পুৱাৰে পৰাই মনটো সেমেকি আছে নীলাক্ষিৰ । আজি অতবছৰে মাকক ভুল বুজি বহুত কষ্ট দিছিল তাই । কিন্তু আজি তাই মাকৰ মৃত্যুৰ পিছত যেতিয়া মাকৰ পুৰণি বাকচতো খুলি মাকৰ ডায়েৰিখন পঢ়িছিল তেতিয়া তাই নিজৰ ভুল বুজি উচুপি উঠিল । আইতাকৰ কথা শুনি নিজৰ জন্মদাত্ৰী মাকক সদায় ঘৃণাৰ চকুৰে চাইছিল নীলাক্ষিয়ে । কিন্তু এতিয়া তাই বুজি পালে সকলোবোৰ । সন্তান সম্ভৱা মানুহজনীক অকলশৰীয়া কৰি দেউতাকে অন্য নাৰীৰ কাষলৈ গুচি যোৱাৰ পিছতো অকলেই শহুৰ - শাহুৰৰ পৰা পোৱা মানসিক অত্যাচাৰ সহ্য কৰি ডাঙৰ কৰিছিল সপোনৰ পৰীজনীক । কিমান সাহসেৰে , কিমান কষ্টৰে ডাঙৰ কৰা পৰীজনীৰ পৰা প্ৰতি মুহূৰ্ততেই পোৱা কষ্ট সহ্য কৰি মৰি মৰি জীয়ায় আছিল সকলো জানি কলিজাতো বিষায় গল নীলাক্ষিৰ । মাকৰ ফটোখন চাই তাই পাপৰ প্ৰায়শ্চিত্ত বিচাৰি উচুপি উঠিল । বাৰে বাৰে তাই মাকৰ ফটোখনতেই ক্ষমা বিচাৰিলে ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ