ওখ বিৰিখত হিমৰ মৃদু চুম্বন
উজ্জ্বল ৰ'দৰ কিৰণে স্পৰ্শ কৰে
বিত্তবানৰ ৰাজ অট্টালিকা
মনৰ বাগিচাত আনন্দৰ জোৱাৰ উঠে
নানাৰঙী ফুলৰ সুগন্ধিত প্ৰাণ পাই
নিভাঁজ সপোনৰ মধুময় ছবি
পুৱা গধূলিৰ চাহৰ পিয়লাত উষ্ণতা বাঢ়ে
বিলাসী ভাৱনাত উঁটি ভাঁহি যায়
উচ্চ অভিলাষী মনবোৰ
দামী গৰমী কাপোৰৰ উমাল পৰশত
নাচি উঠে হৰষিত মনৰ আকাশ
শীতৰ ছাঁয়াত কুঁহি মেলে নতুনৰ আশা
শীতৰ প্ৰকোপত বাঢ়ে দীনৰ নিৰ্জনতা
চেঁচা বতাহে বিধ্বস্ত কৰে সপোন
প্ৰচণ্ড জাৰত শৰীৰ টেঁটুৱৈ ধৰে
হৃদয়ত বিষাদৰ ঢেও মাৰে
নি:স্বৰ বুকুত লাগে বতাহৰ কাঁইট
জীৰ্ণ বস্ত্ৰত ৰচে জীৱনৰ গান
ঘড়ীৰ কাঁটাৰ টিক্ টিকনিত শীতৰ শব্দ শুনে
পলে অনুপলে ক্ষুধাৰ তাৰণাত ভোগে
শীতৰ সোপানে আঁতৰাই মনৰ আশা
একেই মানুহ একেই তেজৰ বৰণ
একেখন আকাশতে জ্বলে
জোন বেলি তৰা সকলো
নহয় কিন্তু সমান উষ্ণতাৰ ডিগ্ৰী
পৃথক মন পৃথক অনুভৱ
পৃথক সপোনৰ ৰঙত নাচে
গঙ্গা চিলনীৰ দেওলগা পাখি

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ