তোমাৰ নামতেই মোৰ দিন গণিছিল,
ৰাতিৰ নিস্তব্ধতাত
তোমাৰ উপস্থিতি বিচাৰি ফুৰিছিল,
সেই অভ্যাসেই এদিন
অচিনাকি পথত তোমাক লগ ধৰিব,
য’ত তোমাৰ স্মৃতিবোৰ
আৰু পথচিহ্ন হৈ নাথাকিব।
তোমাৰ শূন্যতা পূৰণ কৰিবলৈ
কোনো বিকল্প আহিব নে নাহিব
সেইয়া গুৰুত্বহীন,
কিয়নো তোমাক কেন্দ্ৰ কৰি
নিজক অৱহেলা কৰাৰ
কাৰণসমূহ তেতিয়া
ধ্বংসস্তূপত পৰিণত হ’ব।
অবহেলাই অপেক্ষাকো ক্লান্ত কৰে,
আৰু ক্লান্ত অপেক্ষাই
শেষত বিস্মৃতিক আশ্ৰয় দিয়ে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ