আপোন-প্ৰশান্ত বাৰিক

Rinku Rajowar
0
আপুনি মোক আপোন বুলি কয় নেকি ?
অথবা
“মই আপোনাৰ আপোন”- এইবুলি ?
আপোন বুলি ন’কব 
কাৰণ মই জানো আপোনাৰ এক নিজা ৰং আছে -
তৰল ৰং ৷
দিন গ’লেই ৰং সলনি হয় আপোনাৰ,
বহুদিন ৰং নিদিয়া বটামী ঘৰটোৰ দৰে ৷
আপুনি মোৰ সুখবোৰ উৰুৱাই দিয়ে
ধোৱাৰ দৰে ৷
খবৰ বিলোৱা হকাৰৰ দৰে
বিলাই ফুৰে দুখবোৰ ৷
আপুনি সুখেৰে দুখী আৰু দুখেৰে সুখী হ’ব জানে
বাবেই আপুনি প্ৰমাণ কৰিব পাৰে
“আপোন পৃথিবীৰ শ্ৰেষ্ঠতম পৰ”৷
মোৰ অবৰ্তমানত আপুনি
বাৰে বাৰে প’ষ্টমৰ্টেম কৰে
মোক ৷
তথাপিও কামিজৰ দৰেই  থাকো
আপোনাক
মই জানো 
মই আপোনাৰ লাখৰ বুকুৰ 
সিকি আধলিও যে নহয় ৷
আপুনি বুলি ন’কব প্লীজ ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)