সৃজনীশীলতা আৰু জুবিন গাৰ্গৰ সৃষ্টিৰ উৎকৃষ্টতা-ৰঞ্জন প্ৰতীম নেওগ

Rinku Rajowar
0
জুবিন গাৰ্গ নামৰ এক যুগদ্ৰষ্টাৰ মাতৃভূমি  অসম হোৱাটোৱেই বৃহত্তৰ অসমীয়া জাতিটোৰ কাৰণে সৌভাগ্যৰ কাৰণ । যিগৰাকী মহান শিল্পীসত্ত্বাই সদায় নিজৰ জীৱনৰ ঊৰ্ধত গৈ বিশ্বমানৰ সৃষ্টিৰাজি প্ৰায় ৩ দশকযোৰা অৱধিত আমাক উপহাৰ হিচাপে দিলে,‌সেইয়া আমাৰ সকলোৰে বাবে জীৱনযোৰা উপহাৰ । জুবিন দাৰ সৈতে তেওঁৰ অবৰ্তমানত কিছুমান শব্দ প্ৰয়োগেৰে তেওঁ নাই বুলি মানিবলৈ টান হৈছে। কিন্তু জুবিন গাৰ্গে কোৱাৰ দৰে তেওঁৰ সৃষ্টিৰাজি সমূহৰ ব্যাপক হাৰত চৰ্চা , গৱেষণা আৰু অনুপ্ৰাণিত হোৱাৰ থল আছে। তদুপৰি নব্বৈ দশকৰ পৰা একবিংশ শতিকাৰ প্ৰথমভাগলৈকে পৰিৱৰ্তিত ৰূপৰ সংগীতৰ ধাৰাৰ সৈতে একাত্ম হোৱা জুবিন নামৰ সেই জ্যোতিস্মান শিখাৰ একাত্মতা, সমৰ্পণ ও বিশাল জ্ঞানৰ পৰিসৰৰ উমান পোৱা যায়। সেই জ্ঞানৰ অন্তৰালত শিল্পীজনাৰ ঘৰুৱা শিক্ষা তথা অধ্যয়নৰ প্ৰতি প্ৰৱল ধাউতি প্ৰতিফলিত হয়। এটা শব্দ আৰু সেই শব্দক শিৰোনামা হিচাপে লৈ কেইবাটাও গীতৰ সমাহাৰেৰে এলবাম প্ৰস্তুত কৰাৰ ক্ষেত্ৰত জুবিন গাৰ্গ এগৰাকী নিপুণ শিল্পী। চিনেমাৰ ক্ষেত্ৰতো হিয়া দিয়া নিয়াৰ দৰে কালজয়ী অসমীয়া বোলছবিৰে পদাৰ্পণ কৰাৰ পৰা শেহতীয়াকৈ ৰৈ ৰৈ বিনালেৰ দৰে এখন সাংগীতিক বোলছবি নিৰ্মাণ পৰ্যন্ত জুবিন গাৰ্গ দেৱৰ সেই‌ পৰিস্থিতিগত জ্ঞান আৰু সুকীয়া গায়কীৰ ৰূপ দেখিবলৈ পোৱা যায়। শব্দ, আশা, মায়া , শিশু, অনামিকা , ৰুণজুন ,হিয়া মন , মুখা , ৰক্, মা, চিলা আদি কত যে কিমান এলবাম। গানৰটো অন্তই নাই। নৱাগত শিল্পী তথা হিন্দী চলচ্চিত্ৰ জগতৰ শিল্পীসকলকো আনি কণ্ঠদানৰ সুযোগ প্ৰদান কৰাৰ ক্ষেত্ৰত জুবিন গাৰ্গ অন্যতম। 
    এতিয়া আমি জুবিন গাৰ্গৰ তেওঁৰ শেহতীয়া সাক্ষাৎকাৰত প্ৰায় পাঁচ হাজাৰ মান গীতৰ স্বয়ং ৰচক বুলি জনাইছিল। নিশ্চয় তাতোকৈ বেছি হ'লেও কম নহ'ব। তেওঁ গীতিকাৰ হিচাপে লিখা , সুৰ কৰা , বাদ্য পৰিৱেশন আৰু সংগীতজ্ঞ হিচাবে পূৰ্ণাঙ্গ শিল্পীৰ ৰূপত নিজকে প্ৰতিষ্ঠা কৰি থৈ গৈছে। এইয়া আন সাধাৰণ লোকৰ দৃষ্টিত চমৎকাৰ, অথচ জুবিন গাৰ্গ সাধাৰণ মনুষ্য‌ নহয়, তেওঁ নিশ্চিতভাৱে এগৰাকী অসাধাৰণ প্ৰতিভাসম্পন্ন শিল্পী সত্ত্বা,মহীৰূহৰ শাৰীত পৰে। তেওঁৰ অনুৰাগীসকলে সেই কথা আগেয়ে অনুধাৱন কৰিছিল। জুবিন গাৰ্গৰ কণ্ঠ নিগৰোৱা এটা এটা গীতৰ এক সন্মোহনী শক্তি আছে ,যি আনৰ গীতত সকলোৱে হয়তো নাপাব! এই গুণেই শিল্পীগৰাকীৰ সৃষ্টিক অন্য মাত্ৰা প্ৰদান কৰিছে। তদুপৰি সংগীতৰ প্ৰকাৰ ৰ'ক্, পপ্ , পশ্চিমীয়া , লোকসংগীত, টোকাৰী, দেহ বিচাৰৰ গীত, আধুনিক সংগীত, জ‌্যোতি-বিষ্ণুৰ গীত‌ আদিত জুবিন গাৰ্গৰ কণ্ঠৰ পৰশতেই‌ এক অনন্য সুৱলা ৰূপ পাইছে। য'ত গীতৰ মৌলিকতা হেৰাই যোৱাও নাই অথচ নতুন প্ৰজন্মই ও আদৰি ল'লে।
জুবিন গাৰ্গৰ দৰে ইমান বহুমুখী প্ৰতিভাসম্পন্ন শিল্পী, অথবা ব্যক্তিত্ব হিচাপে ও এই চলিত শতিকাত আন কোনো নোলায়, তেওঁৰ স্থান হৈছে অমৰত্বৰ, চিৰস্মৰণীয় , চিৰকাল চিৰপ্ৰৱাহিত এক বিশাল ব্ৰহ্মপুত্ৰৰ দৰে সত্ত্বা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)