" NEP 2020" য়ে স্নাতক পঞ্চম ষাম্নাসিকত ইণ্টাৰ্ণছিপ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ লগে লগে আমি শিক্ষাৰ এক বহল পৰিসৰত সোমাই পৰিলোঁ । ইনটাৰ্ণছিপ ৰ ধাৰণাটো আমাৰ বাবে একেবাৰে নতুন আছিল । ছাত্ৰ ছাত্ৰীৰ কাৰিকৰী শিক্ষাৰ বিকাশ ঘটোৱাৰ বাবে চৰকাৰে কলা , বিজ্ঞান , বাণিজ্য এই তিনিটা শাখাতে ইনটাৰ্ণছিপ পাঠ্যক্ৰম বাধ্যতামূলক কৰিছে । আমাৰ নগাওঁ মহাবিদ্যালয়েও বিভিন্ন কাৰিকৰী ক্ষেত্ৰত ইনটাৰ্ণসিপ পাঠ্যক্রমৰ ব্যৱস্থা কৰে । এই ক্ষেত্ৰত আমাৰ নগাওঁ মহাবিদ্যালয়ৰ ( স্বতন্ত্ৰ ) বুৰঞ্জী বিভাগৰ লগত ' চিনাকি ঐতিহ্য ক্ষেত্ৰৰ ইনটাৰ্ণসিপ বিষয়ৰ এটি চুক্তি হয় । ইনটাৰ্ণসিপৰ বিষয় আছিল presarving the past : the role of museum in cultural Heritage. নগাওঁ মহাবিদ্যালয়ৰ প্ৰায়বোৰ বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে এই বিষয়ত ইনটাৰ্ণসিপ কৰিবলৈ লয় । আমাৰ এই গোটেই ইনটাৰ্ণসিপ পাঠ্যক্ৰমৰ তত্বৱধায়ক আছিল কলা সংগ্ৰাহক তথা সংগ্ৰহালয়তত্ববিদ গীতাঞ্জলি বৰুৱা বাইদেউ । গীতাঞ্জলি বৰুৱা বাইদেউয়ে আৰম্ভণিৰ পৰাই এই বিষয়ত আমাৰ মনত এক সুন্দৰ মনোভাৱ তৈয়াৰ কৰিবলৈ চেষ্টা চলাই আহিছিল।
আমি সংগ্ৰহালয় তথা ঐতিহ্যৰ জ্ঞান লাভ কৰি জানিব পৰিলোঁ যে অসমত সংগ্ৰহালয়ৰ তথা সংগ্ৰহালয়ৰ ধাৰণাৰ যথেষ্ট প্ৰয়োজন আছে । তাৰ কাৰণ হ'ল ' অসমৰ ঐতিহ্য '। অসম এখন এনেকুৱা ৰাজ্য য'ত বিভিন্ন সময়ত বিভিন্ন জাতি জনজাতিৰ লোকে বাস কৰি গৈছে । বিভিন্ন ৰজা , মহাৰজাই অসমৰ ৰাজপাট অলংকৃত কৰি থৈ গৈছিল । তেঁওলোকৰ শাসনকালত অসমৰ সামাজিক , ৰাজনৈতিক , সাংস্কৃতিক , অৰ্থনৈতিক অৱস্থা কেনেকুৱা আছিল সেই সময়ৰ প্ৰচলিত মুদ্ৰা বা আন আন সামগ্ৰীয়েও দাঙি ধৰিছে । অসমৰ প্ৰাচীন নাম আছিল কামৰূপ । এই কামৰূপক আকৌ চাৰিটা পীঠত ভাগ কৰা হৈছিল । সেই সময়ত অসমত হিন্দু দেৱ দেৱীৰ পূজা অৰ্চনা প্ৰচলিত আছিল । তাৰ প্ৰমাণ অসমৰ বিভিন্ন ঠাইত উদ্ধাৰ হোৱা মূৰ্তি বা সেই সময়ৰ ভাস্কৰ্য্য সমূহে বহন কৰি আহিছে । যাৰ নিদৰ্শন গুৱাহাটী আমবাৰীত উদ্ধাৰ হোৱা মূৰ্তি তথা ভাস্কৰ্য্য সমূহে দাঙি ধৰিছে । যিয়ে নহওঁক বিভিন্ন কাৰকৰ বাবে অসম এখন ঐতিহ্যশালী দেহ হিচাপে পৰিগণিত হৈছে । এই ক্ষেত্ৰত অসমৰ কলা সংস্কৃতি সংৰক্ষণ হ'ব লাগে । তাৰ কাৰকবোৰ তলত আলোচনা কৰা হ'ল :
১ ) অসমৰ বহু জাতি জনগোষ্ঠী : অসম এখন বহু ১জাতি জনজাতিৰ মিলনভূমি । অসমত সকলো জাতি জনজাতিৰ লোকে বাস কৰে । তেওঁলোকৰ জীৱন ধৰণ শৈলী, পৰম্পৰা, সংস্কৃতি , খাদ্য সম্ভাৰ, সাঁজ পাৰ, সাহিত্য , সংস্কৃতি আদি জীয়াই ৰাখিবলৈ তথা নতুন প্ৰজন্মৰ মাজত ধৰি ৰাখিবলৈ অসম সংগ্ৰাহালয়ৰ ভূমিকা অসীম ।
২ ) অসমীয়া জাতিৰ নিজস্ব স্বকীয়তা বজাই ৰখাত অসমৰ সংগ্ৰহালয়সমূহৰ ভূমিকা যথেষ্ট। দিনক দিন আধুনিকতামুখী সমাজে নিজস্ব পৰম্পৰা হেৰাইছে । নিজৰ ঐতিহ্য বিলুপ্তৰ পথত । অসমীয়া সমাজৰ আপুৰুগীয়া সম্পদ, বৈচিত্ৰ সংৰক্ষণ কৰিবৰ বাবে অসমৰ প্ৰতিটো চুকে কুনে সংগ্ৰাহালয় গঢ়ি উঠিব লাগে ।
৩ ) প্ৰকৃতি সংৰক্ষণ অসমৰ এক অতি প্ৰয়োজনীয় বিষয় । অসম প্ৰাকৃতিক সম্পদৰে ভৰা । তদুপৰি অসমত এনেকুৱা কিছুমান প্ৰাকৃতিক গছ বা ঐতিহ্যময় প্ৰাকৃতিক ঠাই আছে য'ত বহুতো অসমৰ ইতিহাস লুকাই আছে । সেইবোৰ আমি সংৰক্ষণ কৰিব লাগে ।
আমি আমাৰ ইনটাৰ্ণসিপ পাঠ্যক্ৰমৰ জৰিয়তে ইমানখিনি বিষয়ৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিব পাৰিছো । ভাৰতৰ সংগ্ৰহালয়। অসমত সংগ্ৰহালয়ৰ ধাৰণাটো অতি পুৰণি নহয় যদিও অতি নতুনেও নহয় । অসম ৰাজ্যিক সংগ্ৰহালয়টো কামৰূপ অনুসন্ধান সমিতিৰ দ্বাৰা ১৯৪০ চনৰ ২১ এপ্ৰিল তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল ।১৯৫৩ চনত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ দায়িত্ব অসম চৰকাৰে গ্ৰহণ কৰে আৰু ইয়াক শৈক্ষিক বিভাগৰ সংগ্ৰহালয় আৰু পুৰাতত্ত্ব বিভাগত ৰাখে । কামৰূপ অনুসন্ধান সমিতিয়ে সেই সময়ত উদ্ধাৰ হোৱা বিভিন্ন সামগ্ৰীসমূহৰ সংৰক্ষণ আৰু প্ৰদৰ্শনৰ বাবে যো - যা চলাই আছিল যাৰ ফলত অসম ৰাজ্যিক সংগ্ৰহালয় গঢ়ি উঠিছিল ।
এটা জাতিৰ ,এখন দেশৰ, এটা সভ্যতাৰ নিজস্ব কিছুমান ঐতিহ্য থাকে । সেই সমূহক ধৰি ৰাখিবলৈ সংগ্ৰহালয়ৰ প্ৰয়োজন আছে ।এখন দেশৰ , এটা জাতিৰ কিমান পুৰণি ঐতিহ্য থাকিব পাৰে , সেই সমূহ যদি সময়ৰ সোঁতত মানুহৰ অবহেলাৰ ফলত নাইকিয়া হৈ যায় তেতিয়া এই পৃথিৱীৰ পৰা প্রতিটো জাতিৰ চিন চাব নাইকিয়া হৈ যাব ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ