কল্পনাৰ ঠাঁচবোৰ নীৰৱ মনে
সুহুৰিয়াই থকা ডাৱৰৰ অদৃশ্য ৰেখা
স্মৃতিৰ বলুকা বিষাদৰ কোলাহল
তড়িত গুঞ্জনৰ
অভেদ্য উৱলি যোৱা
জীৱন নাটৰ শেষ পৃষ্ঠা
নিৰুদ্ধ অনামী কুসত্বাৰ
হৃদয়ৰ শ্যামলীয়া প্ৰভাতৰ আউসী
হেপাঁহৰ কোলাহল হুমুনিয়াহ,
অমাৱস্যা নিশাৰ জোনাকী বাটত
ৰঙহীন ঠেৰু ছিঙিব নোৱাৰা
স্থিতপ্ৰজ্ঞ ক্লান্তিহীন বিপ্লৱ বীজ।
অস্থিত্বৰ জাহাজত আজন্ম মুক্ত চহা
সঞ্জিৱনী বিচাৰি পঁচোৱা কঁহুৱনিৰ
চন্দ্ৰাৱলী গভীৰ নিশাত
সীমাহীন অমৰ শিল্পৰ অলংকাৰ
কংক্ৰিটৰ বহু দূৰত চৰাঘৰত
তেজৰঙী বিষাদ স্মৃতিৰ মৌন অৱসাদ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ