অচিনাকি ভৱিষ্যত আৰু এটি প্ৰতিশ্ৰুতি - মৌচুমী ভূঞা

 protibha phukon
0
খিৰিকীৰ সিপাৰে তেতিয়া এজাক ধাৰাসাৰ বৰষুণ। বিজুলীৰ পোহৰে মাজে মাজে কোঠাটো পোহৰাই তুলিছিল। ৰিমজিমে হাতত ফোনটো লৈ নীৰৱৰ মেছেজটোলৈ অপেক্ষা কৰি আছিল। মনৰ মাজত এক অবুজ শংকা— যেন এই সুখবোৰ মৰিচিকা হে!
তাই লিখিলে, "ৰিমজিম ~ তুমি সদায় মোৰ হৈ থাকিবা নে?"
নীৰৱৰ উত্তৰ আহিবলৈ বেছি সময় নালাগিল। সি যেন লগে লগে লিখিলে, "নীৰৱ ~ কিবা সন্দেহ আছে নি!"
"সন্দেহ নাই। কিন্তু......" ৰিমজিমৰ আঙুলিকেইটা থমকি ৰ’ল।
"কিন্তু কি?" নীৰৱৰ পৰা প্ৰশ্নটো আহিল।
ৰিমজিমে নিজৰ মনৰ ভয়টো ঢাকি ৰাখিব নোৱাৰিলে, "মোৰ ভয় লাগে কিজানি বা তুমি মোক এৰি গুচি যোৱা।"
নীৰৱে ফোনটো কাণত লগাই তাইক কল কৰিলে। সিপাৰৰ পৰা সি দৃঢ়তাৰে ক’লে, "মই কেতিয়াও এৰি নাযাওঁ।"
ৰিমজিমে খিৰিকীৰে আকাশখনলৈ চালে আৰু ক’লে, "সময় পৰিস্থিতিৰ দাস, নীৰৱ। এই সময়ে কাক কোন দিশে লৈ যায় কোনেও নাজানে। মাথো সময়ৰ সৈতে আমি নীৰৱে গতি কৰি থাকো।"
নীৰৱে অলপ হাঁহিলে, সেই হাঁহিত আছিল এক গভীৰ বিশ্বাস। সি ক’লে, "মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ, সাত জনম আমি দুয়ো দুয়োৰে হৈ থাকিম।"
"মই সাত জনমৰ কথা নাজানো নীৰৱ," ৰিমজিমৰ কণ্ঠত এক বিশেষ কাতৰতা আছিল, "কিন্তু এইটো জনমত মই তোমাক আজীৱন কাষত বিচাৰোঁ।"
বৰষুণৰ শব্দৰ মাজতে নীৰৱৰ কণ্ঠটো ভাঁহি আহিল, "মই তোমাৰ লগত আছিলোঁ, আছোঁ আৰু জীৱনৰ শেষ উশাহলৈকে মই তোমাৰ কাষত থাকিম। যিমানেই এই কাল অমানিশা নাহক কিয়!"
ৰিমজিমে এটা দীঘল নিশাহ পেলালে। তাই ক’লে, "মোক এৰি নাযাবা। সদায় এই তুমি মোৰ সুখ-দুখৰ লগৰী হৈ থাকিবা দেই।"
নীৰৱে শেষত কেৱল এটা কথাই ক’লে, যিটো কথাই ৰিমজিমৰ সকলো সংশয় দূৰ কৰিলে— "মৃত্যুৰ বাদে আন কোনো শক্তিয়ে মোক তোমাৰ পৰা আঁতৰাই নিব নোৱাৰে।" নীৰৱৰ সেই শেষৰ বাক্যশাৰী— "মৃত্যুৰ বাদে আন কোনো শক্তিয়ে মোক তোমাৰ পৰা আঁতৰাই নিব নোৱাৰে"— ৰিমজিমৰ কাণত বহুত দেৰিলৈকে বাজি থাকিল। ফোনটো থৈ তাই বাহিৰলৈ চালে। বৰষুণজাক কমিছে যদিও বতাহত এতিয়াও এটা চেঁচা ভাব আছে।
কিছুদিন পাৰ হ’ল। সময়ৰ সোঁতত ৰিমজিম আৰু নীৰৱৰ সম্পৰ্কটো আৰু অধিক গাঢ় হৈ পৰিল। কিন্তু এদিন হঠাৎ ৰিমজিমৰ দেউতাকে তাইৰ বাবে এজন অচিনাকি ল’ৰাৰ সম্বন্ধ লৈ আহিল। ৰিমজিমৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিল।
তাই কঁপাকঁপা মাতেৰে নীৰৱলৈ ফোন কৰিলে।
"নীৰৱ, মই কোৱা নাছিলোঁনে সময় পৰিস্থিতিৰ দাস বুলি? আজি সময় মোৰ বিৰুদ্ধে থিয় দিছে।"
নীৰৱ অলপ সময় মৌন হৈ থাকিল। তাৰ পিছত সি ক’লে, "ৰিমজিম, অমানিশা আহিছে বুলিয়েই পোহৰৰ আশা ত্যাগ কৰিব নালাগে। তুমি কেৱল মোৰ ওপৰত বিশ্বাস ৰাখা।"
সেইদিনা ৰাতি বৰষুণ দিয়া নাছিল, কিন্তু আকাশত ডাৱৰ আছিল। ৰিমজিমে ঘৰৰ মানুহক নিজৰ আৰু নীৰৱৰ কথা ক’বলৈ সাহস গোটাই ল’লে। বহুত বাধা আহিল, কাজিয়া হ’ল, চকুলো বোৱালে। দেউতাকে ক’লে, "পৰিস্থিতি যিয়েই নহওক, মই এই সম্বন্ধ নামানো।"
ৰিমজিমে নীৰৱক মেছেজ কৰিলে, "দেউতাই মান্তি হোৱা নাই। আমি কি কৰিম?"
নীৰৱৰ উত্তৰ আহিল, "মই তোমাৰ দেউতাকৰ ওচৰলৈ যাম। মই পলাই যোৱাত বিশ্বাস নকৰোঁ, মই অধিকাৰ বিচাৰি যোৱাত বিশ্বাস কৰোঁ। মই প্ৰতিশ্ৰুতি দিছিলোঁ যে মই তোমাৰ কাষত থাকিম, আৰু মই থাকিম।"
পিছদিনা নীৰৱ ৰিমজিমৰ ঘৰ পালেগৈ। সি কোনো হুলস্থুল নকৰিলে, কেৱল শান্তভাৱে ৰিমজিমৰ দেউতাকৰ সন্মুখত থিয় হ’ল। সি ক’লে, "খুড়া, মই হয়তো আপোনাৰ দৰে অভিজ্ঞ নহয়, কিন্তু মই ইমানখিনি জানো যে ৰিমজিমক মই কোনোদিন দুখত থকিবলৈ নিদিওঁ। মৃত্যুৰ বাদে আনে আমাক আঁতৰাব নোৱাৰে বুলি আমি কথা দিছোঁ। আপুনি আমাক আশীৰ্বাদ কৰিব নোৱাৰিবনে?"
       কিন্তু ৰিমজিমৰ দেউতাক খঙত অগ্নিশৰ্মা হৈ পৰিল। তেওঁ চিঞৰি ক’লে, "যোগ্যতা কি তোমাৰ? মোৰ জীয়ৰীক পোহপাল দিব পাৰিবা? মোৰ সিদ্ধান্তই শেষ সিদ্ধান্ত। তুমি এই মুহূৰ্ততে মোৰ ঘৰৰ পৰা ওলাই যোৱা।" নীৰৱে একো নকৈ কেৱল ৰিমজিমৰ চকুলৈ চালে আৰু এটা নীৰৱ প্ৰতিশ্ৰুতি দি তাৰ পৰা গুচি আহিল। নীৰৱে ঘৰৰ পৰা ওলাই যোৱাৰ পিছত ৰিমজিমৰ পৃথিৱীখন যেন স্তব্ধ হৈ পৰিল। দেউতাকে তাইৰ হাতৰ পৰা ফোনটো কাঢ়ি লৈছিল আৰু তাইক বাহিৰ জগতৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰি দিছিল। ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ ৰিমজিমৰ বাবে প্ৰতিটো পল যেন একো একোটা যুগৰ দৰে পাৰ হৈছিল। তাই খিৰিকীৰ গ্ৰীলখনত ধৰি আকাশৰ ফালে চাই ৰৈছিল— ঠিক সেই বৰষুণীয়া নিশাৰ দৰে, যিদিনা নীৰৱে তাইক কথা দিছিল।
ৰিমজিমে খোৱা-বোৱা প্ৰায় বাদেই দিলে। মাকৰ চকুত চকুলো, কিন্তু দেউতাকৰ কঠোৰ শাসনৰ আগত তেওঁ নিৰুপায় আছিল। আনফালে, নীৰৱৰ অৱস্থাও সহজ নাছিল। ৰিমজিমৰ ঘৰৰ পৰা অপমানিত হৈ অহাৰ পিছত তাৰ মনত দুটা ভাৱে খেলি-মেলি কৰিছিল— এটা বিচ্ছেদৰ যন্ত্ৰণা আৰু আনটো নিজক যোগ্য বুলি প্ৰমাণ কৰাৰ এক তীব্ৰ জেদ।
নীৰৱে জানিছিল যে অকল চকুলো টুকিলে সি ৰিমজিমক ঘূৰাই নাপায়। সি দিন-ৰাতি একাকাৰ কৰি কামত ডুব গ’ল। তাৰ অফিচৰ টেবুলত ফাইলবোৰ জমা হৈ থাকে, কিন্তু সেই ফাইলবোৰৰ মাজতে লুকুৱাই থোৱা থাকে ৰিমজিমৰ এখন সৰু ফটো। যেতিয়াই সি ভাগৰি পৰে, সেই ফটোখনলৈ চাই সি যেন নতুন শক্তি পায়। সি মনে মনে কয়, "ৰিমজিম, অলপ ধৈৰ্য্য ধৰা। মই আমাৰ প্ৰতিশ্ৰুতি ভাঙিবলৈ নিদিওঁ।"
প্ৰতিদিনে কামৰ পৰা ঘৰলৈ উভতি যাওঁতে নীৰৱে ইচ্ছা কৰিয়েই ৰিমজিমৰ ঘৰৰ সমুখৰ ৰাস্তাটোৰে গাড়ীখন লাহেকৈ চলাই যায়। সি জানে তাই হয়তো খিৰিকীৰ কাষতে আছে, হয়তো তাই তাৰ অপেক্ষাত চকুলো টুকিছে। সি ওপৰৰ খিৰিকীখনলৈ চায়— মাজে মাজে এটা ছাঁ দেখা পায়, যিটো ছাঁই তাক জীয়াই থকাৰ প্ৰেৰণা দিয়ে।
১৫ দিন পাৰ হৈ গ’ল। ৰিমজিমৰ স্বাস্থ্য ক্ৰমান্বয়ে অৱনতি ঘটিবলৈ ধৰিলে। তাইৰ দুৰ্বল চেহেৰাটো দেখি দেউতাকৰ মনৰ কঠিন বৰফ অলপ অলপকৈ গলিবলৈ আৰম্ভ কৰিছিল। কিন্তু তেওঁ তেতিয়াও নিজৰ জেদত অটল আছিল। ৰিমজিমে বিচনাতে পৰি ৰৈ ডায়েৰীত লিখিছিল— "নীৰৱ, তুমি কোৱা কাল অমানিশাই আমাক আগুৰি ধৰিছে। তুমি ক’ত আছা? মই যে আৰু বেছি দিন ধৈৰ্য্য ধৰিব নোৱাৰিম।"
কিন্তু সেই অমানিশাৰ মাজতো নীৰৱে এক নীৰৱ যুদ্ধ চলাই গৈছিল। সি তাৰ নতুন প্ৰজেক্টৰ বাবে অমানুষিক পৰিশ্ৰম কৰিছিল, যাতে সি সমাজৰ আগত এজন সফল ব্যক্তি হিচাপে থিয় হ'ব পাৰে আৰু ৰিমজিমৰ দেউতাকক ক’ব পাৰে যে সি অকল ভাল পাবই নাজানে, দায়িত্ব ল’বলৈও জানে। বিচ্ছেদৰ এই যন্ত্ৰণাখিনিয়ে যেন সিহঁতৰ প্ৰেমক আৰু অধিক পৰিপক্ক কৰি তুলিছিল। সময় কাৰো বাবে ৰৈ নাথাকে। নীৰৱৰ কঠোৰ পৰিশ্ৰমৰ ফল এদিন ফলিয়াবলৈ আৰম্ভ কৰিলে। সি যিটো নতুন প্ৰজেক্টৰ বাবে দিন-ৰাতি একাকাৰ কৰিছিল, সেই প্ৰজেক্টটোৱে কেৱল কোম্পানীৰ বাবে নহয়, নীৰৱৰ জীৱনলৈও এক ডাঙৰ পৰিৱৰ্তন আনিলে। তাৰ কামৰ দক্ষতাত মুগ্ধ হৈ কোম্পানীয়ে তাক এটা ডাঙৰ পদোন্নতি দিয়াৰ লগতে এক বুজন পৰিমাণৰ বোনাছো দিলে। কিন্তু এই সকলোবোৰ সফলতাৰ মাজতো নীৰৱৰ মনটো আছিল ৰিমজিমৰ খিৰিকীখনৰ কাষত।
ইফালে, ৰিমজিমৰ অৱস্থা দেখি ঘৰখনত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছিল। তাইৰ মৌনতাই যেন দেউতাকৰ হৃদয়ত বাৰে বাৰে আঘাত কৰিছিল। তেওঁ অনুভৱ কৰিবলৈ ধৰিছিল যে যি ধনেৰে তেওঁ ৰিমজিমৰ সুখ কিনিব বিচাৰিছিল, সেই ধনে তাইৰ জীৱনৰ হাঁহিটো কাঢ়ি নিছে।
এদিন সন্ধিয়া, নীৰৱে বুকুত সাহস বান্ধি আকৌ এবাৰ ৰিমজিমৰ ঘৰলৈ যোৱাৰ সিদ্ধান্ত ল’লে। এইবাৰ সি কোনো আশ্ৰয়হীন প্ৰেমিক হিচাপে নহয়, এজন দায়িত্বশীল আৰু আত্মবিশ্বাসী যুৱক হিচাপে যাব খুজিলে। হাতত এটা সৰু উপহাৰ আৰু নিজৰ সফলতাৰ স্বীকৃতিৰ পত্ৰখন লৈ সি ৰিমজিমৰ দুৱাৰমুখত থিয় হ’ল।
দুৱাৰখন খুলি দিলে ৰিমজিমৰ মাকে। নীৰৱক দেখি তেওঁৰ চকুহাল চলচলীয়া হৈ পৰিল। ভিতৰৰ পৰা দেউতাকে গম্ভীৰ মাতেৰে সুধিলে, "কোন আহিছে?"
নীৰৱ ধীৰ খোজেৰে দেউতাকৰ সমুখলৈ গৈ ক’লে, "খুড়া, মই নীৰৱ। আপুনি সেইদিনা মোক মোৰ যোগ্যতাৰ কথা সুধিছিল। মই হয়তো এতিয়াও আপোনাৰ সমান ধনী হোৱা নাই, কিন্তু মই ইমানখিনি সক্ষম হৈছোঁ যে ৰিমজিমক মই মোৰ হাতৰ উপ উপাৰ্জনেৰে সুখত ৰাখিব পাৰিম। এইয়া চাওক মোৰ অফিচৰ লেটাৰ।"
দেউতাকে নীৰৱৰ চকুলৈ চালে। সেই চকুযুৰিত আজি কোনো ভয় নাছিল, আছিল কেৱল ৰিমজিমৰ প্ৰতি থকা অটল বিশ্বাস আৰু গভীৰ ভালপোৱা। তেওঁ নীৰৱৰ হাতৰ কাগজখন নোচোৱাকৈয়ে এক দীঘল হুমুনিয়াহ কাঢ়িলে। তেওঁ বুজি পালে যে মানুহৰ মৰ্যাদা টকাত নহয়, চৰিত্ৰ আৰু একাগ্ৰতাহে থাকে।
দেউতাকে মাকক উদ্দেশ্যি ক’লে, "ৰিমজিমক ইয়ালৈ মাতি আনা।"
কিছু সময়ৰ পিছত ৰিমজিম লাহে লাহে কোঠাটোলৈ সোমাই আহিল। তাই ইমান দিনৰ মূৰত নীৰৱক নিজৰ চকুৰ আগত দেখি থৰ লাগি ৰৈ গ’ল। তাইৰ শেঁতা পৰা মুখখনত যেন হঠাৎ বসন্তৰ ৰঙ হে সানিব ধৰিলে।
দেউতাকে নীৰৱৰ ওচৰলৈ গৈ তাৰ কান্ধত হাত থৈ ক’লে, "মই হাৰি গ’লো নীৰৱ। তোমাৰ জেদ আৰু তোমালোকৰ প্ৰেমৰ আগত মোৰ অহংকাৰ হাৰি গ’ল। ৰিমজিমক সদায় এনেকৈয়ে আগুৱাই লৈ যাব পাৰিবা জানো?"
নীৰৱে ৰিমজিমৰ চকুলৈ চাই দৃঢ়তাৰে ক’লে, "প্ৰতিশ্ৰুতি দিছোঁ খুড়া, তাইৰ চকুত কেতিয়াও চকুলো পৰিবলৈ নিদিওঁ।"
সেইদিনা ৰাতি আকাশত তৰাবোৰ বেছি উজ্জ্বলকৈ জিলিকিছিল। অচিনাকি ভৱিষ্যতৰ ভয়বোৰ আঁতৰি গৈছিল আৰু এটা পুৰণি প্ৰতিশ্ৰুতিয়ে পূৰ্ণতা পাবলৈ আৰম্ভ কৰিছিল। বিচ্ছেদৰ যি কাল অমানিশাই সিহঁতক আৱৰি ধৰিছিল, তাৰ অন্ত পৰিল এক নতুন পুৱাৰ মাজেৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)