তাহানিৰ পৃথিৱীখন ৷
উৎকট আধুনিকতাই কবৰ দিলে
আপোন আপোন ভাৱবোৰত৷
হেৰাই গ’ল নিয়ৰ, কহুঁৱা
আৰু আহিনৰ জোন ৷
ল’ৰালিৰ জীপাল ছবিখন আৱদ্ধ হ’ল
আওপুৰণি কোনোবাটো কেনভাচত৷
যান্ত্ৰিক মনবোৰত কৃত্ৰিম ব্যস্ততাৰ প্ৰলেপে
পাহৰাই অনালে মিঠা গানৰ সুৰ ৷
আজি বিশ্বায়নৰ আস্বাদনত কেনিবা গ’ল
নীলাভ আকাশৰ নিৰ্মল বতাহজাক?
গছ- বিৰিখবোৰ পৰি ৰ’ল
সৃষ্ট হ’ল কংক্ৰিটৰ,
যান্ত্ৰিকতাৰ চেপা আৰ্তনাদত মৰিশালি হ’ল
তাহানিৰ সেউজ সুললিত আপোন গাঁওখন৷
যান্ত্ৰিকতাৰ সোঁতত উটি ভাঁহি গ’ল
হৃদয়ৰ অলেখ গান৷
ঘুৰাই বিচাৰোঁ এৰি অহা সময়বোৰ
এজাৰ ফুল নসৰা দিনৰ ৷
- শৰৎ ভৰালী
লখিমপুৰ, লালুক

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ