জীৱনৰ সৈতে যুঁজি আগবঢ়া এজন সাধাৰণ মানুহৰ কাহিনী মোৰ চমু পৰিচয় আৰু শৈশৱ - প্ৰাণজিৎ মজুমদাৰ

 protibha phukon
0
মই প্ৰাণজিৎ মজুমদাৰ। এই নামটোৰ আঁৰত লুকাই আছে অগণন সপোন, অগণন সংগ্ৰাম, কিছুমান সফলতা আৰু বহুতো নীৰৱ বেদনা। মোৰ জীৱনটো কোনো বিখ্যাত ব্যক্তিৰ দৰে ধনী নহয়, কিন্তু এই জীৱনটো মোৰ—এইয়েই মোৰ আটাইতকৈ ডাঙৰ পৰিচয়।মই জন্ম লৈছিলোঁ ১ জানুৱাৰী ২০০৪ চনত কামৰূপ (গ্ৰাম্য) জিলাৰ এখন সৰু গাঁও বনিয়াপাৰাত, সাধাৰণ পৰিবেশত। মোৰ শৈশৱটো গাঁৱতে পাৰ হৈছিল। পুৱাৰ চৰাইৰ মাত, বিয়লি পথাৰৰ মৃদু বতাহ ,সন্ধিয়াৰ চৰাইৰ মাত আৰু সন্ধিয়াৰ চাকিৰ পোহৰ। পৰিয়ালটো আছিল সাধাৰণ, কিন্তু মূল্যবোধত ধনী। পিতৃ-মাতৃয়ে আমাক শিকাইছিল—সততা, পৰিশ্ৰম আৰু আত্মসন্মানেই মানুহৰ প্ৰকৃত সম্পদ।শৈশৱতেই মই লক্ষ্য কৰিছিলোঁ—মই অলপ বেছি ভাবো। সৰু কথাতো অলপ বেছিকৈ ভাবো। হয়তো সেই কাৰণেই শব্দ, কাগজ আৰু কলমৰ প্ৰতি মোৰ আকর্ষণ গঢ় লৈ উঠিছিল। কিতাপ পঢ়ি মই আন এখন পৃথিৱী বিচাৰি পাইছিলোঁ।পঢ়াশুনাৰ পথটো মোৰ বাবে সদায় সহজ নাছিল। কেতিয়াবা আৰ্থিক সমস্যা, কেতিয়াবা মানসিক অশান্তি—তথাপিও মই থমকি ৰোৱা নাছিলো। শিক্ষা মোৰ বাবে কেৱল ডিগ্ৰী লাভৰ মাধ্যম নাছিল; ই আছিল নিজকে চিনি পোৱাৰ আনৰ আগত নিজকে চিনাকি দিয়াৰ এক যাত্ৰা।এই সময়ছোৱাত মই সমাজক বেছি ওচৰৰ পৰা দেখিলোঁ—মানুহৰ দুখ, অবিচাৰ, ৰাজনীতিৰ কুটিলতা, আৰু সংবাদৰ শক্তি। সেইয়াই হয়তো মোক লেখনীৰ ফালে টানি লৈ গ’ল।
কৰ্মজীৱন:-কৰ্মজীৱনত প্ৰৱেশ কৰোঁতেই বুজি পালোঁ—জীৱন কিতাপৰ দৰে সহজ নহয়। মই বিভিন্ন ধৰণৰ কামৰ সৈতে জড়িত হ’লোঁ, ফাৰ্মাচি ক্ষেত্ৰৰ সৈতে সম্পৰ্ক গঢ়িলোঁ, ঔষধ, ৰোগী আৰু মানুহৰ বেদনা ওচৰৰ পৰা দেখিলোঁ।এজন ৰোগীৰ চকুত আশাৰ পোহৰ দেখিলে মোৰ মনটো বেলেগেই ভৰি পৰে। সেই মুহূৰ্তবোৰে মোক বুজাইছে—মানুহক সহায় কৰাটোৱেই আটাইতকৈ ডাঙৰ সাফল্য।একেলগে মই সংবাদ আৰু লেখালেখিৰ সৈতে জড়িত হ’লোঁ। আঞ্চলিক বাতৰি, সমাজৰ জ্বলন্ত সমস্যা, নীৰৱ মানুহৰ কণ্ঠস্বৰ—এইবোৰ মোৰ কলমৰ বিষয় হৈ উঠিল। বিভিন্ন কাকতৰ সৈতে সংযোগে মোক এটা পৰিচয় দিলে, কিন্তু তাৰো ডাঙৰ কথা—ই মোক দায়িত্ববোধ শিকালে।
লেখালেখি:-লেখা মোৰ বাবে কেৱল চখ নহয়—ই মোৰ বাস্তব ঘটনা সমাজৰ আগত ডাঙি ধাৰাৰ এক লক্ষ্য। যেতিয়া মন ভাঙে, যেতিয়া সমাজে হতাশ কৰে, তেতিয়া মই শব্দৰ আশ্ৰয় লওঁ। কবিতা, প্ৰবন্ধ, অনুবাদ, কাহিনী—প্ৰতিটো লেখাত মই নিজকে অলপ অলপ উজাৰি দিওঁ।মই বিশ্বাস কৰোঁ—লেখকে সমাজৰ বাস্তব ঘটনা ডাঙি ধৰিব পাৰে। সেয়েহে মই সত্য লিখিবলৈ চেষ্টা কৰোঁ, যদিও সত্য কেতিয়াবা তিতা হয়।
সংগ্ৰাম আৰু নীৰৱ যুদ্ধ:-মোৰ জীৱনটোও সংগ্ৰামৰ বাহিৰে নহয়। বহু সপোন অপূৰ্ণ ৰৈ গ’ল, বহু বিশ্বাস ভাঙিল। কিছুমান নিশা নিদ্ৰাহীন কটালোঁ—ভৱিষ্যৎক লৈ চিন্তাত। কিন্তু মই হাৰ মানিব নাজানিলোঁ।মই শিকিলোঁ—জীৱনত আটাইতকৈ ডাঙৰ যুদ্ধটো মানুহে নিজৰে সৈতে কৰে।
সপোন আৰু আগন্তুক পথ:-আজিও মোৰ সপোন আছে। এখন ভাল উপন্যাস লিখাৰ সপোন, সমাজক অলপ হলেও সলনি কৰিব পৰা লেখাৰ সপোন, আৰু এজন সৎ, দায়িত্বশীল মানুহ হিচাপে পৰিচিত হোৱাৰ সপোন।মই বিশ্বাস কৰোঁ—যদি মনত সততা থাকে, পথ নিজেই ওলাই আহে।মোৰ জীৱনীখন কোনো মহানতাৰ গল্প নহয়। ই এজন সাধাৰণ মানুহৰ অসাধাৰণ যাত্ৰাৰ কথা। মই আজিও যাত্ৰাত আছোঁ। শেষ পৃষ্ঠা এতিয়াও লিখা হোৱা নাই।জীৱন চলি আছে—কলমো চলি থাকিব।  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)