পুৱা নিয়ৰ সৰাৰ আগতেই চকুলো সৰে
চহৰখনলৈ বসন্ত নাহে , ফুল নুফুলে
চহৰখনৰ গছবোৰ লঠঙা
চহৰখনৰ মানুহবোৰ অশান্ত
চহৰখনৰ মানুহবোৰ অস্থিৰ
চহৰখন হতাশাত ভোগে
চহৰখন সন্দেহবাদী
মানুহবোৰে ইজনে সিজনক বিশ্বাস নকৰে
চহৰখনে উদযাপন নকৰে কোনো উৎসৱ
কোনো এক প্ৰাচীনতাত চহৰখন ৰৈ যায়
কোনো কোনো সময়ত চহৰখন হৈ উঠে
অতি উগ্ৰ , হিংস
চহৰখনৰ হাঁহিবোৰ কুটিল , চলনাময়
চহৰৰ মানুহৰ ঘৰলৈ অতিথি নাহে
শুশ্ৰূষা কি চহৰখনে নাজানে
চহৰখনত প্ৰেম নাই
মানুহবোৰে ভালপাব নাজানে
আৰু প্ৰেমহীনতাত ইশ্বৰ নাথাকে।
( প্ৰেম আধ্যাত্মিকতাৰ বিষয়। প্ৰেম যি হৃদয়ত নাথাকে সেই হৃদয়ত হিংসাই বাস কৰে।)

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ