কোনে বাৰু শান্ত কৰাই অশান্ত মনটিক
মনৰ চটফটনী, হৃদয়ৰ উচুপনি
শুনিবলৈ আহৰি আছেই বাৰু কাৰ
জীৱন নদীৰ বিষণ্ণ ঢৌৰ আঁচোৰত
ক্ষত বিক্ষত হৃদয়ৰ ক্ৰন্দন
শুনিবলৈ আহৰি আছেই বাৰু কাৰ
ভগ্ন হৃদয়ৰ উচুপনিৰ শব্দই
কাৰ বুকুত এজাক ধুমুহাৰ সৃষ্টি কৰে বাৰু
হাঁহিৰে আৱৰি ৰখা
অশ্ৰুসিক্ত নয়নৰ ঠিকনা
জানিব বিচাৰে বাৰু কোনেই
ভিৰৰ মাজতো নিসংগতাই আৱৰি ধৰা
অনুমান কৰিব পাৰে বাৰু কোনে
হাঁহিৰ পোহৰে লুকুৱাই ৰখা
মনৰ এন্ধাৰখিনি কোনে বাৰু বিচাৰে চাব
ৰং বিহীন উকা কেনভাছ্
প্ৰিয় হ'বই বাৰু কাৰ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ