কুৱঁলীৰ সিপাৰে মাজনিশাৰ পৰাই নামিছিল ডাঠ কুৱঁলীৰ ওৰণি, চিনাকি পৃথিৱীখনো যেন হৈ পৰিছিল অচিন। তাৰেই মাজত শুনা গৈছিল— কুৱঁলী সিপাৰে বৈ যোৱা নদীখনৰ কুলুকুলু শব্দ।
যেন কোনোবা নিৰ্জনতাৰ পৰা ভাঁহি আহিছে এক অজান বাঁহীৰ সুৰ, যিয়ে সোঁৱৰাই দি যায় জীৱনৰ অবিৰাম গতি।
লাহে লাহে পোহৰ হ’ল, আৰু মোৰ পদূলিৰ চুকত দেখা দিলে— দুৱৰিৰ সৰি ৰোৱা নিয়ৰৰ টোপালৰ জিকমিকনি।
একো একোটা মুকুটাৰ দৰে সিঁচি থোৱা সপোন, যি ক্ষন্তেকীয়া হ’লেও হৃদয় জুৰাই থৈ যায়; পুৱাৰ ৰ’দজাকৰ সৈতে হেঙুলীয়া হৈ পৰে প্ৰকৃতিৰ এই অনাবিল হাঁহি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ