মোৰ সৰু বাগিছা-স্ৰোতস্বিনী ভট্টাচাৰ্য

Rinku Rajowar
0
ফুল ফুল ফুল
নানাৰঙী ফুল 
মোৰ বাগিছাত 
ফুলি আছে ফুল
ফুলে,ফুলে উৰি পখিলাই 
ফুলৰ মৌ চুহি খায়,
মোৰ বাগিছাৰ ফুলে নয়ন যুৰাই।
গোলাপ,তগৰ,চম্পা
ফুলি আছে বাগিছাত,
ব'হাগ আহিলে গছৰ ডালত 
ফুলে কপৌ ফুল।
বতাহত হালি জালি নাচি আছে 
মোৰ বাগিছাৰ ফুলবোৰ 
ভোমোৰাই উমলি আছে তাত।
ৰাতিপুৱা শুই উঠিয়েই দেখো
ফুলবোৰে হাঁহি আছে
আমালৈ চাই।
বতাহৰ বা লাগি
ফুলবোৰৰ নাচোনে
মন ভৰাই।
ফুল, ফুল, ফুল 
নানাৰঙী ফুল 
মোৰ বাগিছাত 
ফুলি আছে ফুল।


           📝স্ৰোতস্বিনী ভট্টাচাৰ্য
           তৃতীয় শ্ৰেণী
বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়,নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)