সকলো দামী হ'ল ,
ভোগালীৰো দাম বাঢ়িল বজাৰত,
কোনোৱে দৰদাম কৰে ভোগৰ,
তাতে আকৌ নতুন ট্ৰেণ্ড বজাৰত
কেৱল ভোগৰ
কেঁচা মঙহৰ ভোগ।
ৰৈ যোৱা ঠিকনাত শুভেচ্ছা দি
ভোগৰ গৰাহত হাত দিলোঁ
অশ্ৰুৱে শেলাই ধৰা
হৃদয়তো মৰমৰ দৰদাম
ধনী হ'ল সকলো,
টকাৰ ধনী ।
-ৰিম্পী বড়া
সাপেখাতী

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ