কোমল ৰ’দজাক ঘৰৰ সৰু চোতালখনত পৰি আছিল। মিনাক্ষীয়ে চাহৰ কাপটো হাতত লৈ ৰ'দ পুৱাবলৈ চোতাললৈ আহিল।চকী এখনত বহি লৈ আকাশখনলৈ চালে । আকাশখন নীলা, বহল, নিৰ্বাক। সৰুতে তাই ভাবিছিল - এই আকাশৰ দৰে ডাঙৰ হ'ব লাগে মানুহৰ সপোনবোৰো । কিন্তু সৰুৰে পৰা তাইক দৰিদ্ৰ হোৱাৰ বাবে মাক- দেউতাকে শিকাইছিল যে—“ছোৱালীৰ সপোন বেছি ডাঙৰ হ’ব নালাগে।” এই কথাবোৰৰ বাবেই যেন তাইৰ বাবে আকাশখনকো সৰু কৰি পেলাইছিল।
মিনাক্ষী গাঁৱৰ ভিতৰতে এগৰাকী মেধাৱী ছাত্ৰী আছিল। কলেজৰ শিক্ষকসকলে প্রায়ে আলোচনা কৰিছিল-"এই ছোৱালীগৰাকীয়ে যদি ভালদৰে পঢ়ি থাকিব পাৰে, নিশ্চয় এদিন ভাল মানুহ হ'ব।"
শিক্ষয়িত্রী হোৱাৰ সপোন আছিল তাইৰ ,,এই সপোনটোৱে মিনাক্ষীৰ মনটোক সদায় উজ্জ্বল কৰি ৰাখিছিল। কিন্তু হায়াৰ চেকেণ্ডেৰী পাৰ হোৱাৰ পিছতেই তাইক ঘৰৰ মানুহে যোৰ কৰি বিয়া পাতি দিলে ।পিছত তাইৰ সেই সপোনটো পাকঘৰৰ ধোঁৱাত হেৰাই যাবলৈ ধৰিলে।
সংসাৰৰ বাস্তৱতাই সেই সপোনটোক ম্লান কৰি পেলালে। নতুন ঘৰ, নতুন মানুহ, নতুন দায়িত্ব এই সকলোবোৰৰ মাজতে তাই নিজৰ সত্তাটো ধীৰে ধীৰে হেৰাই পেলালে ।
বিয়াৰ পিছত তাইৰ দিনবোৰ গতানুগতিক ভাৱে চলি আছিল।পুৱা সোনকালে উঠা, পাকঘৰৰ কাম, ঘৰখন চাফা কৰা, আনৰ ইচ্ছা অনুসৰি চলা। কোনোদিনে তাই নিজৰ কথা কোৱাৰ সুযোগ নাপালে। আয়নাৰ সন্মুখত থিয় হৈ কেতিয়াবা তাই নিজকেই সুধিছিল—“মই কোন?”
এদিন স্কুলৰ পৰা উভতি অহা পুত্ৰই তাইক সুধিলে—
“মা, তুমি সৰুতে কি হ’ব বিচাৰিছিলা?”
প্ৰশ্নটো সাধাৰণ আছিল, কিন্তু মিনাক্ষীৰ হৃদয়ত বহুদিনে বন্ধ হৈ থকা এখন দুৱাৰ যেন খোল খালে । তাই এক মুহূৰ্তৰ বাবে নীৰৱ হৈ বহি পৰিল। চকুৰ কোণত জমা হৈ থকা অশ্ৰুৱে ক’ব খুজিছিল—“মই শিক্ষয়িত্ৰী হ’ব বিচাৰিছিলোঁ।” কিন্তু সপোনটো বাস্তৱ কৰিব নোৱাৰিলোঁ।
সেই নিশা তাই শুব নোৱাৰিলে,,বহু বছৰ পিছত তাই নিজৰ সপোনটোক আকৌ এবাৰ অনুভৱ কৰিলে। কিন্তু পিছদিনাই তাই সাহস গোটাই সিদ্ধান্ত ল’লে যে —এতিয়া নহ’লে কেতিয়াও নহয়,, মই আকৌ পঢ়িম , মই মোৰ সপোন পূৰণ কৰিম।
প্ৰথমে ঘৰতে পঢ়িবলৈ আৰম্ভ কৰিলে। পুৰণি কিতাপ, নতুন নোট, আৰু এক অদম্য মনোবল। আত্মীয়সকলৰ ঠাট্টা, গাঁৱৰ মানুহৰ কথা—“এই বয়সত পঢ়ি কি কৰিব?”—এই সকলোবোৰে তাইক আঘাত দিছিল, কিন্তু এইবাৰ এইবোৰ কথাই তাইৰ সপোনটোক ভাঙিব পৰা নাছিল।
সময় সহজ নাছিল।সংসাৰ, স্বামী,সন্তান আৰু পঢ়া—এই বোৰৰ মাজত সময় ভাগ কৰা বৰ কঠিন আছিল। কেতিয়াবা নিশা সকলো শুই থকাৰ পিছত তাই চাকি জ্বলাই পঢ়িছিল। সেই চাকি পোহৰেই যেন তাইৰ সপোনটোক জীয়াই ৰাখিছিল।
অৱশেষত পৰীক্ষাৰ দিন আহিল। হাত কঁপিছিল, মনটো অস্থিৰ হৈ পৰিছিল,,তথাপিও তাই পৰীক্ষাত বহিল। ফলাফল ঘোষণাৰ তাৰিখ আহি পৰিল, ফলাফল ওলোৱাৰ দিনা তাইৰ নামটো তালিকাত প্ৰথম হোৱা দেখা গৈছিল। সেইদিনা মিনাক্ষীয়ে প্ৰথমবাৰৰ বাবে নিজকে জয় কৰা অনুভৱ কৰিলে। তাই ফলাফল ভাল হ'ল , আৰু শিক্ষয়িত্ৰী হোৱাৰ পথ মুকলি হৈ পৰিল।
শিক্ষয়িত্ৰীৰ চাকৰি লাভ কৰাৰ দিনাখন তাই পুনৰ আকাশখনলৈ চালে। আকাশখন একেই আছিল—বহল আৰু মুকলি। তাই মনতে ভাবিলে -ভয় আৰু সাহসৰ অভাৱত সপোনৰ লগতে আকাশখনকো সৰু কৰি পেলাই দিছিলোঁ আচলতে আকাশখন যে কেতিয়াও সৰু নাছিলেই,, তাইৰ মন মুকলি হৈ পৰিল
প্ৰথম দিনা বিদ্যালয়ত তাই বহু আশা বুকুত লৈ ওলালে ।শ্ৰেণীত সোমায়েই ছাত্ৰ-ছাত্ৰীসকলক চালে,, তেওঁলোকৰ চকুত তাই নিজৰ সপোনবোৰ দেখিলে। সেইদিনাই তাই বুজি পালে—তাই এতিয়া কেৱল এগৰাকী শিক্ষয়িত্ৰীয়েই নহয়, সমাজৰ বাবে এটি উদাহৰণো।
আজিও মিনাক্ষীয়ে সকলোকে কয় —
“নাৰী মানেই কেৱল ত্যাগ নহয়। নাৰী মানে সাহস, সপোন আৰু এখন মুকলি আকাশ।”
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ