সত্ৰ আৰু কিছুমান বিতৰ্কিত প্ৰসংগ-অনিৰ্বাণ দত্ত

Rinku Rajowar
0
আজি আৰু নতুন বিতৰ্কৰ অৱকাশ নাই যে, আজিৰ পৰা পাঁচশ বছৰৰ আগতেই শংকৰদেৱেই অসমত প্ৰথম সত্ৰ স্থাপন কৰিছিল ৷ তেতিয়া সেই সত্ৰ দেখাত আছিল তেনেই সৰু আৰু সৰল৷ গুৰুজনাই নিজে খেৰ বাঁহ কাঠ ইকৰা গোটাই 'হৰিগৃহ’ সাজি ভক্তিধৰ্মৰ প্ৰথম প্ৰতিষ্ঠানটি গঢ়ি তুলিছিল৷ সেয়া হৈছিল প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰি আহি নিজৰ ৪৪ বছৰ বয়সত খ্ৰী: ১৫ শতিকাৰ শেষ ভাগত৷ তেৰাই নিজৰ বাসস্থান বৰদোৱাত হৰিগৃহ সজাইছিল আৰু তাতে অবিৰাম ভক্তৰ সমাৱেশ হৈছিল, গুৰু ভকত বৈষ্ণৱৰ মাজত ঈশ কথা চৰ্চা হৈছিল, গীত পদ অভিনয় আদিৰ প্ৰদৰ্শন হৈছিল.. অৰ্থাৎ সৎ লোকক ত্ৰাণ কৰোৱা স্থান বা পুণ্য ধাম সেই 'হৰিগৃহ’ই আছিল আজিৰ সত্ৰ নামৰ বটবৃক্ষ জোপাৰ প্ৰথম গোঁজটি৷ গোঁজেই গজালি মেলি বৰবৃক্ষ হোৱাৰ দৰে পৰবৰ্তী গুৰুসকলৰ যত্নত হৰিগৃহেই পূৰ্ণপৰ্যায়ৰ সত্ৰলৈ ৰূপান্তৰিত হৈছিল৷ 
        সত্ৰ সৃষ্টি সম্পৰ্কীয় বিতৰ্কৰ ভিত্তি:— বিশিষ্ট চিন্তাবিদ ড° হীৰেন গোহাঁয়ে তেখেতৰ গ্ৰন্থ “অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা”ৰ প্ৰথম খণ্ডত সত্ৰ সৃষ্টিৰ সন্দৰ্ভত দিয়া বক্তব্য এটাৰ মৰ্ম নুবুজি বহুতে সত্ৰৰ সৃষ্টিকৰ্তা দামোদৰদেৱহে বুলি বিতৰ্ক চলাই আছে৷ ড°গোহাঁয়ে তাত লিখিছে, “অসমৰ বৈষ্ণৱ সংস্কৃতিৰ এটা আনুষ্ঠানিক ৰূপ আছে, যাৰ প্ৰাণকেন্দ্ৰ হ’ল সত্ৰ৷ এই সত্ৰ কিন্তু শংকৰদেৱৰ সৃষ্টি নহয়৷ তেওঁৰ দিনতে অৱশ্যে সকলো ভকত মিলি তেওঁৰ নেতৃত্বত নিয়মিতভাৱে নামঘৰত বহি নাম কীৰ্তন কৰা, আৰু সৰু-সুৰা সমাজ হিচাপে বাস কৰা প্ৰথা আৰম্ভ হয়৷ সি আছিল এক স্বতঃস্ফূৰ্ত প্ৰয়াস৷ দামোদৰদেৱৰ হাততহে সত্ৰই তাৰ বিশিষ্ট ৰূপ পায়৷”    ভালকৈ বিচাৰ কৰিলে আপুনি দেখিব ড°গোহাঁয়ে সত্ৰ সৃষ্টিৰ সন্দৰ্ভত দিয়া  বক্তব্যটো ওপৰে ওপৰে বুজিব পৰাকৈ সহজ নহয়৷   তেখেতৰ বক্তব্যটো ভাঙিপাতি চোৱা প্ৰয়োজন৷  
         তেখেতৰ প্ৰথম বাক্যটো অৰ্থাৎ “অসমৰ বৈষ্ণৱ সংস্কৃতিৰ এটা আনুষ্ঠানিক ৰূপ আছে, যাৰ প্ৰাণকেন্দ্ৰ হ’ল সত্ৰ” — এইটো সম্পূৰ্ণ শুদ্ধ৷ দ্বিতীয় বাক্যটো অৰ্থাৎ “এই সত্ৰ কিন্তু শংকৰদেৱৰ সৃষ্টি নহয়”— তেখেতে 'এই সত্ৰ' বোলোতে 'সেই সত্ৰ' বুলিও গোপন কথা এটা প্ৰকট হৈছে৷ অৰ্থাৎ শংকৰদেৱ সৃষ্ট ''সেই সত্ৰ'' আজি আমি দেখা “এই সত্ৰ” ৰ লগত একে নহয়৷ কোৱাই হৈছে যে শংকৰদেৱৰ সৃষ্ট কালত সত্ৰ তেনেই সৰু আৰু সৰল আছিল৷ আনহাতে তেখেতৰ এই বাক্যটোৰ পৰিষ্কাৰ অৰ্থ প্ৰদান কৰিছে তৃতীয় বাক্যটোৱে৷ তেখেতৰ তৃতীয় বাক্যটো হ’ল— “তেওঁৰ দিনতে অৱশ্যে সকলো ভকত মিলি তেওঁৰ নেতৃত্বত নিয়মিতভাৱে নামঘৰত বহি নাম কীৰ্তন কৰা, আৰু সৰু-সুৰা সমাজ হিচাপে বাস কৰা প্ৰথা আৰম্ভ হয়৷”  'অৱশ্যে' বুলি লিখি ড°গোহাঁইয়ে আচল কথাটো ইয়াতে স্বীকাৰ কৰিছে যে শংকৰদেৱৰ দিনতে ভকত বৈষ্ণৱৰ অবিৰাম সমাৱেশ আৰু ধৰ্মচৰ্চা কৰিব পৰা বিশিষ্ট স্থান এটাৰ শুভাৰম্ভ হৈছিল৷ আনকি সৰু সুৰা সমাজ হিচাপে বাস কৰা প্ৰথাও আৰম্ভ হৈছিল বুলি কৈ ড°গোহাঁয়ে কৈ দিছে যে সেই সমাজ সৰ্বসাধাৰণ গাঁৱৰ সমাজতকৈ পৃথক আৰু নতুন সমাজ আছিল৷ তেন্তে সেই সৰু-সুৰা অথচ নতুন সমাজখনেই যে সত্ৰ সমাজ আছিল— সেয়া বুজাত অসুবিধা ক’ত?  ড°গোহাঁইৰ চতুৰ্থ বাক্যটোত যুক্তি কম যেন বোধ হয়৷ বাক্যটো আছিল— “সি আছিল এক স্বতঃস্ফূৰ্ত প্ৰয়াস৷” নামঘৰ বা হৰিগৃহ পতা, তাত নিতৌ ধৰ্মচৰ্চা কৰা, সেই ঠাইতে ভকত বৈষ্ণৱেৰে থাকি সংগীত সাহিত্য শিল্পৰ চৰ্চা কৰা, শৰণ ভজন দি নামধৰ্ম প্ৰচাৰ কৰা কামবোৰ আচলতে স্বতঃস্ফূৰ্ত নাছিল৷ সি আছিল একশৰণ ভক্তিধৰ্ম প্ৰচাৰৰ বাবে কৰা গুৰুজনাৰ উদ্দেশ্য প্ৰণোদিত কাম৷ অৱশ্যে, সেই ঠাইক বুজাবলৈ শংকৰদেৱে সত্ৰ শব্দটো হয়তো ব্যৱহাৰ কৰা নাছিল, কিন্তু উপাসনা গৃহটিক বুজাবলৈ হৰিগৃহ শব্দটো ব্যৱহাৰ কৰিছিল৷ আজি দেখা সত্ৰ নামৰ বিশাল অনুষ্ঠানটিৰ হুবহু ৰূপ শংকৰদেৱৰ দিনতে গা কৰি উঠা নাছিল মানেই যে সত্ৰৰ প্ৰতিষ্ঠাপক শংকৰদেৱ নাছিল— তেনেকৈ ভৱাটো ভুল৷ বৰগছ এজোপাৰ বিশাল ৰূপটো সামান্য গুটি এটাৰ ভিতৰতে সোমাই থাকে৷ গুটি ফুটি যিটো গজালি অংকুৰিত হয় কালক্ৰমত সিয়েইহে বৰগছ এজোপাৰ ৰূপ পৰিগ্ৰহ কৰে৷ সত্ৰ সৃষ্টিৰ ক্ষেত্ৰতো কথাটো একেই৷ ড°গোহাঁইৰ বক্তব্যৰ পঞ্চম বাক্যটো শুদ্ধ অৰ্থাৎ দামোদৰদেৱৰ হাততহে সত্ৰই তাৰ বিশিষ্ট ৰূপ পায়৷ হয়, শংকৰদেৱে আৰম্ভ কৰা কামটোক দামোদৰদেৱে নানা লোকৰঞ্জক বাহ্যিক আচাৰ অনুষ্ঠান আৰু বিষয়বাবৰ গাঁথনিৰে সমৃদ্ধ আৰু আকৰ্ষণীয় ৰূপ দি বিশিষ্ট কৰি তুলিছিল৷  কিন্তু, এইটো অবিতৰ্কিত সত্য যে—অসমত যদি শংকৰদেৱৰ জন্ম নহ’লহেঁতেন, তেৰাই যদি একশৰণ ভক্তিধৰ্ম প্ৰচাৰ নকৰিলেহেঁতেন, হৰিগৃহ বা নামঘৰ যদি প্ৰতিষ্ঠা নকৰিলেহেঁতেন, যদি নৃত্য-গীত নামকীৰ্তন বাদ্য অভিনয় শিল্প কলা সাহিত্যৰ সূচনা নকৰিলেহেঁতেন— পৃথিৱীত সত্ৰ বুলি প্ৰতিষ্ঠান এটাৰ জন্মই  নহ’লহেঁতেন৷ সত্ৰত যি আছিল, আৰু আজি যি আছে সকলো শংকৰদেৱৰ, মাত্ৰ বিগ্ৰহ পূজাৰ পৰম্পৰাটোৰ বাদে৷ গুৰু দেৱ নাম ভকত— সত্ৰৰ এই চাৰিখুঁটিক একত্ৰে পুতি আদিতে আৰ্হি দেখুওৱা আৰু প্ৰেৰণা দিয়া পুৰুষজন নিৰ্বিবাদে শংকৰদেৱহে৷ 
        এতিয়া প্ৰশ্ন হ’ল, শংকৰদেৱতকৈ পঞ্চাশ বছৰে সৰু আৰু তেৰাৰ প্ৰশিষ্য (শিষ্যৰ শিষ্য) মহাপুৰুষ  দামোদৰদেৱৰ হাতেৰে সত্ৰইনো কি বিশিষ্ট ৰূপ পালে বা কিয় পালে— এই কথাখিনি বুজিবলৈ লক্ষ্মীনাথ বেজবৰুৱাই দামোদৰীয়া পন্থৰ ৰামৰায় দ্বিজে ৰচনা কৰা “গুৰুলীলা“ (দামোদৰদেৱৰ চৰিত) নামৰ গ্ৰন্থখনৰ পৰা তুলি আনি তেখেতৰ “দামোদৰদেৱৰ ধৰ্মমত” নামৰ নিবন্ধটোত ঠাই দিয়া কেইশাৰীমান কথা পঢ়িব লাগিব— 
   “কামৰূপে বৰপেটা গ্ৰামে সত্ৰ কৈল৷ তেহোঁ একশৰণ লগাইলা লোকক৷ শৰত কালৰ পূজা লোকে এৰিলেক৷ আন দেৱতাৰ কথা নুশুনয় কানে৷ ভাগৱত ধৰ্ম প্ৰৱৰ্তালা থানে থানে৷” —

 কামেশ্বৰ গিৰি আৰু শিৱবৰ দৈবজ্ঞ প্ৰভৃতি সূচকে দামোদৰদেৱৰ বিপক্ষে এইদৰে পৰীক্ষিত ৰজা (তাৰমানে কোচ ৰজা পৰীক্ষিত নাৰায়ণ)ক লগাইছিল৷ গতিকে, বুজিব পাৰি শংকৰদেৱৰ ভক্তিধৰ্মৰ নীতি অনুসাৰেই দামোদৰদেৱে প্ৰথমাৱস্থাত ধৰ্মীয় কামবোৰ কৰি গৈছিল৷ কিন্তু, ৰজাই বিচাৰ কৰিবৰ নিমিত্তে যেতিয়া দামোদৰদেৱক বিজয়পুৰলৈ মাতি পঠিয়ালে তেতিয়া ভয় আৰু হতাশাত ভোগা দামোদৰদেৱে তেওঁ প্ৰিয় শিষ্য ভট্টদেৱক উপদেশ দিছিল যে— 

   “শুনা কবিৰত্ন তুমি ব্যাস সম সৰ৷ ভাগৱত ব্যাখ্যা তুমি আপুনি কৰিবা৷ লোকক হৰি ভক্তি উপদেশ দিবা৷ ব্ৰাহ্মণৰ নিত্য নৈমিত্তিক নেৰুৱাবা ৷ আপুনি স্নান সন্ধ্যা পূজা আচৰিবা৷ আপুনি শুনিলা নৃপতিৰ দুঃচেষ্টাক৷ কৰ্ম এৰিলেক বুলি নিয়াই আমাক৷ একাগ্ৰ ভকতি কৰিবাহা মহা ভাগ৷”

ওপৰৰ কথাখিনিৰ পৰা বুজা গ’ল শংকৰী একশৰণীয়া সন্ত দামোদৰদেৱে কৰ্মকাণ্ডী ব্ৰাহ্মণৰ হিংসা আৰু ৰাজৰোষৰ পৰা ভৱিষ্যতলৈ বাচি থাকিবৰ নিমিত্তেহে তদানীন্তন পৰিস্থিতিৰ লগত অনিবাৰ্য আপোচ কৰি পেলাব লগা হৈছিল৷ তাৰমানে তেওঁ আকৌ আনক দেখুৱাবলৈকে ব্ৰাহ্মণৰ নিত্য নৈমিত্তিক আচাৰ-কৰ্মখিনি কৰিবলৈ আৰম্ভ কৰিছিল৷ আগন্তুক দিনত বিপদত নপৰিবলৈ দামোদৰদেৱে ভট্টদেৱকো “বেৰা দিয়া ভকতি” কৰিবলৈ উপদেশ দিলে৷ বেৰা দিয়া ভকতি মানে লোকক দেখুৱাই বাহিৰত ব্ৰাহ্মণৰ নৈমিত্তিক কৰ্মবোৰ কৰিব কিন্তু ভিতৰি শংকৰদেৱৰ একশৰণ ভক্তিধৰ্মক একান্ত চিত্তে আচৰি যাব৷ পৰীক্ষিত ৰজাৰ সভাত বিচাৰ কালত কিন্তু দামোদৰদেৱে অন্য দেৱ দেৱীক পূজা কৰা পুৰণি পৰম্পৰা পুনৰ আচৰিবলৈ একেমুখে অস্বীকাৰ কৰি দেশান্তৰী হোৱাৰ শাস্তিকে মূৰ পাতি লৈছিল৷  দামোদৰদেৱে লক্ষ্মীনাৰায়ণ ৰজাৰ বেহাৰ ৰাজ্যলৈ একেবাৰে গুচি গৈছিল আৰু যোৱাৰ আগত তেওঁৰ শিষ্যসকলক উপদেশ দিছিল — “অন্য দেৱ নভজিবা, ভক্তদ্ৰোহ নাচৰিবা, কৰিবাহা শ্ৰৱণ কীৰ্তন৷(গুৰুলীলা ১২২ পৃষ্ঠা)৷ তেতিয়ালৈকে কথাবোৰ ঠিকেই আছিল৷ 

      কিন্তু, ধৰ্ম আচৰণত অলপ নমনীয়তা আনিবলৈ ভট্টদেৱক দিয়া পৰামৰ্শৰ পিছতে দেখা গ’ল দামোদৰীয়া সত্ৰ আৰু সমাজত শংকৰদেৱ প্ৰবৰ্তিত বৈষ্ণৱ আদৰ্শ, শিল্প সংস্কৃতি চৰ্চাৰ সমান্তৰালকৈ বহু ব্ৰাহ্মণ্য কৰ্ম আচাৰ অনুষ্ঠান আয়োজন হ’বলৈ ধৰিলে৷  আনকি সত্ৰৰ নামঘৰত শ্ৰৱণ কীৰ্তনৰ লগতে মনিকূটত মূৰ্তি পূজাৰ পৰম্পৰাও আৰম্ভ হ’ল৷ দুখৰ বিষয় ভট্টদেৱেও বেৰা দিয়া ভকতি কৰিব জানিছিল যদিও পৰবৰ্তী কালত দামোদৰীয়া সত্ৰ আৰু বিপ্ৰ নিয়ন্ত্ৰিত সমাজে তাৰ মৰ্মাৰ্থ নুবুজি শংকৰদেৱৰ একশৰণীয়া নামধৰ্মক পাছলৈ ঠেলি কেৱল ব্ৰাহ্মণ্য ধৰ্মক লৈহে ব্যস্ত হৈ পৰিল৷ এনে হোৱাৰ ফলত এহাতে শংকৰদেৱৰ ভক্তিধৰ্মৰ খুটি কিছু সোলোক-ঢোলোক হ’ল৷ আনহাতে এটা কথা কিছু ভাল হ’ল যে  কৰ্মকাণ্ডী ব্ৰাহ্মণসকলৰ বৈৰীভাৱ বহু পৰিমাণে কমিল আৰু নৱবৈষ্ণৱ ধৰ্মলৈ তেওঁলোকো বহুখোজ সোমাই আহিল৷ সকলো মিলি ব্ৰহ্মসংহতি নামে তেওঁলোক ঐক্যবদ্ধ হৈ পৰিল৷ কম দিনৰ ভিতৰতে ব্ৰহ্মসংহতিয়ে ৰাজপৃষ্ঠপোষকতা লাভ কৰিলে৷ ৰজাঘৰৰ পৰাই ব্ৰহ্মসংহতিৰ চাৰি সত্ৰ আউনীআটী গড়মূৰ দক্ষিণপাট কুৰুৱাবাহী প্ৰতিষ্ঠা হৈ উঠিল৷ দামোদৰীয়া সত্ৰসমূহ আৰ্থিক আৰু শিষ্য প্ৰশিষ্যৰ ফালৰ পৰা টনকিয়াল হৈ সু সংগঠিত হৈ পৰিল৷ ৰজাঘৰৰ আৰ্হিৰে নানা বাব বিষয়াৰো সৃষ্টি হ’ল ৷ গুৰুকৰ নিয়মীয়াকৈ তোলা হ’ব ধৰিলে৷... তাৰ পাছত এক দীঘলীয়া পৰিক্ৰমা৷
         এতিয়া কথা হ’ল, ড°গোহাঁইৰ বক্তব্যত ফুটি উঠা এইখিনিয়েই হয়তো দামোদৰদেৱৰ হাতেৰে সত্ৰই লাভ কৰা 'বিশিষ্ট' ৰূপ৷ কিন্তু, এই ''বিশিষ্টতাখিনিৰ” সপক্ষে বিপক্ষে অৱস্থান কৰি অসমৰ নামঘৰকেন্দ্ৰিক সমাজখন তদানীন্তন কালৰ পৰা আজি পৰ্যন্ত অস্থিৰ হৈ আছে৷ “দামোদৰ দেৱৰ হাততহে সত্ৰই তাৰ বিশিষ্ট আনুষ্ঠানিক ৰূপ পালে” বুলি ড°গোহাঁয়ে কৈছে যদিও তাৰ বিপৰীতে বহু পণ্ডিতে গুৰুধৰ্ম সংস্কৃতিক দামোদৰদেৱে সত্ৰৰ সুৰুঙাৰে বিকৃত কৰিলে বুলিও সমালোচনা কৰিছে৷ তেওঁলোকৰ ভিতৰত ড°প্ৰফুল্ল মহন্ত, ড°লীলা গগৈ, ড°লক্ষ্মীনন্দন বৰা, সোণাৰাম চুতীয়া, নাৰায়ণ চন্দ্ৰ গোস্বামী, পোনা মহন্ত, সঞ্জীৱ কুমাৰ বৰকাকতি, প্ৰভাত চন্দ্ৰ দাস আদি প্ৰধান৷ যিনহওক. তদানীন্তন কালতে দামোদৰদেৱৰ সত্ৰ পৰম্পৰাই গুৰুধৰ্মক বিপথে নিয়া যেন দেখি নাৰায়ণ ঠাকুৰ আতাৰ পৰামৰ্শত মাধৱদেৱেও শুদ্ধ শংকৰী পৰম্পৰা ৰক্ষা হওক বুলি সত্ৰ পাতিছিল৷ পৰৱৰ্তী সময়ত পুৰুষোত্তম ঠাকুৰ, ভৱানীপুৰীয়া গোপাল আতা, বদলা পদ্ম আতা, অনিৰূদ্ধদেৱ আদি সন্তমহন্তইও বেলেগে সত্ৰ পাতিছিল৷ ডাঙৰ কথা গুৰুজনাৰ একশৰণ নামধৰ্ম তেৰাৰ বৈকুণ্ঠিৰ পাছতে চাৰি সংহতি (ব্ৰহ্ম, নিকা, পুৰুষ, কাল)ত বিভক্ত হৈ পৰিছিল আৰু সেই অনুক্ৰমে নাম ধৰ্মৰ মুখ্যকেন্দ্ৰখ্যাত সত্ৰসমূহ আৰু শিষ্যসমাজো বিভক্ত হ’ল৷ আজিও চাৰি সংহতি একেখন ধ্বজাৰ তললৈ আহিব পৰা নাই৷ আনকি, ইয়াৰ পাছতো শংকৰী বৈষ্ণৱসমাজখনৰ পৰা শ্ৰীমন্তশঙ্কৰদেৱ সংঘ, মহাপুৰুষীয়া সমাজ, ভাগৱতী সমাজ, বৈদিক বৈষ্ণৱ সমাজ আদিৰ সৃষ্টি হৈছে৷  
 
      দামোদৰদেৱ আৰু শংকৰদেৱৰ সম্বন্ধ:—  শেহতীয়াকৈ, মহাপুৰুষ দামোদৰদেৱৰ নামত আকৌ কিছুমান সংস্থা সংঘ মূৰদাঙি উঠি পুৰণি ঘা এডোখৰ নতুনকৈ বখলিয়াইছে৷ সেইবোৰ সংস্থাই ন্যস্তস্বাৰ্থ পূৰণৰ বাবে শ্ৰীমদদেৱদামোদৰদেৱ অভিধাৰে তেৰাক বিভূষিত  কৰি আজি বেজবৰুৱা অনুপস্থিত বুলি ভাবি সু-সংগঠিত ৰূপত আকৌ প্ৰচাৰ কৰিছে যে দামোদৰদেৱ আৰু শ্ৰীমদদেৱ দামোদৰদেৱ একেগৰাকী নহয়, দুগৰাকী ব্যক্তি৷ প্ৰথম গৰাকী কোৰ দামোদৰ যি শংকৰদেৱৰ সহযোগী আছিল আৰু দ্বিতীয় গৰাকী শ্ৰীমদদেৱদামোদৰদেৱ— যি শংকৰদেৱতকৈও শ্ৰেষ্ঠ বৈষ্ণৱ গুৰু— যি নাৰদ মুণিৰ পৰা তত্ত্বজ্ঞান লাভ কৰি বৈদিক বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল৷ গুৰুলীলা গ্ৰন্থত থকা নাৰদ মুণিয়ে দামোদৰদেৱক তত্ত্বজ্ঞান দিয়া আলৌকিক তথ্যটোকে ভিত্তি কৰি একাংশ শংকৰদেৱৰ ধৰ্ম বিদ্বেষী লোকে দামোদৰদেৱৰ গুৰু নাৰদক বনাই পেলালে৷ সৌসিদিনা মোগল আহোমৰ আমোলত আগবৰ ঔৰংগজেৱ ৰুদ্ৰসিংহই ৰাজত্ব কৰি থকা দিনত নাৰদ মুণি অসমলৈ আহি দামোদৰক শৰণ দিয়া কথাটো কিমান হাস্যকৰ আৰু ল’ৰামতীয়া— সেয়া অল্পমতি শিশুৱেও বুজিব৷ সেইজন শ্ৰীমদদেৱদামোদৰদেৱেই অসমত প্ৰথম সত্ৰ পাতিছিল, ভট্টদেৱ আছিল তেওঁৰ প্ৰপন্ন শিষ্য, শংকৰদেৱৰ লগত তেওঁৰ কোনো সমন্ধ নাছিল ইত্যাদি ইত্যাদি.. অনেক মনেসজা আৰু সমাজ ধ্বংসকাৰী ব্যাখ্যা প্ৰচাৰ কৰি পাবতগজা সংস্থা কিছুমানে ৰাইজক বিভ্ৰান্ত কৰি আছে৷ বেজবৰুৱাই তেওঁৰ “দামোদৰদেৱৰ ধৰ্মমত” নামৰ নিবন্ধটোৰ দ্বাৰা যুক্তি তথ্যৰে তাহানিতে প্ৰতিপন্ন কৰি দিছিল যে, “দামোদৰদেৱৰ ধৰ্ম শংকৰদেৱৰ প্ৰচাৰিত ধৰ্মৰে একেই, তেহেলৈ আজিকালি কোনো কোনো দামোদৰীয়াই যিহকে কওক৷” দামোদৰদেৱ আছিল শংকৰদেৱৰ ব্ৰাহ্মণ শিষ্য ৰামৰাম গুৰুৰ শৰণীয়া অৰ্থাৎ শংকৰদেৱৰ প্ৰশিষ্য (শিষ্যৰ শিষ্য)৷ অনুসন্ধিৎসু পাঠকে আৰু অধিক জানিবৰ বাবে বেজবৰুৱা ৰচনাৱলীৰ পঞ্চম খণ্ড মোকোলাই চাব পাৰে৷

     শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ প্ৰতিষ্ঠা:— বিশেষকৈ দামোদৰদেৱে তদানীন্তন পৰিস্থিতিত “অনিবাৰ্য্য আপোচ” (এই শব্দযুগল ড°গোহাইৰ) কৰি ব্ৰাহ্মণ্য কৰ্মকাণ্ডক ব্ৰহ্মসংহতিৰ সত্ৰৰ সুৰুঙাৰে শংকৰদেৱৰ ধৰ্ম পৰম্পৰাত সোমাবলৈ বাট কাটি দিয়া কথাটো ইতিমধ্যে উল্লেখ কৰা হৈছেই৷ এনে আপোচে গুৰুধৰ্মক পাছলৈ ঠেলিব বুলি নাৰায়ণ ঠাকুৰ আতা আৰু মাধৱদেৱে প্ৰথমৰ পৰাই প্ৰতিকাৰৰ ব্যৱস্থা কৰি গৈছিল৷ কিন্তু, ব্ৰহ্মসংহতিৰ সত্ৰসমূহে লাভ কৰা ৰাজপৃষ্ঠপোষকতা, ব্ৰাহ্মণ সমাজৰ সমৰ্থন আৰু সত্ৰৰ ৰাজকীয় ব্যৱস্থাপনাৰ মোহৰ পৰা বেছি সংখ্যক ভক্ত ৰাইজক তেওঁলোকে আঁতৰাই নিব নোৱাৰিলে৷ ফলশ্ৰুতিত, দামোদৰদেৱৰ আচাৰ নীতিৰে একশৰণ নামধৰ্ম পালন কৰা শিষ্যৰ সংখ্যা  সৰ্বাধিক হৈ পৰিল৷ শেহতীয়াকৈ, বিভিন্ন পৰিঘটনাৰ ফলশ্ৰুতিত ১৯৩০ চনত নগাঁৱত স্বাধীনতা সংগ্ৰামী হলধৰ ভূঞা, ৰমাকান্ত মুক্তিয়াৰ আতা, গোপীকাবল্লভ গোস্বামী আদি কেইজনমান দায়িত্বশীল বৈষ্ণৱ পণ্ডিতৰ প্ৰচেষ্টাত শ্ৰীমন্তশঙ্কৰদেৱ সংঘ প্ৰতিষ্ঠা হ’ল আৰু তেতিয়াৰ পৰা সংঘই শংকৰী শুদ্ধ নীতি আদৰ্শ দেখুৱাই ভকত বৈষ্ণৱক মূল ৰাস্তালৈ ওভোতাই নিয়াৰ যত্ন কৰি আছে৷ একেধৰণৰ কাম কৰি আছে আচাৰ্য ইলাৰাম দাসে প্ৰতিষ্ঠা কৰা ভাগৱতী সমাজেও৷ কিন্তু, বাস্তৱত দেখা গৈছে যে সংঘৰ সংগীসকলে অধিক গুৰুত্ব দান কৰিছে নিজে তৈয়াৰ কৰা সংবিধানখনৰ আচাৰ বিচাৰবোৰক আখৰে আখৰে পালন কৰাটোতহে৷ বাহ্যিক আচাৰ অনুষ্ঠান, ৰাজকীয় সভা সমিতি আয়োজন, সাংগঠনিক কামকাজ আদিত অত্যধিক সময় আৰু অৰ্থ ব্যয় কৰা সংঘৰ সংগীসকলে কিমান দূৰ পৰমাৰ্থ আহৰণ কৰিব পাৰিছে সেয়া মূল্যায়নৰ সময় হৈ পৰিছে৷ অনাসংঘৰ বামুণীয়া আৰু জনজাতি জনগোষ্ঠীয় সমাজৰ লগত শংকৰদেৱ সংঘৰ অনেক বিবাদ দ্বন্দ্ব সময়ে সময়ে সূত্ৰপাত হৈছে আৰু তেনে পৰিস্থিতিত সংঘৰ অনমনীয় স্থিতিয়ে বহুসময়ত শংকৰদেৱৰ উদাৰনৈতিক আদৰ্শকহে নষ্ট কৰিছে বুলি সমালোচনা উঠিছে৷ গুৰুজনাৰ অনবদ্য সাহিত্য শিল্প সংস্কৃতি আৰু উদাৰনৈতিক আদৰ্শ তথা মানৱতাবাদক এৰি আমি কোনোটো পক্ষ ভাল বৈষ্ণৱ হ’ব নোৱাৰিম— সেয়া সকলোৱে মনত ৰখা উচিত৷

    অসম বৈদিক বৈষ্ণৱ মহাসভাৰ প্ৰতিষ্ঠা:— অসম বৈদিক বৈষ্ণৱ মহাসভাৰ সংবিধানত লিখা আছে যে, “পঞ্চদশ শতিকাত অসমৰ বৈষ্ণৱ গুৰুসকলে প্ৰৱৰ্ত্তন কৰা নৱ বৈষ্ণৱ ধৰ্মৰ বেদপন্থা অৱলম্বনকাৰী লোক সকলে অসমৰ বিভিন্ন ঠাইত বেলেগ বেলেগ নামেৰে বিক্ষিপ্তভাৱে সংগঠিত হৈ আছিল৷ এই সকল লোকক সংগঠিত কৰা উদ্দেশ্যে কেইজনমান গুণী-জ্ঞানী আৰু দূৰদৰ্শী ব্যক্তিৰ প্ৰচেষ্টাত (১৯৯৫ চনৰ ৯ এপ্ৰিল) ২৫ চ’ত ১৪০১ ভাস্কৰাব্দ তাৰিখে শোণিতপুৰ জিলাৰ জামুগুৰীৰ সৰুভগীয়া নামঘৰত “অসম বৈদিক বৈষ্ণৱ মহাসভা” নামেৰে এই ৰাজ্যিক সংগঠনটিৰ জন্ম দিয়া হয়৷” মহাসভা গঠনৰ এই উদ্দেশ্যই যথাৰ্থতে ইংগিত দিয়ে যে শংকৰী বৈষ্ণৱ আদৰ্শৰ লগতে ব্ৰাহ্মণ্য ৰীতিনীতি, আনকি ঠাই বিশেষে বৈদিক ক্ৰিয়া কাণ্ডৰো স্থিতি স্বীকাৰ কৰি ধৰ্মীয় জীৱন পালন কৰা ৰাইজক ঐক্যবদ্ধ কৰিবলৈ এই সংগঠনৰ জন্ম হৈছে৷ এইফালৰ পৰা চাবলৈ গ’লে বৈদিক বৈষ্ণৱ মহাসভাই অনুসৰণ কৰা ধৰ্মাদৰ্শটো দামোদৰদীয় বা ব্ৰহ্মসংহতিৰ আদৰ্শৰ পৰা ধাৰ কৰা৷ কাজেই বৈদিক বৈষ্ণৱ মহাসভাই দামোদৰদেৱে কোৱাৰ দৰে “বেৰা দিয়া ভকতি” কৰাৰ পক্ষপাতী৷ কিন্তু, বেৰা দিয়া ভকতিৰ মৰ্মাৰ্থ নুবুজি বৈদিক বৈষ্ণৱ পন্থাত ব্ৰাহ্মণ্য কৰ্মকাণ্ডৰ অনুমতি আছে বুলি ভাবি হাঁহ ছাগ লৈ ৰাইজে গোঁসানী পূজাত ভিৰ কৰিলেগৈহে হিতে বিপৰীত হ’ব৷ দুবছৰমানৰ পূৰ্বে বৈষ্ণৱ পীঠ মাজুলীতে দেৱী পূজা আৰম্ভ কৰিবলৈ ৰাইজক প্ৰৰোচিত কৰিছিল স্বয়ং ব্ৰহ্মসংহতিৰ সত্ৰ দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ গৰাকীয়ে নিজেই৷ মনকৰিবলগীয়া যে, “বৈদিক বৈষ্ণৱ” শব্দ যুগলৰো সম্বন্ধ শংকৰী যুগৰ লগত তেনেই কম, বৰং প্ৰাক্ শংকৰী যুগৰ ব্ৰাহ্মণ্য ৰীতিৰে বিষ্ণু পূজা কৰা বিক্ষিপ্ত সমাজখনৰ লগতহে জড়িত অধিক৷ আনহাতে, বৈদিক বৈষ্ণৱ বুলি কওঁতে অবৈদিক বৈষ্ণৱ কৰবাত আছে নেকি বুলিও প্ৰশ্ন এটা আহে৷ গতিকে, 'বৈদিক বৈষ্ণৱ' অভিধাটো অসমৰ নামঘৰকেন্দ্ৰিক সমাজখনৰ পটভূমিত একেবাৰে নতুন আৰু কিছু বিতৰ্কিত৷ বৈষ্ণৱ মানেই বৈদিক ৷ ব্ৰাহ্মণ্য ৰীতিনীতি এৰি ভক্তিমাৰ্গত চলা নামঘৰকেন্দ্ৰিক সমাজখনো বৈদিক বৈষ্ণৱ সমাজ৷ দামোদৰীয়া নীতিৰে “বেৰা দিয়া ভকতি কৰা” অৰ্থাৎ ব্ৰাহ্মণ্য কৰ্ম আৰু শংকৰী আদৰ্শ মিহলি কৰি চলা সমাজখনে ভক্তিমাৰ্গৰ ভকতসকলক অবৈদিক বুলি সন্দেহ কৰে৷ তাৰ ভিত্তি হিচাপে মাধৱপুৰুষৰ এই ঘোষা ফাকি মাতে—
 “মাধৱে বোলন্ত শ্ৰুতি স্মৃতি / মোৰ আজ্ঞাবাণী জানা নিষ্ঠ / যিটোজনে আক উলংঘিয়া প্ৰৱৰ্ত্তয় / ভৈল সিতো মোৰ আজ্ঞাছেদী / মোক দ্বেষ কৰিলেক অতি / মোৰ ভক্ত হন্তো বৈষ্ণৱ সিটো নহয়৷৷”  

কিন্তু, শ্ৰুতি স্মৃতিৰ আজ্ঞাবাণীনো কি? সেয়া হ’ল—
“কৃতে যদ্ধ্যায়তো বিষ্ণুং ত্ৰেত্ৰায়াং যজতো মখৈঃ৷ দ্বাপৰে পৰিচৰ্যায়াং কলৌ তদ্ধৰিকীৰ্ত্তনাৎ৷৷” 

অৰ্থাৎ— “সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ / দ্বাপৰ যুগত পূজা / কলিত হৰিৰ কীৰ্ত্তন বিনাই / আৰৱ নাহিকে দুজা৷”

এইখিনিতে আমি ক’ম— ভাগৱতৰ দ্বিতীয় স্কন্ধত উল্লেখ আছেই যে—
“সংসাৰ তৰণ পথ আছে অসংখ্যাত।
অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাত।।
শ্ৰৱণ-কীৰ্ত্তন কৰি কৃষ্ণক আৰাধে।
মহামোক্ষ সাধে একো বিঘিনি নবাধে।৷”

সংসাৰ তৰণৰ সহজ পথ, জটিল পথ অনেক আছে—  গতিকে, যি যাক সুবিধা বুলি ভাবে তেনেকৈয়ে চলক৷ ইতিমধ্যেই চাৰি সংহতিৰ মাজত বিভক্ত হৈ পৰিল যদিও গুৰুধৰ্মৰ মূল পৰিকাঠামোটো ধ্বংস হৈ যোৱা নাই ; সি সেইদৰেই বৰ্তি থাকক৷ সহনশীলতা আৰু সহাৱস্থানৰ মাজেৰে সমাজ আগবাঢ়ক৷  

       সত্ৰীয়া নৃত্য নে শংকৰী নৃত্য:— সুধাকণ্ঠ ভূপেন হাজৰিকা ভাৰতৰ সংগীত নাটক অকাডেমীৰ অধ্যক্ষ হৈ থকাৰ কালত অকাডেমীৰ পৰা শাস্ত্ৰীয় নৃত্য হিচাপে মৰ্যাদা লাভ কৰা সত্ৰীয়া নৃত্য শৈলীৰ নাম আচলতে সত্ৰীয়া নে শংকৰী নৃত্য হোৱা যুক্তিযুক্ত, তাক লৈ এটা বিতৰ্ক আজিও চলি আছে৷ সত্ৰীয়া নৃত্যৰ 'সত্ৰীয়া' শব্দটো 'সত্ৰ'ৰ পৰা আহিছে। সত্ৰীয়া মানে সত্ৰস্থ বা সত্ৰৰ পৰম্পৰাগত নৃত্য শৈলী৷ বিশেষকৈ, উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্তশঙ্কৰদেৱ সংঘই এই নৃত্যক শংকৰী নৃত্য হোৱাহে যুক্তিযুক্ত বুলি কৈ আহিছে৷ কাৰণ, শ্ৰীমন্তশঙ্কৰদেৱ সংঘই বিশিষ্ট পণ্ডিত সোণাৰাম চুতীয়াৰ দিনৰ পৰাই সত্ৰ নামৰ বিষয়টোৱেই শ্ৰীমন্তশঙ্কৰদেৱৰ বস্তু নহয় আৰু সত্ৰত সুৰক্ষিত হৈ থকা সমস্ত নৃত্য গীত নাট্য শংকৰদেৱৰহে সৃষ্ট বুলি ধাৰণা এটা কৰি আছে আৰু এই ভুল ধাৰণা সোনকালেই পৰিত্যাগ কৰাটো জাতিৰ বাবে মঙ্গলজনক৷ সত্ৰ নিতান্তই শ্ৰীমন্তশঙ্কৰদেৱৰ সৃষ্টি আৰু তেৰাৰ অনুগামী দামোদৰদেৱৰ হাতত সত্ৰই তাৰ বিশিষ্ট ৰূপ লাভ কৰিছিল৷ গতিকে, সত্ৰীয়া নৃত্য মানেই শংকৰী নৃত্য আৰু বৰ্তমান এইদৰেই ই দেশেবিদেশে পৰিচিত৷ দ্বিতীয়তে, গুৰুজনাৰ তিৰোভাৱৰ পাছতে তেৰাৰ একশৰণীয়া নাম ধৰ্ম, সংহতি বিভাজনত বহুধাবিভক্ত হৈ পৰিছিল আৰু প্ৰতি সংহতিৰে আদিপুৰুষজনাৰ আৰ্হি প্ৰণালীৰে ভিন ভিন সত্ৰও গঢ়ি উঠিছিল৷ এই সত্ৰবোৰ শ্ৰীমন্তশঙ্কৰদেৱৰ মূল ধৰ্মপ্ৰেৰণাতে গঢ়ি উঠিছিল আৰু তাত প্ৰধানকৈ তেৰাৰ সাহিত্য সংগীত নাট ভাওনা শিল্প কলাৰে নিৰলস চৰ্চা হৈছিল৷ যিহেতু সংগীত সাহিত্য কলা— এইবোৰ বোৱতী নৈৰ দৰে সৃষ্টিশীল কৰ্ম, গতিকে গুৰুজনাৰ প্ৰেৰণাত পৰৱৰ্তী গুৰু, সত্ৰাধিকাৰ, বৈষ্ণৱ সন্ত মহন্তসকলেও অনেক গীত পদ নৃত্য সৃষ্টি কৰিছিল আৰু পূৰ্বৰ খিনিৰো সংবৰ্দ্ধন, সংৰক্ষণ কৰিছিল৷ গতিকে, এইক্ষেত্ৰত সত্ৰীয়া নৃত্য নামটো অপ্ৰাসঙ্গিক নহয়৷ কিন্তু, বহুসময়ত আমি গাঁৱেভূঞে শংকৰী শব্দটোৰ বিকল্প বা সমাৰ্থক হিচাপে সত্ৰীয়া শব্দটো সকলোতে যে ব্যৱহাৰ কৰিব নোৱাৰোঁ সেয়াও হয় ৷ যেনে— শংকৰী সাহিত্য, শংকৰী কলাকৃষ্টি কেন্দ্ৰ, শংকৰী ধৰ্ম ইত্যাদি৷ গতিকে, এই নৃত্য শৈলীৰ নাম শংকৰী নৃত্য বা সত্ৰীয়া নৃত্য— দুয়োটা নামেৰেই স্বীকৃত হ’লে উত্তম৷ ভাৰত বোলক বা ইণ্ডিয়া বোলক দেশ একেখনেই৷ 

     নামঘৰ, হৰিগৃহ নে হৰিমন্দিৰ:— আজিকালি, গাঁৱেভূঞে থকা সকলো নামঘৰতে বাটচ’ৰাত নামঘৰটিৰ নাম খোদিত কৰি ৰখা নিয়ম হ’ল৷ ক’ৰবাত যদি আমুক নামঘৰ বুলি লিখিছে, আন কৰবাত আকৌ তামুক হৰিমন্দিৰ বুলিহে লিখিছে৷ মানুহ বিভ্ৰান্তিত পৰে— আচলতে কোনটো শুদ্ধ৷  শংকৰ-মাধৱ গুৰুদুজনাই একশৰণীয়া বৈষ্ণৱসকলৰ উপাসনা গৃহটিক বুজাবলৈ নিজে হৰিগৃহ শব্দটিহে ব্যৱহাৰ কৰিছিল৷ (হৰিৰ গৃহ দ্বাৰে, বেত্ৰৰ প্ৰহাৰ যােগ্য, ব্রহ্মা ইন্দ্ৰ আদি দেৱ ঝাক। হেনয় দ্বাৰত বেত্র, প্ৰহাৰ পাইবাৰ যােগ্য, উঁও আমি কমন বৰাক৷— নামঘোষা৷) পৰৱৰ্তীকালতহে নামঘৰ বা কীৰ্তন ঘৰ শব্দ দুটি ব্যৱহাৰ হৈছিল৷ আনহাতে, হৰিমন্দিৰ শব্দটো বংগীয় বৈষ্ণৱ চৈতন্য পন্থী সকলেহে ব্যৱহাৰ কৰে৷ পৰবৰ্তী সময়ত শব্দটো চেগাচোৰোকাকৈ ব্ৰহ্মসংহতিৰ ভকতসকলেও ব্যৱহাৰ কৰিবলৈ ল’লে৷ হৰিমন্দিৰৰ মণিকূটত বিষ্ণুৰ বিগ্ৰহ প্ৰতিষ্ঠা কৰা হয় আৰু নিয়মীয়াকৈ বামুণীয়া ৰীতি পৰম্পৰাত পূজা অৰ্চনা কৰা হয়৷ নামঘৰ বা কীৰ্তন ঘৰৰ মণিকূটৰ থাপনাত কীৰ্তন পুথি বা ভাগৱত শাস্ত্ৰক প্ৰতিষ্ঠা কৰা হয়৷ গতিকে, গাঁৱৰ হৰিগৃহবোৰৰ মণিকূটত থাপনা থকাৰ বৈশিষ্ট্যলৈ লক্ষ্য কৰি সেইসমূহক নামঘৰ বা কীৰ্তনঘৰ বোলাহে যুগুত৷  ব্ৰহ্মসংহতিৰ সত্ৰৰ হৰিগৃহৰ মণিকূটত বিগ্ৰহৰ পূজা অৰ্চনা কৰাৰ বৈশিষ্ট্যলৈ চাই সেইসমূহকহে ইচ্ছা কৰিলে হৰিমন্দিৰ বুলিব পাৰে৷ কিন্তু তেনে ইচ্ছা অনুভৱ ব্ৰহ্মসংহতিৰ সত্ৰ সমূহে কোনো দিন প্ৰকাশ কৰা নাই৷

       শংকৰদেৱ বিদ্বেষ:— শংকৰদেৱ বিদ্বেষ আজিও শেষ নহ’ল৷ তেৰাই নিজৰ জীৱনকালত বিদ্বেষীসকলৰ পৰা যমৰ যাতনা পাইছিল৷ পুনৰুল্লেখ নিষ্প্ৰয়োজন৷ আজিও অলপতে শংকৰদেৱক বিতৰ্কলৈ টানি আনি কাঠগৰাত উঠোৱা লোক সমাজত পিনাপিনি কৰি ফুৰিছে৷ এনে গোটদিয়েক নেতৃস্থানীয় গঞা ভকত বৈষ্ণৱ, ব্ৰাহ্মণ পুৰোহিত আৰু সত্ৰৰ গোঁসাই, মহন্ত আকৌ ওলাইছে যি সত্ৰ বিশেষক মানে কিন্তু শংকৰক নামানে৷ শংকৰদেৱ তেওঁলোকৰ গুৰুৰো গুৰু, অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, সত্ৰ আৰু নামঘৰকেন্দ্ৰিক সমাজখনৰ আত্মাশক্তি অথচ তেওঁলোকে ন্যস্তস্বাৰ্থত শংকৰদেৱক তুচ্ছতাছিল্য কৰি সামগ্ৰিকভাৱে জাতিৰ আত্মাত আঘাত হানি আছে৷ বিংশ শতিকাৰ এগৰাকী সুপ্ৰসিদ্ধ পণ্ডিত ড°সুনীতি কুমাৰ চট্টোপাধ্যায়ে কৈছে, “ ভাৰতবৰ্ষই জন্ম দিয়া সৰ্বশ্ৰেষ্ঠ ধৰ্মগুৰু সকলৰ ভিতৰত প্ৰশ্নাতীতভাৱে শংকৰদেৱো এজন; আৰু শংকৰাচাৰ্য, ৰামানুজাচাৰ্য, বাসাভাপ্পা, ৰামানন্দ, কবীৰ, চৈতন্য, মীৰাবাই, গুৰু নানক আৰু তুলসীদাসৰ লগত তেওঁৰ নাম একেলগে উল্লেখনীয়৷” বিংশ শতিকাৰ আন এজন প্ৰাচ্যতত্ত্ববিদ ড° বাসুদেৱশৰণ অগ্ৰৱালে কৈছে,“ কবি আৰু স্ৰষ্টা অনেক আছে, অনেক আছে সন্ত আৰু ধৰ্মগুৰু, সংগীত-বিষাৰদ আৰু ধৰ্ম প্ৰচাৰকো অনেক আছে৷ কিন্তু শংকৰদেৱ হ’ল এনে এক মহৎ প্ৰতিভা যাৰ অকলশৰীয়া ব্যক্তিত্বৰ মাজত এই সকলো গুণৰ সমাহাৰ হৈছিল৷” কাকা কালেলকৰৰ দৰে বিদ্বানে কৈছিল, “তেওঁ পূবৰ নহয়, সমগ্ৰ ভাৰতৰ এগৰাকী মহাপুৰুষ৷” বেজবৰুৱাই কৈছে, “শংকৰদেৱ নাই মানে আমাৰ নিজৰ বুলিবলৈ একো নাই৷” জ্যোতিপ্ৰসাদে কৈছে, “তেওঁৰ নিচিনা বৈপ্লৱিক দৃষ্টিৰ সংস্কৃতি স্ৰষ্টা সেই সময়ৰ ভাৰতৰ কথা নকওঁৱেই পৃথিৱীৰ ভিতৰতে বিৰল৷” যতীন্দ্ৰনাথ দুৱৰাই কৈছে, “তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্য কাৰ / গোটেই অসমভূমি বিস্তৃত জীৱনী যাৰ৷” ৰাভাই শংকৰদেৱক সমাজ বিপ্লৱৰ আদৰ্শ হিচাপে গন্য কৰি কৈছিল, “শুনা শুনা শুনা / শুনা হেৰা ভাই / মহান কলাকাৰ শংকৰ আমাৰ / হওক আমাৰ আৰ্হি বিপ্লৱৰ৷” গুৰুজনাৰ সন্দৰ্ভত ব্ৰহ্মসংহতিৰ প্ৰভাৱশালী সত্ৰ আউনীআটীয় সত্ৰাধিকাৰ ড°পীতাম্বৰদেৱ গোস্বামীয়ে বাতৰি কাকতত প্ৰকাশ কৰা “মণিকাঞ্চন সন্ধানৰ যাত্ৰা” নামৰ চমু লেখা এটাত  কৈছে, “... এনেয়ে আধ্যাত্মিক সত্তাৰ চিৰসৌধ শংকৰদেৱ নিজে প্ৰজ্ঞাৰ অধিকাৰী, কিন্তু জ্ঞানৰ পূজাৰী মাধৱদেৱ তেৰাৰ লগত সংলগ্ন হোৱাত  দুই প্ৰজ্ঞাই দিলে বিশেষৰ সন্ধান৷ এই সন্ধানত আছে অসমৰ বৈষ্ণৱ সংস্কৃতিৰ আত্মা৷ আছে বৌদ্ধিক বিকাশৰ পৰিচয়, আছে সাংস্কৃতিক পৰিশীলিত ৰূপ, আছে আগম নিগমৰ স্বৰূপ, নিৰ্বাণ- অনিৰ্বাণৰ লক্ষ্য, আছে গুৰু, দেউ, নাম, ভকতৰ স্থিতি আৰু ইয়াৰ চৰ্চাৰ অনুশীলন৷ ইয়েই আছিল মাজুলী সত্ৰৰ দোকমোকালি৷” গতিকে, নতুন প্ৰজন্মই কথাবোৰ স্ববিবেকেৰে ভাবি শংকৰক প্ৰাপ্য মান সৎকাৰ নিশ্চয় দিব৷

     এঘৰীয়া সত্ৰ:— সত্ৰ এক উদ্দেশ্যপূৰ্ণ প্ৰতিষ্ঠান আৰু ইয়াৰ নিৰ্দিষ্ট আনুষ্ঠানিকতা আছে৷ ঐতিহ্যপূৰ্ণ নামঘৰ, সত্ৰাধিকাৰ ঘৰ, ভকত বৈষ্ণৱৰ ঘৰ, সত্ৰীয়া শিল্প-সংগীত-নৃত্য-নাট্যৰ নিয়মীয়া অনুশীলনৰ ব্যৱস্থা, চৈধ্য প্ৰসংগ, গুৰুকেইজনাৰ তিথি, উৎসৱ, নাট ভাওনাৰ আয়োজন, শিষ্য সমাজেৰে সু-সমন্ধ, গুৰুধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ আন্তৰিক প্ৰচেষ্টা, সাত্ত্বিক জীৱন চৰ্চা, আধ্যাত্মিক উৎকৰ্ষ সাধনৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত থকা আৰু সুনিৰ্দিষ্ট ইতিহাস ঐতিহ্য থকা মহত্ত্বপূৰ্ণ বৈষ্ণৱ তীৰ্থক্ষেত্ৰবোৰেই হ’ল সত্ৰ৷ অৰ্থাৎ গুৰু, দেৱ, নাম, ভকত— যাক সত্ৰৰ চাৰি খুঁটি বুলি কোৱা হয়, সেয়া একত্ৰে থাকিব লাগিব আৰু সত্ৰীয়া শিল্প সংস্কৃতি চৰ্চাৰে অনুষ্ঠানটোক জীৱন্ত ৰূপত ৰাইজে দেখি থাকিব লাগিব৷ কোনোবাই মন কৰিলেই, ভেন্সাৰ স্কুলৰ দৰে সত্ৰ পাতো বুলি পাতিব পৰা বস্তু নহয়৷ কিন্তু আজিকালি এনে এটা পৰম্পৰা আৰম্ভ কৰিছে যে গোসাঁই, মহন্তৰ গৃহ মানেই সত্ৰ! একাংশ গোসাঁই মহন্তই মূল সত্ৰৰ পৰা পাৰিবাৰিক কাৰণত পৃথক হৈ আহি নগৰ চহৰত ঘৰ এখন বান্ধিছে আৰু তেওঁলোকেও পদূলিত কৰাপাট এটি সাজি অমুক সত্ৰ, তমুক সত্ৰ বুলি “এঘৰীয়া সত্ৰ” পাতি ৰাইজক আধ্যাত্মিক প্ৰবঞ্চনা কৰিছে৷ সেইবোৰ সত্ৰত তিনি চাৰিজনীয়া তেওঁলোকৰ নিজা পৰিয়ালটোৰ বাদে সত্ৰৰ তত্ত্ব আৰু সত্ৰীয়া সাহিত্য শিল্প সংস্কৃতিৰ চুলি এডালো পাবলৈ নাই৷ অথচ, সত্ৰ মহাসভাৰ দৰে সংস্থাৰ স্বীকৃতিও বহুতে আদায় কৰিছে আৰু চৰকাৰৰ পৰা বৃহৎ অংকৰ অনুদান আদায় কৰি লৈছে৷ এনে অনৈতিক পদ্ধতিৰে তেওঁলোকে ব্যক্তিগত বিলাসিতা সহজ কৰি লৈছে হয়, কিন্তু সমাজক একো দিব পৰা নাই৷ ইয়াৰ দ্বাৰা সত্ৰ-ঐতিহ্যৰ বিকৃতি হৈছে আৰু অপৰাধে স্বীকৃতি লভিছে৷ এনে অসৎ পৰম্পৰা সোনকালেই বন্ধ হ’ব লাগে৷ সত্ৰমহাসভা আৰু সজাগ ৰাইজে বিষয়টোৰ গুৰুত্ব বুজিব৷

       সত্ৰৰ গৰিমা হ্ৰাস হৈছে নেকি:—  সংঘৰ বিষয়বাবত থকাৰ কালত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াই এবাৰ কৈ পেলাইছিল— আগন্তুক দহ বছৰত অসমৰ পৰা সত্ৰবোৰ নোহোৱা হৈ যাব৷ এই লৈ বহুদিনলৈ বিতৰ্ক চলিছিল৷ আজি শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ বিশাল জনপ্ৰিয়তাৰ পাছতো কিন্তু সত্ৰবোৰ নোহোৱা হৈ নগ’ল, কিন্তু তাহানিৰ গৌৰৱ গৰিমা যে বহু পৰিমাণে কমিল— সেয়া শুদ্ধ ৷ তাৰ কেইটামান কাৰণ হ’ল— 
১/ একাংশ সত্ৰৰ সত্ৰাধিকাৰ আৰু আবাসী ভকতসকলৰ মাজত বা সত্ৰৰ পৰিচালনা সমিতিৰ মাজত বৃদ্ধি হোৱা আভ্যন্তৰীণ সংঘাত, আইনী যুঁজ৷ 
২/ সকলো সংহতিৰ সত্ৰৰ মাজত সম্প্ৰীতি আৰু ঐক্যবদ্ধ কৰ্মসূচীৰ অভাৱ৷
৩/ সত্ৰীয়া বা শংকৰী শিল্প সংস্কৃতি আৰু তত্ত্ব দৰ্শনৰ চৰ্চাতকৈ নামত সত্ৰৰ ভকত বৈষ্ণৱ হৈ বা সত্ৰৰ বিষয় বাব গ্ৰহণ কৰি সত্ৰীয়া পৰম্পৰাৰ লগত সমন্ধহীন বেপাৰ বানিজ্যত ওৰে দিন লাগি থকা৷ 
৪/ ধৰ্ম আৰু শিল্প সংস্কৃতিৰ প্ৰচাৰলৈ পিঠি দি সত্ৰৰ নামত ৰাজ্যিক সংঘ, সংস্থা গঠন কৰি আকৌ বিভক্ত হোৱা, সংঘাটত লিপ্ত হোৱা, ক্ষমতাৰ যুঁজত লাগি থকা কাণ্ডবোৰ৷
৪/উদাসীন বহু সত্ৰত সত্ৰৰ নৈমিত্তিক প্ৰসংগ আৰু কৰ্মসূচীবোৰ চলাবলৈকে ভকত বৈষ্ণৱৰ অভাৱ হৈছে৷ সত্ৰাধিকাৰৰ অৱহেলা আৰু সত্ৰ পৰিচালনাৰ অদক্ষতাৰ বাবে উদাসীন সত্ৰৰ সৰহ সংখ্যক ভকতেই সত্ৰ পৰিত্যাগ কৰি আঁতৰি গৈছে৷ 
৫/ বহু ভকত বৈষ্ণৱ আৰু সত্ৰাধিকাৰৰ মিছা ভেম, অধ্যয়নহীনতা, গোড়ামি, বৰ্ণবাদী চিন্তা, অপৰিষ্কাৰ মন আদিৰ বাবেও সত্ৰৰ প্ৰকৃত সৌষ্ঠৱ আৰু গুণমান নষ্ট হৈছে৷ 
৬/ কাঠফুলাৰ দৰে গঢ়ি উঠা কিছুমান ভূৱা সত্ৰইও প্ৰকৃত সত্ৰ সমাজৰ গৰিমা হ্ৰাস কৰিছে৷
৭/ উন্নত স্থাপত্যৰে গঢ়া হ’লেও মৰিশালিত প্ৰাণ নাই৷ ঠিক একেদৰে চৰকাৰী বৃহৎ অনুদানেৰে সত্ৰবোৰ আজি পুনৰ্নিমাণ কৰি জিলিকাই তোলা হৈছে যদিও সত্ৰীয়া কাৰ্য্যসূচীবিহীন সৰহভাগ সত্ৰৰ পৰিৱেশ নিমাওমাও, মৰিশালি সদৃশ৷

       শাক্ত সত্ৰ:—শাক্ত সত্ৰ শিৰোনামটোৱেই কিছু আমোদজনক৷ সত্ৰ সমূহে কৃষ্ণ সংস্কৃতি বিকাশ কৰিবৰ বাবে প্ৰয়াত তৰুন গগৈ চৰকাৰৰ আমোলত কিছু বিত্তীয় অনুদান লাভ কৰিছিল৷ গোলাঘাটৰ ফালৰ পৰ্বতীয়া গোসাঁইখ্যাত কোনো এজন শাক্ত গোস্বামীয়ে নিজৰ এটা শাক্ত পন্থাৰ অনুষ্ঠানক নিশাটোৰ ভিতৰতে সত্ৰ সজাই এঘাৰ লাখমান টকা আজুৰি আনিছিল৷ এই লৈ বাতৰি কাকতত এক নতুন বিতৰ্কৰ সূত্ৰপাত হ’ল৷ পিছে, গোস্বামীয়ে দুৰ্যোধনৰ ভাও দি কাকতত প্ৰত্যাহ্বান জনালে যে শাক্ত সত্ৰ থাকিব নোৱাৰে নেকি? তেওঁৰ মনোভাৱটো আছিল দস্তুৰমত শাক্ত সত্ৰ থাকিব পাৰে আৰু সেই সত্ৰবোৰেও উন্নয়নমূলক আঁচনিৰ ধন পাব লাগে৷ তেওঁৰ সেই দম্ভালি আৰু অনৈতিক দাবীৰ মূলতে আছিল সহজ ধনৰ লোভ আৰু বৰ্ণবাদী অহমিকা৷ এতিয়া প্ৰশ্ন হ’ল সঁচাকৈ শাক্ত সত্ৰ থাকিব পাৰে নেকি? আছে নেকি কৰবাত? আমি জানো শাক্ত পন্থা হিন্দু ধৰ্মৰ এটা অন্যতম শাখা আৰু এই শাখাত দেৱীয়ে হৈছে পৰম শক্তি আৰু সৰ্বোচ্চ ঈশ্বৰ৷ বলি বিধানেৰে দেৱী পূজা কৰা এই কৰ্মকাণ্ডী পৰম্পৰা একেশ্বৰবাদী একশৰণীয়া নিৰাকাৰ বিষ্ণু কৃষ্ণৰ উপাসক বৈষ্ণৱ ভক্তিধৰ্ম পৰম্পৰাৰ সম্পূৰ্ণ পৰিপন্থী শাখা৷ বৈষ্ণৱ গুৰুসকলে শাক্ত আৰু তান্ত্ৰিক পৰম্পৰাৰ গ্ৰাসৰ পৰা ৰাইজক উদ্ধাৰ কৰিবলৈকে পঞ্চদশ শতিকাত অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিছিল৷ এই লক্ষ্যত কাম কৰিবলৈকে সত্ৰ নামঘৰ আদি বৈষ্ণৱ অনুষ্ঠান সমূহৰ সৃষ্টি— পৃথিৱীয়ে জানে৷ সেইদিনা জনৈক গোস্বামীয়ে চৰম উদ্ধতালিৰে আত্ম স্বাৰ্থ পূৰণৰ বাবে সত্ৰক শাক্তকৰণ কৰিবলৈ উদ্যত হৈছিল৷ পিছে, যোৰহাটীয়া পণ্ডিত হেমচন্দ্ৰ শইকীয়াৰ অসমীয়া খবৰ কাকতত ওলোৱা অকাট্য যুক্তি সম্বলিত সমালোচনাৰ বাণত ধাৰাসায়ী হৈ গোস্বামীয়ে পলাই ফাট মাৰিলে৷ আনকি তেওঁ এই অপকৰ্মৰ বাবে অসম ব্ৰাহ্মণ সমাজৰ পৰাও ভৰ্ৎসনা পালে৷ যিনহওক, এনে নাভূত নাশ্ৰুত-দৃষ্টিভংগীৰে সমাজক বিপথগামী কৰোঁৱা, আৰু বহু লোক আমাৰ সমাজত আছে৷ মুঠতে, হে ৰাইজ! বাচি খাব জাগি শুব৷৷

সহায়ক গ্ৰন্থ—
১/বেজবৰুৱা ৰচনাৱলী (চতুৰ্থ, পঞ্চম খণ্ড)— সম্পাদনা নিত্য বৰা৷
২/হীৰেন গোহাঁই ৰচনাৱলী (দ্বিতীয় খণ্ড)— কথা ৷
৩/সমাজ নায়ক শংকৰদেৱ, ঐতিহাসিক প্ৰেক্ষাপট— ড°প্ৰফুল্ল মহন্ত৷
৪/শ্ৰীমন্তশঙ্কৰদেৱ, কৃতি আৰু কৃতিত্ব— শিৱনাথ বৰ্মন৷
৫/স্মাৰক গ্ৰন্থ, সেৱা ৰস সাৰ— সম্পাদকদ্বয় দিপক বৰা, ৰূপম দত্ত৷
৬/ভাওনা: ঐতিহ্য আৰু বিস্তৃতি— সম্পাদক কমল দত্ত৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)