কেতিয়ালৈ আহিবা তুমি ?
মই ৰৈ আছো তোমালৈ
সীমাহীন আশাৰে ।।
তোমাক লগ পাব বৰকৈ মন গৈছে ,,
সেই আগৰ সময়বোৰৰ দৰে ।
উফ্ ,, বৰ যন্ত্ৰনা !
তোমাৰ স্মৃতিবোৰ
মোৰ বুকুৰ গভীৰতাত সাঁচি
জীয়াই থকাটো ।
তোমাৰ কথা ভাবিলেই জানা ,
বুকুত ভাহি উঠে ,এটি মিঠা সুৰ ।
কিন্তু আজিও বুজি নাপালোঁ ?
নিষ্ঠুৰ তুমি নে ,মোৰ সময় !
হয় কান্দিছো,
চকুপানী বোৰ শুকাই গৈছে,
তোমাক নোপোৱাৰ বেদনাত ।
চকুপানী বোৰৰ লগতে
তোমাৰ স্মৃতিবোৰো ,
ত্যাগ কৰিব চেষ্টা কৰিছোঁ,
কিন্তু মই পৰা নাই ।
দেখিছিলো জানা মইও, তোমাৰ দুচকুত ,
এটি সজল সপোন।
সাজিছিলোঁ এখন মৰমৰ ঘৰ,
য'ত তুমি, মই আৰু আমি।
এতিয়া যেন আমি এটা
আধৰুৱা প্রেমৰ গাথা ন' ,
অস্তিত্ব হেৰুৱা !
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ