প্ৰকৃতি-ৰঙিলী লইং

Rinku Rajowar
0
য'ত হাজাৰ কুলাহলে শান্তিৰ গীত ৰচনা কৰে, শীতল পৰিৱেশৰ সৃষ্টি লগত ভৌতিকতাৰ সংমিশ্ৰণত সূৰ্য, চন্দ্ৰ, বায়ু,পানীও এক মহামিলনৰ থলী হিচাপে গণ্য কৰা হয়।

আমি সেউজ প্ৰেমী প্ৰাণী। গতিকে প্ৰাকৃতিক গুৰুত্বপূৰ্ণ ভূমিকাক অগ্ৰাধিকাৰ দিয়াৰ লগতে শান্তি প্ৰদান সৃষ্টি ৰাজিক জীৱ প্ৰাণৰ ৰক্ষা হেতু সু-স্বাস্থ্য তথা আক্ৰমণ আত্মক ৰুচিৰ পৰা হৃদয়ঙ্গম কৰিব হ'ল। এখন প্ৰদুষণ মুক্ত ঠাই তথা জাগতিক বিশ্বব্ৰহ্মাণ্ড সৃষ্টিত উশাহ নিশাহ ল'ব পৰাকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাতো সকলোৰে কাম্য।

প্ৰকৃতিয়ে কেৱল আমাক খাদ্য প্ৰণালী বা জীয়াই থকাত সহায় কৰাৰ বাহিৰেও এটা  সুস্থ সবল মন আৰু শৰীৰৰ একাধিক শক্তি বৃদ্ধি কৰে আৰু সৃষ্টি ৰাজি মনৰ বীজ ৰোপণ কৰে।

উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাকৈ ধ্বংস লীলা পূৰ্ণ গতিত হ্ৰাস কৰাৰ বাবেও প্ৰকৃতি পৰা হেৰুৱা জীৱ,মাটি, পাহাৰ পৰ্বত, নদ নদী আদি বিভিন্ন কাৰণত মৃত্যু পৰ্যন্ত ভবিষ্যত প্ৰজন্মৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়।

সাধাৰণতে মানুহে নাজানে যে যদি বিচৰা যায় তেন্তে অৰ্থ সামাজিক কল্যাণৰ হেতু ঘৰৰ কাষৰ কম মাটিতো  দীৰ্ঘ সময়ৰ বাবে যিবিলাক বৃক্ষ থাকে তাক ৰোপণ কৰিও এখন প্ৰদুষণ মুক্ত দেশ সৃষ্টি কৰিব পাৰি। য'ত অগৰু,চন্দন, নাৰিকল, আদিকে ধৰি বিভিন্ন ধৰণৰ চিন্তা ধাৰাৰে অৱগত কৰিব পাৰি। আৰু এটা সবল মনত সেউজ পৰিবেশৰ মাজত জীৱ প্ৰাণৰ ৰক্ষা হেতু পুষ্টিকৰ খাদ্য যোগান ধৰিব পৰা যাব।

এই সেউজ পৃথিৱী খনত বায়ু মণ্ডলৰ স্তৰে আবৰি আছে। আৰু সূৰ্যৰ পৰা অবিৰতভাৱে পৰা পোহৰেও প্ৰকৃতিত গছ লতিকা জীয়াই তোলাত শক্তি বৃদ্ধি কৰে।

প্ৰকৃতি অবিহনে কোনো জীৱ জীয়াই থকাতো সম্ভৱ নহয়। বানপানী, ভূমিকম্প আদিৰ পৰা ৰক্ষা পাবলৈও ইয়াক সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয়। উপযুক্ত পৰিবেশতহে জীৱ সৃষ্টি বৃদ্ধি আৰু বিকাশ ঘটিব পাৰি।

গতিকে প্ৰাকৃতিক দুৰ্যোগৰ ফলত গৰম বৃদ্ধি আদি বিভিন্ন কল কাৰখানা স্থাপন কৰিবলৈও সক্ষম নোহোৱা হৈছে। এটা সুস্থ সবল পৰিবেশতহে এটা জাতি বা এখন সমাজ গঢ়া অভিলেখ সৃষ্টি কৰিব পাৰি।
গতিকে প্ৰকৃতিক জীয়াই ৰাখিবৰ বাবে প্ৰতি দিনে গছ ৰোপণ কৰক আৰু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাতো আমাৰ সকলোৰে কৰ্ম তথা কাম্য।

   - ৰঙিলী লইং 
   বোকাখাত ৰজাবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)