ভালে থকাৰ আশীৰ্বাদ বিচাৰি আপোনালৈ মোৰ জীৱনৰ প্ৰথমখন চিঠি। মৰম শব্দটোও কেতিয়াবা আপোনাৰ বাবে একেবাৰে সংক্ষিপ্ত হয়। মোৰ হৃদয়ত ভালপোৱাৰ স্বৰ্গীয় অনুভূতি সিচাঁ আপুনি মোৰ একেবাৰে নিজৰ, একান্ত ভাললগা।
কৃষ্ণচূড়াৰ দেশত শাওণৰ বৰষুণজাকেও বসন্তৰ প্ৰেমৰ ৰহণ সানিছে। সেই যে আপোনাৰ লগত প্ৰথম দেখা। নাম নাজানো অথচ' কিবা এটা ভাললগা, তাৰপিছত কথা। কথাৰ মাজত চকুযুৰিয়ে আপোনাকে চাই আছিল। চকুত চকু পৰি লাজতে ৰঙা-চিঙা। আপুনি যে পলাইছিল মোৰ চকুৰ পৰা। কি আছিল সেয়া? ভয় নে দূৰ্বলতা? আপোনাৰ নামত মোৰ হৃদয়ত এতিয়া প্ৰেমৰ চাকিগছ অহৰহ জ্বলি থাকে। আপুনি আছে বাবেই প্ৰতিজোপা অৰুকেৰীয়াত মই সপোনৰ চহৰত কেঁচা স্মৃতি সাঁচিছো। মোৰ এই একপক্ষীয়তাক আপুনি নাকচ কৰিলেও মোৰ হৃদয়ৰ থাপনাত প্ৰেমৰ ফুলপাহ আপোনাৰ নামতেই থাকিব সদায়। আপোনাৰ সেই হাঁহিটো দেখিলে মই যে থৰ লাগি ৰৈ যাওঁ। আপুনি কি হ'ল বুলি সোধে অথচ' নাজানে মই কিয় ৰৈ যাওঁ। হোষ্টেললৈ যোৱাৰ বাটত সদায় আগবঢ়ায় অথচ' নাজানে কিয়। সকলো খবৰ লয় অথচ' ৰৈ যায় তাতেই মনৰ বাতৰি ল'বলৈ। কেতিয়াবা কি জানে হেঁপাহ পলুৱাই আপোনাক চাবলৈ মন যায়, কিন্তু লাজে হেঁচা মাৰি ধৰে যে।
চাওঁতে চাওঁতে এতিয়া আপোনাৰ লগত এই যাত্ৰাৰ শেষৰটো স্তৱক। এই তিনিবছৰীয়া স্মৃতিৰ পাতত আপুনি নামৰ পৃষ্ঠাটোৱে মোৰ সবাতোকৈ প্ৰিয় হৈ ৰ'ব। বাৰু বহু লিখিলোঁ। কেতিয়াবা আপুনিও লিখিবচোন মনৰ বাতৰিবোৰ মই বুজাকৈ। আৰু এটা কথা আপোনাৰ বাঁহীৰ সুৰত এতিয়া মোৰ হিয়া,মন সকলো উন্মনা। শেষত আপোনালৈ বুলি এষাৰি
" ভালপোৱা মানেই যে আপুনি
মোৰ সপোনৰ চহৰত
আপুনিয়ে কৃষ্ণচূড়াৰ পাহি।
অপূৰ্ণ আশা হৈ ৰ'লেও
আপুনি মোৰ জীৱনৰ
একমাত্ৰ প্ৰিয় হৈ ৰ'ব"
ইতি__
আপোনাৰ প্ৰিয়তমা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ