অসমৰ থলগিৰি গৰীয়াসকল - নাজৰিন ৰহমান

 protibha phukon
0
গৰীয়াসকল অসমৰ  থলগিৰি লোক৷ গৰীয়া শব্দৰ অৰ্থ প্ৰকৃততে বাদ পৰা ,এৰা পৰা ৷ পিঠাগুৰি চালোতে চালনিৰে সৰকি নগৈ ওপৰত ৰৈ যোৱা খিনিক যিদৰে গৰীয়া পৰা বুলি কোৱা হয়  ঠিক তেনেকৈ আমাৰ সমাজৰ কোনো লোক সামাজিক দায় দোষৰ বাবে সমাজ জীৱনৰ পৰা সামাজিক ভাৱে বাদ পৰিছিল বা এৰা পৰিছিল ৷ সেই সকলকে গৰীয়া পৰা  'গৰীয়া ' বুলি কৈছিল । গৰীয়া মানে পূৰ্বতে ইছলাম ধৰ্মৰ লোকক বুজোৱা হোৱা নাছিল । কাৰণ তেওঁলোকে আৰ্য্কৰণত( হিন্দু ধৰ্ম গ্ৰহণ নকৰি পূৰ্বৰ দৰেই প্ৰকৃতিৰ উপাসনা কৰি থাকিছিল) চামিল নোহোৱাৰ বাবে তথা সমাজৰ নীতি নিয়ম ভংগ কৰি সমাজৰপৰা এলাগী হৈ গৰীয়াকৰণত জাহ গৈছিল। নিজ সমাজ আৰু ধৰ্মৰ পৰা বাদ পৰি বছৰ বছৰ ধৰি এঘৰীয়া হৈ থকা এই লোকসকলে চুফী সাধকসকল,বিশেষকৈ আজান ফকীৰৰ বুজনিত ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈ পুনৰ সামাজিক মৰ্য্যদা লাভ কৰিছিল। এনেদৰে অসমত গৰীয়া পৰা মানুহৰপৰা খিলঞ্জীয়া ইছলাম ধৰ্মী  গৰীয়া জনগোষ্ঠীৰ সৃষ্টি হয়। পাছলৈ অৱশ্যে এই গৰীয়াসকলৰ লগত বিভিন্ন কাৰণত প্ৰব্ৰজিত ইছলাম ধৰ্মী লোক সকল, যুদ্ধ বন্দীসকলো সংমিশ্ৰিত হৈ মিলি গৈছিল।  

গৰীয়াসকলৰ ধৰ্মহে ইছলাম।  তেওঁলোকৰ ভাষা ,সংস্কৃতি, পৰম্পৰা সম্পূৰ্ণ অসমীয়া।                            অসমৰ কেইবাখনো বুৰঞ্জী, তামৰ ফলি,বৰতোপৰ গাত কটা আখৰত গড়ীয়া (গৰীয়া) শব্দটো পোৱা যায়। ১২২৮ খ্ৰীষ্টাব্দত  চাউলুং চুকাফা পাটকাই পৰ্বত পাৰ হৈ প্ৰাচীন অসমৰ  সৌমাৰপীঠত প্ৰৱেশ কৰোঁতে  গৰীয়া বোলা পলৰীয়া মানুহ এঘৰ (মানে এজন মানুহৰ পুত্ৰ-পৰিবাৰ সহিতে পৰিয়াল) লগ পাই লগত আনিছিল ।  । চ্যুকাফাই বাটত পাই লগত অনা গৰীয়া বোলা মানুহজনৰ সতি-সন্ততি তথা নাতি-পুতিক চ্যুকাফাদেৱৰ নাতি চুবিনফা ৰজাদেৱে চইজৰি বঁটা দি নাম দিলে চেংচাই আৰু তেওঁলোকক বেজিৰ কামো কৰিবলৈ দিলে । তেওঁলোকক বকতাত সংস্থাপিত কৰা হৈছিল বাবে  বকতীয়াল বুলিও কোৱা হয় । চেংচাই প্ৰকৃততে এজন ব্যক্তি নহয় আৰু চাওলুং চ্যুকাফাই লগ পোৱা গৰীয়াজনো নহয় । প্ৰকৃততে চ্যুকাফাই লগ পোৱা গৰীয়াজনৰ পৰৱৰ্তী বংশধৰক (নাতি-পুতিক) হে চেংচাই বোলা হৈছিল । এই কথা হিতেশ্বৰ বৰবৰুৱাদেৱৰ ঐতিহাসিক গ্ৰন্থ "আহোমৰ দিন"ত  উল্লেখ আছে৷

মোমাই তামুলী বৰবৰুৱাই গাঁও বিলাক গঠন কৰোতে গাঁৱে গাঁৱে গৰীয়া মুছলমান বহোৱাৰ কথা বুৰঞ্জীৰ পাতত উল্লেখ আছে। মণিৰাম দেৱানে তেখেতৰ বুৰঞ্জী বিবেকৰত্নত অসমৰ জনগোষ্ঠীসমুহৰ এখন তালিকা উল্লেখ কৰিছিল৷ তালিকাত গৰীয়াসকলৰ নামো সন্নিৱিষ্ট আছে৷                       

অসমৰ জাতীয় জীৱনত গৰীয়া সকলৰ অৱদান লেখত লবলগীয়া। গৰীয়া সকল ধৰ্মান্তৰিত ইছলাম ধৰ্মী হোৱাৰ বাবে  ইছলামীয় প্ৰভাৱ প্ৰতিটো ক্ষেত্ৰতে বিৰাজমান যদিও তাৰ বাবে তেওঁ লোক অসমীয়া বৈশিষ্ট্যৰ পৰা আতঁৰি যোৱা নাই ।  গৰীয়াসকলৰ জন্ম,বিবাহ, মৃত্যু, দৈনন্দিন জীৱন , আচাৰ ব‍্যৱহাৰ, লোকবিশ্বাস , খাদ্য সংস্কৃতি সকলোতে অসমীয়া জনজীৱনৰ চাপ স্পষ্ট কৈ পৰিলক্ষিত হয়।                    গৰীয়া সকলে মোগলৰ অসম আক্ৰমণৰ সময়ছোৱাত স্বধৰ্মী মোগলৰ পক্ষ নলৈ স্বজাতিৰ স্বাৰ্থত মোগলৰ বিৰুদ্ধে যুজঁ দিছিল। সেই বাবে মিৰজুমলাৰ লগত অহা লিপিবদ্ধকাৰ চিহাবুদ্দিন তালিচে গৰীয়া সকল নামতহে মুছলমান বুলি ক্ষোভ উজাৰিছিল। আহোমৰ আটাইতকৈ ঘাতক টোপ ৰিপুঞ্জয়ৰ নিৰ্মাতা গেন্ধেলা গৰীয়া এজন গৰীয়া জনগোষ্ঠীৰ লোক, মিৰজুমলাৰ সেনাক গড়গাঁওত প্ৰৱেশ কৰাত বাধা দিছিল শিৱসাগৰ জিলাৰ চূণপোৰাৰ চুলতান গৰীয়াই, লাচিত বৰফুকনৰ দেহৰক্ষী  ভকুৱা গৰীয়াই মোগলৰ বিৰুদ্ধে প্ৰথম জাঁই বৰটোপৰ খাৰত জূই দিছিল।  বিখ্যাত মহগড় যুদ্ধত মানৰ হাতত বীৰত্বৰে প্ৰাণ আহুতি দিয়া ৰমজান খাঁ হিলৈধাৰী বৰুৱা গৰীয়া জনগোষ্ঠীৰ আছিল৷ গেন্ধেলা গৰীয়াই নিৰ্মাণ কৰা বৰটোপে আজিয়ো  তলাতল ঘৰৰ প্ৰাংগনত গৰীয়াৰ অস্তিত্বৰ প্ৰমাণ বহন কৰি আছে। ইতিহাসত এওঁলোককক গৰীয়া বুলিয়েই উল্লেখ আছে৷ কাৰণ আহোম শাসনকালত গৰীয়াৰ সুকীয়া পৰিচয় আছিল ৷ আজিকালিৰ একাংশ তথাকথিত বুৰঞ্জীবিদে পিছে এওঁলোকক মুছলমান বুলি উল্লেখ কৰে৷

       স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ সময়ত স্থাপন কৰা এখন দেওশাল হল বকতা বৰদেওধাই বৰদেওশালI তাত  প্ৰতিবছৰে নহ'লেও  ধাৰাবাহিক ভাবে ওমফা পূজা অনুষ্ঠিত হয় I বিভিন্ন দেৱ দেৱীৰ উদ্দেশ্যে আগবঢ়োৱা পাং বা শৰাইৰ লগতে দুখন পাং গৰীয়া ৰজা আৰু মৰীয়া ৰজাৰ উদ্দেশ্যে আগবঢ়োৱা হয়I অসমীয়া জাতি গঢ়োতা আহোম সকলৰ এনে ধৰ্মীয় উদাৰতাক লৈ গৌৰৱ কৰাৰ থল আছেI
সাতঘৰীয়া আহোমৰ ভিতৰত পুৰোহিত মহন,দেওধাই আৰু বাইলুং সকল  সম্ভ্ৰান্ত শ্ৰেণীৰ আছিলI স্বৰ্গদেও সকলৰ পূজা অৰ্চনাৰ ওপৰিও ইতিহাস লিখা, বান চেং বা মঙ্গল চাই  ভাল বেয়া উপদেশ দিয়া তেওঁলোকৰ প্ৰধান দায়িত্ব আছিলI দেওধাই সকলৰ এটা ফৈদক গৰীয়া দেওধাই হিচাপে জনা যায়I                  
গৰীয়া সকল অসমীয়া সমাজৰ অবিচ্ছেদ্য অংগ তেতিয়াও আৰু এতিয়াও তাত কোনো সন্দেহ নাই। আহোম ৰাজত্ব কালত গৰীয়া সকল বিশ্বাসী অনুগত্য পাইক আছিল বুলি উল্লেখ আছে। কাৰিকৰী দিশত আগৰণুৱা আছিল বাবে ৰজাৰ প্ৰিয়পাত্র হবলৈ সক্ষম হৈছিল। যদি গৰীয়াসকল বিদেশী হ'ল হেতেন তেন্তে গৰীয়া পাইক হ'ব নোৱাৰিলেহেতেন কাৰণ  বিদেশী লোকক পাইকৰ কাকতত অন্তৰ্ভুক্ত কৰা আহোম ৰাজত্ব কালত দন্দনীয় অপৰাধ আছিল।
                  ড° লীলা গগৈয়ে তেখেতৰ "অসমৰ সংস্কৃতি "ত উল্লেখ কৰিছে যে সমাজচ্যুত মানুহৰ সুকীয়া গাওঁ বহিছিল আৰু এনে গাওঁক গৰীয়া গাওঁ বুলিছিল৷৷লীলা গগৈৰ ৰচনাৱলী , তৃতীয় খণ্ডত তেওঁ উল্লেখ কৰিছে যে শিৱসাগৰ নগৰৰ উপকন্ঠ অঞ্চলৰ ইছলাম ধৰ্মী লোক এজনৰ ঘৰত এখন বুজন আকাৰৰ বুৰঞ্জী আছিল৷ ঘৰৰ গৰাকীয়ে তেওঁক বুৰঞ্জীখন দিবলৈ প্ৰথমে মান্তি হৈছিল যদিও পিছত আসৈ মাতিলে৷ কাৰণ মানুহ ঘৰ আদিতে আহোম আছিল৷ তেওঁলোক বিলাক কিবা সামাজিক কাৰণত গৰীয়া পৰি ইছলাম ধৰ্মত দীক্ষিত হৈছিল এই তথ্য প্ৰকাশ পোৱাৰ আশংকাতে  লীলা গগৈ দেৱক বুৰঞ্জী খন নিদিলে৷
আহোমৰ পৰা ধৰ্মান্তৰিত গৰীয়াসকলে পূ্ৰ্বপূৰুষৰ বাবে বাৰীৰ চুকত আগবঢ়োৱা সাজৰ সকামৰ কথা উজনিত সকলোৰে জ্ঞাত ৷ মোৰ আজো ককা জীৱিত থকালৈকে এই সকাম প্ৰচলিত আছিল৷ মাটিৰ চিঠা বহী পৰীক্ষা কৰিলে দেখা পোৱা যায় গৰীয়াসকলৰ পূ্ৰ্বপূৰুষৰ নাম সমুহ অধিকাংশই থলুৱা সুগন্ধিৰে ভৰা ৷ গোলাঘাট মৰঙীৰ আব্দুল আজিজ ডাঙৰীয়াই  এন আৰ চিৰ বাবে প্ৰয়োজন হোৱা লিগেচী অনুসন্ধান কৰোঁতে নিজৰ পূৰ্বপুৰুষৰ  নাম সমুহ পাইছিল এনেদৰে ধুম<— কামেশ্বৰ<— হেদায়<— হুছেইন<— পিয়াৰ মহম্মদ৷ এইটো এটা সামান্য উদাহৰণহে ৷ এনে বহুত উদাহৰণ গৰীয়াসকলৰ মাজত আছে৷


গৰীয়াসকলৰ মাতৃভাষা অসমীয়া৷  তেওঁলোকৰ কোনো আন উপভাষা বা দোৱান নাই৷ 

পিছে একাংশই গৰীয়াসকল গৌড় দেশৰ পৰা অহা  বুলি এটা অবান্তৰ ব্যাখ্যা দাঙি ধৰি থলগিৰি গৰীয়াসকলক নিজৰ মাতৃভূমিতে  বহিৰাগত সজোৱাৰ ষড়যন্ত্ৰত লিপ্ত ৷

ড° নগেন শইকীয়া দেৱে তেখেতৰ অসমীয়া মানুহৰ ইতিহাসত  কৈছে যে যিসকল অসমীয়া হিন্দু মানুহ ধৰ্মান্তৰিত হৈছিল তেওঁবিলাক নিজৰ মূল খেলৰপৰা বাদ পৰিছিল বা গৰীয়া পৰিছিল ৷ সেইবাবে তেওঁবিলাক গৰীয়া নামেৰে পৰিচিত হৈছিল৷ গৌড়ৰপৰা অহাবাবে গৰীয়া বোলা হ'লে গৌড়ৰপৰা অহা হিন্দু সকলো গৰীয়া নামেৰে পৰিচিত হ'লহেঁতেন৷

বিশিষ্ট লেখক মুকুট শৰ্মাদেৱেও তেওঁৰ ইতিহাসৰ ছাঁ পোহৰত নামৰ গ্ৰন্থখনত উল্লেখ কৰিছে যে  গৌড়দেশৰপৰা অহা বাবে গৰীয়া হোৱাৰ ধাৰণা একেবাৰে ভ্ৰান্ত৷ যদি গৌড় দেশৰপৰা অহা বাবে গড়ীয়া বা গৰীয়া হ'লহেঁতেন তেনেহ'লে গৌড়ৰপৰা অহা  ব্ৰাহ্মণসকলকো গৰীয়া বুলিয়েই ক'লেহেতেন৷


অসমত মুছলমানৰ প্ৰৱেশৰ আগৰে পৰাই গৰীয়া গাওঁ আছিল। মংগোলীয় মূলৰ প্ৰত‍্যেক জনগোষ্ঠীৰ পৰা বিভিন্ন সামাজিক কাৰণ, অসমাজিক বিবাহ, বিধৱা বিবাহ আদিৰ বাবে কিছু সংখ্যক লোক মূল সমাজৰ পৰা বাদ পৰিছিল অৰ্থাৎ ‘গৰীয়া’ পৰিছিল। সময়ৰ সোঁতত এই বাদ পৰা গৰীয়াৰ দ্বাৰাই গঠিত হৈছিল গৰীয়া গাওঁ। পৰৱৰ্তী সময়ত ইছলাম ধৰ্মত দীক্ষিত একাংশ লোকেও এই নৱ-গঠিত সমাজখনত সোমাই পৰিছিল। গৰীয়াৰ লগত মোগল, পাঠান,  আদিৰ কিন্তু কোনো সম্পৰ্ক নাছিল।
কোঁচৰজাৰ শাসন কালত মঙ্গলদৈ জিলাত একাংশ গৰীয়াক সংস্থাপিতও কৰা হৈছিল।  একাংশই ভবা আৰু কোৱাৰ দৰে, গৌড়, গোৰ, গৰু আদি শব্দৰ লগত গৰীয়া শব্দৰ সম্পর্ক নাই৷ বিভিন্ন সামাজিক কাৰণত সমাজৰ পৰা বাদ পৰা বা ‘গৰীয়া পৰা’ ধাৰণাৰ সৈতেহে গৰীয়া শব্দৰ সম্পর্ক বেছি৷

আমাৰ অধিকাংশ লোকেই নাজানে গৰীয়া শব্দৰ অৰ্থ। জনগোষ্ঠীয় পৰিচয়ৰ সলনি ধৰ্মীয় পৰিচয় দি হে এচামে গৰ্ববোধ কৰা দেখা যায়৷ জনাসকলে আকৌ নিজকে গৰীয়া বুলি পৰিচয় দিবলৈ লাজ পায়।  নিজৰ জাতি, জনগোষ্ঠীৰ পৰিচয়ক লৈ সচেতন নোহোৱা এচামৰ বাবেই গৰীয়াসকলৰ আজি এই অৱস্থা। নিজৰ জনগোষ্ঠীয় পৰিচয়ক লৈ সজাগ হওক ।  আমাৰ ভৱিষ্যত প্ৰজন্মক নিজৰ শিপাৰ সৈতে পৰিচয় কৰাওক। 

 গৰীয়াসকল বিশেষকৈ 
অসমৰ পূৰ্বৰ জাতি-জনগোষ্ঠী তথা মংগোলীয়সকলৰ পৰা ধৰ্মান্তৰিত । সেয়েহে গৰীয়া মুছলমানসকলৰ মুখাবয়ব , শৰীৰৰ গঠন অসমৰ জনজাতীয় লোকসকলৰ সৈতে সাদৃশ্য দেখা যায় ।  ইয়াৰোপৰি সামাজিক ৰীতি-নীতি , চলন-ফুৰনত অসমৰ অন্যান্য থলগিৰিসকলৰ লগত গৰীয়াসকলৰ পাৰ্থক্য দেখা নাযায় । কিন্তু বৰ্তমান আমদানিকৃত বিজতৰীয়া কিছুমান ধৰ্মীয় অন্ধবিশ্বাস তথা ৰীতি-নীতিৰ কৱলত বহু গৰীয়া লোকে নিজস্ব সত্তা হেৰুৱাৰ উপক্ৰম হৈছে । গৰীয়াসকল বহুক্ষেত্ৰত বহিৰাগত লোকৰ ধৰ্মীয় শাসন-শোষণৰ বলি হ'বলগীয়া হোৱাত তেওঁ বিলাকৰ অস্তিত্বৰ প্ৰতিও ভাবুকি আহিছে ।   গৰীয়াসকলৰ অস্তিত্ব অসমীয়া জাতি সত্তাৰ সৈতে সংম্পৃক্ত । গতিকে অসমীয়া জাতিৰ জাতীয় অস্তিত্বক গৰীয়াসকলে পূৰ্বৰ দৰেই খামুচি ধৰি থাকিলেহে অসমীয়া জাতিৰ লগতে গৰীয়াসকলৰ অস্তিত্ব ৰক্ষা হ'ব ।

উৎস= ১/আহোমৰ দিন —হিতেশ্বৰ বৰবৰুৱা

২/ ড° লীলা গগৈৰ ৰচনাৱলী 

৩/ অসমীয়া মানুহৰ ইতিহাস—ড° নগেন শইকীয়া
৪/ ইতিহাসৰ ছাঁ পোহৰত গৰীয়া মৰীয়া দেশী = মুকুট শৰ্মা

✍️নাজৰিন ৰহমান৷  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)