ভালপোৱা-তৃষা কটকী

Mousumi Bhuyan
0
"দিয়ানা।"
"নিদিওঁ।"
"দিবানে?"
"ওহো।নিদিওঁ।"
"প্লিজ কলিজা,দিয়াছোন।"
"নিদিও,তোমাক মই অথনি ইমান অনুৰোধ কৰিলো তুমি এবাৰো মোক নজনালা।"
"ছ’ৰি কলিজা।অথনি ব্যস্ত আছিলো অ’।তোমাৰ ফটো এখন দিয়ানা,বহুত দিন হ’ল মই তোমাক দেখাই নাই।"
"নিদিও মই।"
"ঠিক আছে,তেনেহ’লে মই গৈ আছো।"
"হ’ব থোৱা তোমাৰ ডায়লগ।"
"বাৰু।"
বৰষা আৰু হিৰণ্য দুয়ো প্ৰেমৰ সম্পৰ্কত থকা প্ৰায় ডেৰ বছৰেই হ’ল।দুয়ো দুয়োকে যথেষ্ট ভাল পায়।হিৰণ্যই মৰমতে বৰষাক কলিজা বুলি মাতে।যদিও সম্পৰ্কটোত ঘৰুৱা বাধা আছে তথাপিও আছে দুয়ো দুয়োৰে প্ৰতি সন্মান,নিষ্ঠা আৰু দায়িত্ববোধ।হিৰণ্যই তেজপুৰ ইউনিভাৰ্চিটিত হিউমেন ৰিৰ্চাচ ডেভেলপমেণ্টত মাষ্টাৰচ পঢ়ি আছে।পৰীক্ষাৰ সময়ত বৰষাই হিৰণ্যক নোটচবোৰ বনাই তাক পঢ়িবলৈ হোৱাটচআপতে পঠাই দিয়ে।সিও তাই দিয়া ধৰণেৰে পঢ়ি ছেমিষ্টাৰবোৰ পাছ কৰি গৈছে।
বৰষাই ঘৰুৱা কামবোৰ কৰি উঠি বিছনাত বাগৰ দিব লওতেই হিৰণ্যৰ ফোন আহিল।সময় তেতিয়া প্ৰায় সন্ধিয়া আঠ বাজিছে।
"হেল্ল’,!"
"গেটখন খোলা,তলা মাৰি থোৱা আছে।"
"সঁচাকে তুমি আহিছা।"
"উম।বাহিৰলৈ ওলাই আহা আৰু চোৱা।"
বৰষাই ফোনটো হাতত লৈ গেটৰ কাষলৈ দৌৰি গ’ল।
"হয়,তলা লগোৱা আছে বাহিৰৰ পৰা।"
"ছাবি মোৰ লগত নাই।মোৰ বিশ্বাস হোৱা নাই যে তুমি আহিছা।"
"এতিয়া মোক এনেকৈ বাহিৰতে ৰখাই থ’বা নেকি?"
"ৱাল পাৰ হ’ব পাৰিবা জানো? "
"ইমান দূৰ তোমাক চাবৰ বাবে আহিব পাৰো,এইটোনো কি ডাঙৰ কথা। "
এইবুলি এক জাপ মাৰি হিৰণ্য ৱাল পাৰ হৈ আহি বৰষাৰ কাষ পালেহি ।আন্ধাৰত দুয়ো দুয়োৰ চকুলৈ কিছু সময় চাই থাকিল।
"ঘৰত কোনো নাই নেকি?
নাই।সকলো বিয়া খাবলৈ গৈছে।"
"অহ,মই বৰ বেয়া সময়ত আহিলো।"
"আহিছা যেতিয়া ব’লা ভিতৰলৈ।"
"নাযাওঁ নেকি?"
"কিয়?"
"ঘৰটোত অকল তুমি আৰু মই।ভয় নালাগেনে তোমাৰ?"
"তাতে কি হ’ল?অভ্যাস হৈ গৈছে।চাহ একাপ বনাম,
এনেকৈনো হঠাতে আহেনে?"
"তুমিটো জানাই,তোমাক নেদেখিলে মোৰ কামবোৰ ঠিক নহয়।মাৰ পিছতেই তোমাৰ স্থান মোৰ ইয়াত"।বুকুখনলৈ দেখুৱাই হিৰণ্যই ক’লে।
"হ’ব ব’লা ভিতৰলৈ।"দুয়ো আগবাঢ়ি ভিতৰলৈ গ’ল।।হিৰণ্যক বহিবলৈ দি বৰষা চাহ বনাবৰ বাবে পাকঘৰলৈ গ’ল।চাহৰ সৈতে কেইখনমান বিস্কুট আৰু ভুজিয়া প্লেটত সজাই হিৰণ্যলৈ আগবঢ়াই দিলে।
"লোৱা চাহ খোৱা।বৰ বেয়া দেই তুমি।"
"মই এনেকুৱাই।" চাহকাপ হাতত লৈ হিৰণ্যই ক’লে।
"অথনি তোমাক মোৰ ফটোখন নিদিলো বাবেই…
মই তুমি অবিহনে থাকিব নোৱাৰো কলিজা।দিনটোত তোমাক এবাৰ চাব পাৰিলেই মোৰ দিনটো সফল হয় জানা।তুমি সদাই থাকিবানে মোৰ লগত?"
"উম,সদাই থাকিম মই"।এইবুলি হিৰণ্যৰ কান্ধত তাই আশ্বাস দিলে।
"বহুত ভালপাওঁ তোমাক,কিমান বুজাব নোৱাৰো।সেয়ে এনেকৈ গুছি আহিছো তোমাক চাবলৈ।"
"উম বুজিছো।"
"তুমি অকলে থাকিলে মোৰ বৰ ভয় লাগে। কোনোবাই যদি তোমাৰ কিবা ক্ষতি কৰিব বিছাৰে মই কিন্তু তাক শুদাই নেৰো,মাৰি পেলাম"।থোকাথুকি মাতেৰে হিৰণ্যই ক’লে।
"আৰে কিয় ভয় কৰিছা,মই য়ে ভয় নকৰো।তুমি আছা তাতেই মোৰ সাহস।"সান্তনা দি বৰষাই ক’লে।
"ৰ’বা মই তোমাৰ বাবে ভাত বনাঁও।"
"নালাগে মই যাওঁ।এইদৰে ঘৰৰ ভিতৰত মই সোমাই থকাটো ভাল কথা হোৱা নাই।পিছত আকৌ আহিম। তেতিয়া খাম।তুমি ভালকৈ থাকিবা।এতিয়া যাওঁ হা।বাই।"
যোৱাৰ সময়ত হিৰণ্যই বৰষাৰ কপালত এটা চুমা আঁকি দিলে।তাই সি যোৱাৰ পিনে একেথৰে চাই থাকিল।দুচকুৰ পৰা দুধাৰি লোটক বৈ আহিল বৰষাৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)