মৰমৰ প্ৰিয়তম ।
হৃদয়ৰ নিভৃতত সাঁচি থোৱা মৰম এমুঠিৰে তোমালৈ বুলি একলম।
সেই প্ৰথম চিনাকিৰ দিনটোৰ পৰাই আজিও তোমাক সামৰিয়েই পাৰ হয় মোৰ প্ৰতিটো পুৱা আৰু আবেলি।এতিয়া পিছে তল পেটৰ পৰা উজাই অহা বিষটোৱে তুমি কাষত থকাৰ অনুভৱটো অধিক সক্ৰিয় কৰেহি।জানানে!মানুহৰ চকুত হেনো আজিকালি মই ব্যভিচাৰি, কলংকিনী।মোৰ বাঢ়ি অহা পেটটো দেখিলে মানুহবোৰে কোৱা-কুই কৰে গোপনে কিবাকিবি।সেইবাবে চাৰিআলিলৈও ওলাই নাযাও আজিকালি।সেইযে হোটেলৰ নিশাটোৰ পিছৰ পৰা তোমাক চোন বিচাৰিয়েই নাপালোঁ আজিলৈ। কাৰোবাৰ মুখত শুনিছোঁ তুমি হেনো এতিয়া সফল প্ৰেমিক কোনো কোটিপতি পিতৃৰ একমাত্ৰ জীয়ৰীৰ।কুশলে থাকিবা।আদৰেৰে ৰাখিবা নতুন লগৰীক।মোৰ দৰে মৰমৰ চলনাৰে খুলিব নোৱাৰিবা চাগে তোমাৰ চহকী প্ৰেমিকাৰ শৰীৰৰ আৱৰণি।তোমাৰ প্ৰেমৰ প্ৰলুভি জালত নিজে আহি ধৰা দিবলৈ তাইটো নহয় চাগে মোৰ দৰে আজলী!আচলতে কি জানা!মই হ'ব পাৰোঁ আজলী,তোমাৰ ভুৱা প্ৰেমত দিব পাৰোঁ সতীত্বক জ্বলাঞ্জলি!তথাপি মোৰ সেই মৰম,ভালপোৱাত নাছিল কোনো স্বাৰ্থ,লোভ বা আন কোনো কামনাৰ আসক্তি।সেইবাবেই হয়টো মোৰ নিস্বাৰ্থ মৰমৰ মূল্যৰূপে মোৰ এতিয়া নতুন চিনাকী "বেশ্যা ছোৱালী।"
ইতি
তোমাৰ অনাকাংক্ষিত প্ৰেমিকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ