দিশে দিশে ,দেশে দেশে , নগৰে চহৰে,জনে জনে,বুকুৱে বুকুৱে।
প্ৰাণৰ জুবিন!
তুমি ফুৰিছিলা
অসমৰ বোকাৰ মাটিত
মৰতত সৰগ নমাই
শিল্পী তুমি অসমৰ
শিল্পী তুমি ভাৰতৰ ,শিল্পী তুমি দেশ বিদেশৰ।
আজন্ম প্ৰেমিক তুমি দুখী দৰিদ্ৰৰ
জীৱ জগতৰ,চিৰ সেউজৰ।
পূৰ্ব ভাৰতীৰ মৰমী কোলাত জনম লভি
মহাজীৱনৰ কৰি আৰাধনা
গীতেৰে,সুৰেৰে
কবিতাৰ ছন্দেৰে
জয় কৰি জনতাৰ প্ৰাণ
সাজিলা সুৰৰ দেউল যাউতিযুগীয়াকৈ,বিজয়ৰ পতাকা উৰুৱাই
সোণৰ কলচী থাপিলা
সপোনৰ সুউচ্চ
কাঞ্চনজংঘাৰ শিখৰত।
আজিযে নিমাত হ'ল অসমভূমি
স্তব্ধ হ'ল কুলিৰ কাকলি!
কোনেনো নিলেহি কাঢ়ি,হিয়াৰ মুকতামণি,প্ৰাণৰ পুতলি,নিঠৰুৱা কৰি থৈ অসমভূমিক, সোণৰ সঁজাটি কৰি ছাই ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ