুদিন হ'ল আপোনাৰ সৈতে ফোনত কথা নোহোৱা। আপোনাৰ ওঠৰ শব্দ, হুমুনিয়াহ, বুকুৰ ধপ্- ধপনি, সোণালী হাঁহি, ৰূপালী কান্দোন এতিয়াও মোৰ কাণত বাজি উঠে।
আপোনাৰ মনত আছেনে? আমি যে প্রথম লগ পাইছিলো ২০২৩, জুলাইৰ প্ৰথমটো মঙ্গলবাৰ, সিদিনাখন সন্দিকৈ কলেজৰ সন্মুখত আপুনি মোক লগ কৰিব অহা দিনটো আজিও মোৰ চকুৰ আগত ভাঁহি আহে। ট্ৰেফিক জামৰ মাজে মাজে বগাত ক'লা স্পট থকা এটি চাৰ্ট, ব্লেক পেন্ট, চকুত বগা চছ্মাৰে আগুৱাই অহা আপুনি। আৰু আনটো পাৰত একেৰাহে চাই ৰৈ আছিলো মই।
আপোনাৰ সেই মিচিকিয়া হাঁহিটো, সজল চকুযুৰিয়ে আজিও মোক খুব আমনি কৰে। হঠাৎ লগ পাইছিলো আমি, কিন্তু প্ৰথম মূহুর্তখিনিতে হাতত ধৰি জালুকবাৰীৰ ৰাস্তা পাৰ কৰা সময় খিনিত, দেউতাৰ পিছত দ্বিতীয়জন পুৰুষৰ ওচৰত সুৰক্ষা অনুভৱ কৰিছিলো , প্রথম বাৰৰ বাবে। আপোনাৰ হাতৰ স্পৰ্শত বাজি উঠিছিল এটি মিঠা সুৰ, কুলিটিয়ে যেনেকৈ প্ৰকৃতিৰ আৰু বৰষুণ জাকে যেনেকৈ পৃথিৱীৰ প্ৰেমত পৰে, হয়তো তেনেকৈ মইয়ো আপোনাৰ প্ৰেমত পৰিছিলো সেই মুহুর্তত।
প্ৰথম ভালপোৱাৰ চাদৰখনি হয়তো সেইদিনাই আপুনি মোক পিন্ধাই দিছিলে।
প্ৰথম চাৱনিতে এনেকৈ প্ৰেমত পৰাটো ভুল জানো?
মই টো চিনি নাপাওঁ প্ৰেমিক আৰু ফাগুনৰ সম্বন্ধ। কিছু দিনৰ কাৰণে ইমানবোৰ খেলিমেলি কৰিবলৈ অহা ফাগুন জাকলৈ মোৰ ইমান প্ৰেম কিয়? এতিয়াও মই ইয়াৰ উত্তৰহীন। বিভাৱৰীত জোনাকক মই আজিও প্ৰশ্ন কৰো আকৌ আহিবনে আপুনি মোক বিচাৰি ? শেতা পৰা চকু যুৰিৰে অনুৰোধ জনাও জোনক ঊষাই অনুৰুদ্ধলে ৰৈ থকা খবৰটো দিবলৈ ।
আজি মই নীৰৱ দৰ্শক মোৰ নিজৰ কাহিনীক লৈ, উদং মন লৈ এতিয়া মই এটি সৰাপাত, ফাগুনৰ বতাহজাকে সৰাই যোৱা সৰাপাত। পলোৰিয়া ফাগুনৰ লগতে ইমান প্ৰেম কিয়, এই প্ৰশ্নটোৰ এতিয়াও মই উত্তৰহীন।
এনে কি আছে আপোনাৰ?
যিখিনিৰ বাবে আজিও মই উটি যাওঁ,
চেঁচা নৈত বুৰ যাওঁ,
শামুকৰ খোলাত পোত যাওঁ।
এদিন আপোনাক লগ পাবলৈ খুব মন জানে, আকৌ এবাৰ সেই সজল চকুযুৰি একেথৰে চাই থাকিবলে মন।
ব্যস্ততাৰ পৰা অকণ আতৰি একাপ চাহ খোৱাম আৰু সৌজন্যতাৰ খাতিৰত সুধিম মই কেনে আছে আপুনি?
বৰ বেছি ইচ্ছা কৰে যদি কেইশাৰীমান কবিতা শুনাম, কবিতাৰ মাজেৰে জুকিয়াই চাম আপোনাক, সঁচাকৈ ভালে আছে নে আপুনি মই অবিহনে!
কি হেৰোৱাই কিনো পোৱা
থিতাতে উপজি, উৱলি যোৱা
উপচা চকুৰে কিয়নো চোৱা
ফাগুন হোৱা তুমি ফাগুন হোৱা।
ইতি
এটা অসমাপ্ত সুৰৰ সোণালী সঁফুৰা
– আপোনাৰেই

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ