অনুতপ্ত - অখিল বৰদলৈ

 protibha phukon
0
গাঁওখনৰ নাম" নন্দনপুৰ" ১৯৯৮  চনৰ শাওন মাহৰ কোনোবা এটা দিন । বাৰিষাৰ বতৰ। কেইবা দিনো নেৰানেপেৰা বৰষুণৰ ফলত ৰাষ্টাত ভৰি দিবলৈ শুকান ঠাইৰ অভাব ।      
     নামঘৰত বজোৱা ডবাৰ মাত শুনাৰ পাছতেই চুবুৰিটো নিমাওমাও পৰিবেশ এটাই বিৰাজ কৰি গ'ল । মাখন খুড়াৰ ল'ৰা অনুপে খুপি, খুপি সেই পথেৰেই সকলোৱে শুনাকৈ কৈ গ'ল গোলাপ বৰদেউতা ঢুকাল। কথাটো শুনি সকলো যেন শিল পৰা কপৌ দৰে হ'ল ।কাৰণ গোলাপ বৰদেউতা এটা নাম নহয়, তাৰ মানত এটা অনুস্থান আছিল, গাৱঁৰ প্ৰায়খিনি মানুহৰ বাবে সাহস আছিল, গাৱঁৰ দুখীয়া মানুহখিনিৰ বাবে ভগৱান স্বৰূপ আছিল। সন্ধ্যা চাকি- ধূপ জ্বলাই আজৰি হৈছিল কি নহৈছিল? কথাটো শুনি সকলো বিমোৰত পৰা অৱস্থাৰ দৰে হ'ল।
         সমীৰে বাৰান্দাতে বহি গৰম চাহ কাপ ওঠৰ ওচৰলৈ নিছিলহে মাত্র, খবৰটো শুনি আৰু চাহ খোৱা নহ'ল । বহাৰ পৰাই মাকক চিঞৰি খৰৰটো দি হাফ পেন্ট এটা পিন্ধি গামোচা এখন কান্ধতে পেলাই কোবা- কোবিকৈ কালৈকো বাট নাচাই বৰ দেউতাৰ ঘৰলৈ বুলি খোজ ল'লে। মাকে  পাছফালৰ পৰা দা খন আৰু চার্জ লাইট টো লৈ যাবলৈ চিঞৰাত দুইটা বস্তু লৈ বেগাই লৰ মাৰিলে। মাকে সি যোৱাৰ ফালে অলপ সময় চাই থাকি চাহ খাও বুলি এৰি যোৱা গিলাচটো লৈ ভিতৰ সোমাল ।
      সমীৰ গৈ পোৱালৈ আন্ধাৰে গোটেই পৰিৱেশটো আগুৰি ধৰিলে Iদীঘলীয়া পদূলিটোৰ দুই মূৰে দুজোপা ডাঙৰ বকুল গছ। 
  কাষে, কাষে দুয়োপাৰে তামোল গছৰ শাৰী । তামোলৰ কাষে কাষে চাহপাতৰ সৰুকৈ এখন বাগান Iএখন আহল-বহল ডাঙৰ চোতাল, চোতালৰ এমূৰে এখন ফুলৰ বাগিচা I পুৰণি দিনীয়া অসম আৰ্হিৰ সম্পূর্ণ বগা ৰঙৰ এটা আটকধুনীয়া ঘৰ । ঘৰটোৰ এটা চুকত এখন থেলা, যেনিয়ে চোৱা তেনিয়েই মন পৰশা পৰিবেশ । গাওঁখনত বিদ্যুৎৰ সংযোগ থকা ঘৰ বুলিবলৈ বৰ দেউতাৰ ঘৰখনেই প্রথম আছিল । বর্তমান আৰু দুই চাৰিঘৰত বিদ্যুৎ সংযোগ হোৱা পৰিলক্ষিত হৈছে। বাৰান্দাৰ বাল্বৰ পোহৰত আগ চোতালখনৰ লগতে ঘৰটো দূৰৰ পৰাই জিলিকি আছে । লাইটৰ পোহৰত চোতালত দুই-এজন মানুহে জুম বান্ধি  কিবা আলোচনাতহে যেন ব্যস্ত হৈ আছে। বয়সস্থ কোনো এজন ব্যক্তিকে সেই সময়ত তাৰ দৃষ্টিত নপৰিল । ৰণ্টু(সমীৰৰ বন্ধু) ৰ লগত মাখন খুড়াকে কিবা পাতি থকা দেখি  সি সেইখিনি পালোগৈ । ৰণ্টুৱে যেন মনত অলপ সাহস পালে । সি কলে, ৰাতুল দাদা লৈ খবৰ পঠোৱা হ'ল, কিন্তু উত্তৰত একোকে নজনালে!!!! কথাটো শুনি সমীৰ কিছু সময় মৌন হৈ পৰিল। তাৰ যেন ভৰি তলৰ মাটিখিনি খহি পৰিছে;;
        ঘৰখনত গোলাপ বৰ দেউতাকৰ সংসাৰ বুলিবলৈ ঘৰত কাম কৰা ৰণ্টুৰ বাহিৰে বর্তমান সকলো থাকিও নথকাৰ দৰেই । এটা সময়ত এই গাৱঁৰে নিজে প্ৰতিষ্ঠা কৰা এল. পি. স্কুল খনৰ প্রধান শিক্ষকৰ দায়িত্বত আছিল I পত্নী অনিমা আৰু পুত্র ৰাতুলৰ সৈতে সুন্দৰ পৰিয়াল থকা ঘৰখন আজি মৰিশালী স্বৰূপ । 
       ক'ৰপৰা আৰম্ভ কৰি ক'ত শেষ কৰিম আদি-অন্ত নোপোৱা হ'লো । কাকনো শুনাম, কোনে ক'ব আদি-অন্তৰ কথা?
    বৰ দেউতাৰ পুত্র ৰাতুল এটা অত্যন্ত মেধাবী ছাত্র আছিল । প্রথম বিভাগত পাঁচোটাকৈ বিষয়ত লেটাৰ মার্ক সহ হাইস্কুল সীক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈ নন্দনপুৰ গাঁওখনলৈ সুনাম বুটলি আনিছিল। গাঁওখনৰ সকলোৰে মৰমৰ আছিল । সমীৰ,ৰন্টু আৰু ৰাতুল প্রায় একে বয়সৰে আছিল, যদিও পঢ়াৰ ক্ষেত্রত আমি তাতকৈ বহুত পিচ পৰি ৰৈছিলো । তথাপিতো সি আমাৰ লগ কোনো কাৰণতেই এৰা নাছিল । হাঁহি ধেমালিৰে গাৱঁৰ সকলোৰে লগত দিনবিলাক পাৰ হৈছিল। একেলগে খেলা-ধূলা কৰা, মাঘ বিহুত পথাৰৰ পৰা নৰা কাটি ভেলাঘৰ সাজি মেজি জ্বলায়, উৰুকাৰ নিশা বৰদেউতাৰ চোতালতে গাৱঁৰ সকলোৱে ভোজ-ভাত খাই গোটেই নিশা মেজিৰ জুইৰ তাপত বিহু নাচি নাচি পাৰ কৰিছিলো । গাৱঁৰ মানুহৰ জেওঁৰা- জপনা বিলাক চুৰ কৰি আনি মেজিৰ জুই ৰাতিপুৱালৈকে জ্বলায় ৰাখিছিলো । শাওন মহীয়া পথাৰত জাল টানি মাছ ধৰিছিলো, ন' বহাগত গাঁৱৰ চোতালে চোতালে শ্ৰৱণ-কীর্ত্তন কৰিছিলো । ৰাতি জেং বিহু জুৰিছিলো,এনেদৰেই প্রতিটো দিন ৰঙীন হৈ আছিল ।
           জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ বাবে সি এদিন বৰ দেউতাৰ কথা মতে চহৰত গৈ সুখ্যাতিৰে ডিগ্ৰী কমপ্লিট কৰি পুনৰ নন্দনপুৰ গাওঁলৈ ঘূৰি আহিল । বৰ দেউতাৰ আদৰ্শৰে অনুপ্রাণিত হৈ আমি নানান সামাজিক অনুস্থানৰ লগত জড়িত হৈ গাঁওখনৰ উন্নতিৰ বাবদ বহুখিনি গঠণমূলক কাম হাতত লৈছিলো! আৰু সেই মতে কৃতকাৰ্য্যও হৈছিলো । কিন্তু বিধাতাই যেন আমাৰ এই কর্মত হেঙাৰ ৰূপে থিয় দি আছিল?
      এদিন ৰাতুলে হঠাৎ এটা কর্মৰ খাতিৰত সুদূৰ মুম্বাইলৈ উৰা মাৰিলে"""""" যি গ'ল''' গ'লেই আৰু I এই নন্দনপুৰলৈ সেই দিন ধৰি আজিলৈকে ঘূৰি চোৱা নাই । মোৰ লগৰে অন্য এখন গাৱঁৰ মন্টুৰ মুখেৰে জানিব পাৰিলো সি হে'নো
       মুম্বাইৰ কোনো এক নামী-দামী কোম্পানী এটাত সোমায়, বিয়া-বাৰু কৰাই ঘৰৰ ফালে মূৰ কৰিবলৈ পাহৰিয়েই থাকিল । আনকি দেউতাকৰ অসুস্থতাৰ পিনে চাবলৈ  যেন সময় নাইকিয়া I বোৱাৰীয়েকৰ মুখ দেখাৰ সৌভাগ্য দেউতাকৰ আজিলৈকে ন'হল । দ্বিতীয় সন্তান এটা জন্মৰ সময়ত প্ৰসৱৰ যন্ত্রণাত পত্নী অনিমাৰো বিয়োগ ঘটিল। লগতে সন্তানটো কো লৈ গ'ল । অসহায় দেউতাকে সকলো দুখ সহ্য কৰি ৰণ্টুৰ লগতেই জীৱনৰ বাকী সময়খিনি হাঁহি-ধেমালিৰে সমাজৰ উন্নতি অর্থে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ লগত নিজকে ব্যস্ত ৰাখি পুত্ৰ-বোৱাৰীৰ মুখ নেদেখাকৈয়ে আজি ৰণ্টুৰ আশ্ৰয়তে চুক মুদিলে।
      ৰাইজৰ সেৱাত নিজকে আত্মনিয়োগ কৰা গোলাপ বৰদেউতাৰ মৃত্যুত আজি এটোপাল চকুলো টুকিবলৈ কাষত কিন্তু একমাত্র পুত্র নাই ।
      আগ চোতালত দুই-চাৰিজন যুবক, বয়োজেষ্ঠ দুজনমান ব্যক্তি আহি ইটো-সিটো কাম কৰাত ব্যস্ত হৈ পৰিল। জীৱিত অৱস্থাত ঘৰখনত মানুহৰ অভাৱ নাছিল। দেউতাৰ লগত নানা বিষয়ত, কাৰোবাৰ কিবা বিপদ-আপদ হ'লে, বা কোনো সামাজিক কথাৰ আলোচনা কৰিবলৈ অহা মানুহৰ হিচাপ দিব নোৱাৰি । আজি মানুহজন হঠাৎ নোহোৱা হোৱাত সদায় আহি গৈ থকা মানুহখিনিৰ ইমান পৰলৈ দেখা এটা দিবলৈয়ো আহৰি নাই I পৰিস্থিতিটোৱে সমীৰৰ মনত বৰ আঘাট দিলে । যিজন লোকে নিজৰ পেটত কৈয়ো আনৰ পেটৰ কথা চিন্তা কৰিছিল, নিজৰ উপাৰ্জনৰ টকাৰে নিজৰ লগতে বহুতৰে জীৱন চলাই আছিল, আজি এই পৰিস্থিতি দেখি বহুতৰ বাবে মানুহজন ভগৱান স্বৰূপ আছিল বুলি ভবাটো যেন ভুল আছিল?
     ধূসৰ অতীতৰ স্মৃতিয়ে মন আৰু হৃদয় অভিভূত কৰি তোলে। জীৱনত লাগতিয়াল সকলো বস্তু কিনিব পাৰিলেও অনুভূতি কোনো দিনেও কিনিব পৰা নাযায়। আজি এজন নির্ভেজাল ব্যক্তিৰ সান্নিধ্য হেৰুৱালো । বৰদেউতাৰ নিস্বার্থ ত্যাগৰ মূল্য জুখিব নোৱাৰি । কাৰন বৰদেউতাৰ সুদীর্ঘ সময়ৰ সান্নিধ্যত গাঁওখন পৰিবৰ্তিত হৈছিল পূণ্যভূমিলৈ । যেই কি নহওক'''''''
           গাঁওখনত মানুহ বুলিবলৈ প্রায় ৬০ ঘৰমান আছে । সৰহ সংখ্যকেই খেতিৰ লগত জড়িত । পঢ়ি-শুনি ডাঙৰ ডাঙৰ কোম্পানীত চাকৰি কৰা মানুহো গাঁও খনত একেবাৰে নথকা নহয় । কেইটামান টকাৰ গৰ্বত যেন মানুহৰ মানবীয়তা বিলাক লাহে লাহে কমি আহিবলৈ লৈছে । কিছুমান মানুহক দেখিলে এনে লাগে, বিপদ যেন তেওঁলোকৰ কাষলৈ নাহিবই ? নিজৰ পৰিয়াললৈ যেন এনেকুৱা এটা দিন নাহিবই? এনে ভাবত যেন নিজৰ পৰিয়ালৰ লগত মছগুল ।
      দুই চাৰিজন যুবকৰ লগত ৰণ্টুৱে পাছফালৰ বহুদিন সোমাই নোপাৱা বাহনিডৰালৈ বুলি মেন্ঠল লাইট টো হাততে লৈ বাঁহ পোন্ধৰটা মান কাটি আনিলে । লাহে লাহে গাৱঁৰ যুৱক সকল আহি পোৱাত কাঠ-বাঁহৰ যোগাৰ খিনি প্রায় হৈছে হি । ভঁৰাল ঘৰটোৰ ওচৰতে হেম'কাইৰ লগ লাগি দুজন মানে দেউতাৰ অন্তিম যাত্ৰাৰ বাবে চাঙিখন যোগাৰ কৰিলে । ৰবিন গাঁওবুঢ়াৰ কথামতে গাৱঁৰে মধু,উপেন, কলীয়া ৰ সৈতে মৃত শৰীৰটো আগফালৰ চোতাললৈ উলিয়াই অনা হ'ল। তেতিয়ালৈ ওচৰৰে কেইবাগৰাকীয়ো মহিলা চোতালৰ এচুকত গোট খাইছিল। হয়তো সকলোৱে ৰাতুলৰ কথাকে মনে মনে ভাবি আছিল । দুজনীমানে দেউতাৰ সৈতে কটোৱা কিছুমান ৰসাল কথা কৈ অলপ পৰিবেশটো ৰমৰমীয়া কৰি তুলিছিল।
      কিন-কিনিয়া বৰষুণ এজাক কৰবাৰ পৰা হঠাতে আহি পৰিবেশটো অলপ সেমেকায় তুলিলে। বৰষুন জাকে যেন দেউতাৰ শৰীৰটো ধুবায় নিকা কৰি দিলে ।
 সকলো থাকিও বৰ দেউতাৰ মৃত্যুত এটোপাল চকুলো টুকিবলৈও আজি কোনো নাই । বৰষুণৰ টোপাল খিনিয়েই যেন চকুলো হৈ নামি আহিছে। মই দুজনমান ল'ৰা ক লগত লৈ ভিতৰৰ বৰদেউতা শোৱা বিছনা খন বাহিৰলৈ আনি ভঁৰালৰ কাষতে ৰাখিলোহি। চেগুন কাঠৰ এখন বহুত পুৰণা এখন মৰম লগা বিছনা । বিছনা খন জ্বলায় দিবলৈ মোৰ মনটোৱে বিছৰা নাছিল,  গাৱঁবুঢ়া দাইটিয়ে কোৱা কানত পৰিল যে বিছনা খন ভাল হৈ আছে যেতিয়া এইখন নষ্ট কৰিব নালাগে, বাকি টুলি খন লগতে অন্য সামগ্রীসমূহ উলিয়াই দিলেই হ'ল। মই কথাখিনি শুনি ভালেই পালো আৰু বিছনা খন দুজনমানৰ লগত ধৰি ভঁৰাল টোৰ আগৰ খালী হৈ থকা বাৰাণ্ডাখনলৈ বুলি তুলি থলো I
       ৰাতি ঠিক এঘাৰ বাজিল । সকলো মানুহৰে মন বিলাক উগুল-ঠুগুল লাগি আছে পুতেকৰ কিবা খবৰ শুনাৰ আশাত ! সঠিককৈ এতিয়ালৈকে কোনেও পুতেক অহা বা নহাৰ ওপৰত একো খবৰ জনা নাই ।আহিবই নে ৰাতি পুৱালৈকে এনেকৈয়ে ৰখি থাকিব লাগিব এই বিষয়তো কোনো সিদ্ধান্তই কাৰো কৰ্ণগোচৰ হোৱা নাই।
      এনেতে সকলোৱে শুনাকৈ ৰাইজক উদ্দেশ্য কৰি গাঁওবুঢ়া দাইটিয়ে কলে"""
পুতেক ৰাতুলে দেউতাকৰ মৃত্যুৰ খবৰটো ইতিমধ্যে পাইছে বুলি ৰন্টুৰ মুখে গম পালো? কিন্তু পুতেকৰ একো মতামত এতিয়ালৈকে পোৱা নাই। আহিম বা নাহিম, ৰাতিপুৱা পামগৈ ইত্যাদি তেনেকুৱা একো মতামতেই জনোৱা নাই I এনেকৈ হলে আমি সকলো মহা বিবুধিত পৰিছো । ল'ৰা বুলিবলৈ আগলৈ পিচলৈ এটাই, বাপেকটো ইমান দিনে বিছনাত পৰি থাকিল পাক এটা মাৰিবলৈ সময় নাপালে । হেৰৌ** এতিয়া বাপেকতো মৰিল বুলি শুনিও তাৰ গা লৰা নাইনে? এনে সন্তান হোৱাতকৈ নোহোৱাই ভাল দেও । হ'ল বুলিনো এতিয়া শৱ দেহটো লৈ এই ঠাণ্ডাত কাৰ অপেক্ষাত বহি থাকিবি । এই বিলাকেই কপাল বুইছে ৰাইজ? আমিনো কেইটা দিন আৰু জীয়াই থাকিম তাৰ লেখ নাই। আমাৰো দশা কি হয় কোনে জানে? কিন্তু ৰাতুল টো এটা বৰ ভাল মনৰ ল'ৰাই আছিল? কিহৰ পাল্লাত পৰিনো তাৰ এই মতিভ্ৰম লাগিল । এৰা সকলোবোৰ ভগৱানৰে ইচ্ছা । তেওঁহে বুজিব তেওঁৰ লীলা । পিচে যি হয় ভাললৈকে হয় বুলি কয় নহয়, কোনে জানে আৰু বা কি হ'বলৈ বাকী আছে?
      পিচে এতিয়া ৰাইজে কি ব্যৱস্থা কৰিলে ভাল হয় তাকে কৰক আৰু? আমি কবলগীয়া খিনি কবহে পাৰো । সমীৰ তইয়েই কিবা এটা ক? কব পৰাকৈ এতিয়া এই ৰণ্টুৰ লগতে তইহে আছ । সদায় বৰ দেউতাৰৰ আলপৈচান ধৰি আছিলি । দেখাত এখন গাৱঁৰ এঘৰ মানুহৰ পাৰিবাৰিক বিষয় হ'লেও, এখন ৰাইজৰ উপস্থিতিত এজন ব্যক্তিৰ মৰাশটো লৈ হোৱা এই অবাঞ্চিত পৰিস্থিতিত, উপস্থিতি ৰাইজ আৰু গাৱঁৰ মানুহৰ সমূহীয়া মান মৰ্য্যাদা ৰ প্রশ্ন জড়িত হৈ আছে?
     এজনে মোক কাণে কাণে ক'লে----- সোনকাল কৰিব লাগে যি কৰা হয়?কাৰন মানুহখিনি ঠাণ্ডাত এনেই কষ্ট পাই আছে? হ'বলগীয়া টো হৈ গ'ল আৰু বাকী পাচৰ কর্মখিনি সুকলমে হোৱাটোহে চিন্তা কৰিব লাগে।
    মনে মনে শুনি থকা সমীৰে কলে, পুতেক ৰাতুল যে আহিব বা এই বিষয়ত কিবা মতামত জনাব তাৰ আশা নাই I ৰাতিও বহুত হৈ আহিছে,১২ বাজি পাৰ হলেই কিজানি I গতিকে আমি ৰখি নাথাকি ৰণ্টুৰ হতুৱাই পুতেকৰ কর্ম খিনি কৰাই সোনকালে অন্তেষ্টীক্রিয়া কর্ম ভাগ কৰি পেলোৱাই উচিত হ'ব বুলি ভাবো। বাকী ৰাইজৰ সিদ্ধান্ত I
       বৰ দেউতাৰ অনুপস্থিতিত ৰণ্টু একেবাৰে নিঠৰুৱা, নিসংগ হৈ পৰিল। নিজৰ ঘৰ বুলিবলৈ বহু দূৰৰ কোনোৱা এখন অচিন গাৱঁৰ, মাক নোহোৱা এটা লৰা আছিল ৰন্টু I মই জনা মতে বৰদেউতাই বহু সৰুতেই তাক লগত লৈ আনিছিল। বয়সত মোৰ সমবয়সীয়াই হ'ব, সেইবাবে মোৰ লগত তাৰ ভাল বন্ধুত্ব ।মাজে মাজে নিজৰ বুঢ়া বাপেকতো অহা দেখা পাইছিলো ।দেউতাই পইচা-পাতি কেইটামান দি পঠাই, দুদিন মান থাকি নিজৰ গাওঁলৈ গুচি যায়। আজি সি নিজৰ দেউতাকত কৈও আপোন, বৰ দেউতাকক হেৰুৱাই যেন এতিয়াহে তাৰ অনুভব হৈছে নিসংগতাৰ জ্বালা কিমান?
    জীৱন এনেকুৱাই । জীৱনৰ ৰং এনেকুৱাই! কেতিয়াবা ধূসৰ I আজি বৰদেউতাৰ মৃত্যুত তাৰ চুকত চকুলো, সি নিৰলে, অকলে কান্দিছে । ৰঙীন জীৱনৰ সপোন মচি- মচি সি মাথোঁ কান্দিছে । এটা সময়ত কান্দি কান্দি মোক সাবটি ধৰিলে । মই যেন তাৰ কান্দোনত বাকৰুদ্ধ!!
     গাওঁবুঢ়া দাইটিয়ে কান্ধত হাত দিয়াতহে সম্বিত ঘূৰি আহিল ।
     সকলো গঞা ভকতৰ সিদ্ধান্ত মর্মে''''''''' অলপ আঁতৰত থকা পুখুৰীৰ পাৰতেই বৰদেউতাৰ অন্তেষ্টীক্রিয়া কর্ম কৰিবৰ বাবে থিক কৰিলে ।
ভঁৰাল ঘৰটোৰ কাষেৰে সৰু বাট এটাৰে অলপ গৈ বহল খাল এটা I তাতে দুই-এজন যুৱকে তামোল চাৰিডাল মান লগ লগাই সাঁকো আকাৰে পাৰি মানুহখিনি পাৰ হৈ যাব পৰাকৈ অলপ চাফা কৰি দিছে ।
   পুখুৰীৰ পাৰতে শাৰী শাৰী নাৰিকল, নেমু, তামোল, লিচু, পনিয়ল আদি নানান গছে পুখুৰীৰ পাৰটো ভৰি আছে। পাৰতে থকা বেলবেলি গছজোপা আজি বৰ দেউতাৰ সৎকাৰৰ বাবে কটি দিয়া হ'ল। বৰদেউতাই ৰুই থোৱা গছেই হয়তো, বৰদেউতাৰে কামত লাগক বুলি সোধ-পোচ নকৰাকৈ কাটি দিয়া হ'ল। পুখুৰীটোৰ দক্ষিণ পাৰে অলপ আহল-বহল ঠাই এটুকুৰা দেউতাৰ অন্তিম শয়ণ স্থলী হিচাপে চাফ-চিকুণ কৰি সম্পূর্ণ কৰিলে।
     ৰণ্টুৱে চকুৰ টোপাল কেইটা মচি লৈ চুৰীয়া এখন আঠু মুৰলৈকে পিন্ধি খেৰৰ জুমুঠি এটা লৈ বৰদেউতাৰ মূৰৰ শিতানতে বহি আছে । জুমুঠিৰ ধোঁৱা, লগতে ধূপৰ ধোঁৱা মিলি পৰিবেশটো গহীন হৈ আহিছে। গাৱঁৰে সক্রিয় যুৱক কেইজনমানে কেইপাহ মান ফুল লগতে এখন গামোচাৰে বৰদেউতালৈ বুলি অন্তিম স্বদ্ধাঞ্জলি জনাই আত্মাৰ সদগতি কামনাৰে এক মিনিট সময় মৌন প্রার্থনা জনালে ।
   কণপাই, মধু, গোপাল লগতে মই একোখনকৈ চুৰীয়া পিন্ধি বৰ দেউতাৰ অন্তিম যাত্ৰাৰ বাবে চাঙি দাঙিবলৈ বুলি সাজু হ'লো। ৰণ্টুৱে আগে আগে জুমুঠিটো লৈ ল'লে।আইসকলে বাৰান্দাতে আঠু লৈ সেৱা জনালে, সকলোৱে অ'''''''' হৰি'''''' অ'''''' ৰাম বুলি কৈ পুখুৰীৰ পাৰলৈ আগবাঢ়িল । আগে আগে পোহৰ দেখুৱাই গাওঁবুঢ়া দাইটি এখোজ-দুখুজকৈ গৈ থাকিল ।
তেতিয়ালৈ নিশা প্ৰায় এক মানেই বাজিল । আমি গৈ পুৱালৈ সকলো খিনি কাম প্রায় সম্পূর্ণ হৈ উঠিছিল I আকৌ এবাৰ হৰিধ্বনি দি নিয়ম অনুযায়ী বৰ দেউতাৰ পাৰ্থিৱ শৰীৰ চিতাত শয়ণ কৰোৱা হ'ল। ক্ষন্তেক পিচতে ৰণ্টুৱে চিতাত অগ্নিসংযোগ কৰি পুত্ৰৰ কৰ্তব্য পালন কৰিলে I
চকুৰ সম্মুখতে লাহে লাহে বৰদেউতাৰ পার্থিৱ শৰীৰ পঞ্চভূতত বিলীন হৈ পৰিল ।
   এজন সমাজ প্রিয় ব্যক্তি, সকলোৰে মৰমৰ (গোলাপ বৰদেউতা) পুত্র- বোৱাৰীৰ মুখ নেদেখাকৈয়ে এবুকু আশা মনৰ মাজতে লৈ আজি হঠাৎ নোহোৱা হৈ গ'ল। এয়াই মানৱী জীৱন ।
ৰাতুলৰ মুখ খন বৰকৈ মনলৈ আহিল। অধিক সম্পদে যেন তাক অন্ধ কৰি পেলালে।মানুহ চিনি পোৱাটো আটাইতকৈ কঠিন কাম "ছফোক্লিছে" কোৱাৰ দৰে এজন বেয়া মানুহ চিনিব পাৰিলেও এজন ভাল মানুহ চিনাটো বৰ কঠিন কাম ।
"ৰিচাৰ্ড ইষ্টাৰলিনে" মানুহক উপদেশ দি কৈছিল'''''" যদি জীৱনত সুখী হ'ব খোজা, তেন্তে ধন-সোণৰ মৰীচিকা খেদি জীৱনটো পাত নকৰিবা । সেই মৰীচিকাৰ পিছত দৌৰিলেও খুব জোৰেৰে নদৌৰিবা, জীৱনৰ সময়খিনি বেছিকৈ দিয়া নিজৰ পৰিয়ালক, নিজৰ ঘৰখনক, নিজৰ বন্ধু-বান্ধৱক I ৰাতুলক ইয়াৰ সম্পূর্ণ বিপৰীত দেখিলো! অকল ৰাতুলেই নহয়, আজিৰ দিনত এনে দুৰ্ভগীয়া পিতৃ- মাতৃ আমাৰ অগোচৰে হয়তো অনেক আছে। কিমানক ধনী, জ্ঞানী-মানী পুত্রই, বৃদ্ধাশ্ৰমত ৰাখি নিজে পুত্র-পৰিবাৰ সহ আঢ়ম্বৰপূৰ্ণ এটা জীৱন পাৰ কৰি আছে তাৰ লেখ-জোখ নাইকিয়া I তেওঁলোকক কিন্তু গাৱঁৰ সাধাৰণ মানুহখিনিয়ে প্ৰচুৰ জ্ঞানেৰে সমৃদ্ধশালী একো-একোজন মহান পণ্ডিত জ্ঞান কৰা দেখিবলৈ পোৱা যায়। আজিৰ সমাজত এনে কিছুমান পুত্র সততে দৃষ্টিগোচৰ হয় যি নেকি এটা কর্ম- সংস্থাপন লাভ কৰিয়ে,সামান্য এটা কথাতে নিজ পিতৃ- মাতৃ লগতে ভাই-ককাইৰ লগত তর্কা-তর্কিত লিপ্ত হৈ নিজ ঘৰত সকলোকে এৰি চহৰমুখী হৈ যায়। এবাৰলৈও ভাবি নাচায় পিতৃ- মাতৃয়ে কিমান কষ্ট স্বীকাৰ কৰি তেওঁলোকক পঢ়াই-শুনাই কর্মসংস্থাপন মুখী কৰালে ?এইয়াই সন্তান, এই পুত্র সন্তানৰ বাবেই হা-হা- কা- কা I এইয়াই সমাজ, এইয়াই পৃথিৱী I তাৰ মাজতে অত্যন্ত ভাগ্যবান জনেহে সন্তানৰ সুখ লাভ কৰা পৰিলক্ষিত হয় । তাকো কাশ্চিৎ I তেওঁলৈ অভিনন্দন ।এয়াই আজিৰ সমাজৰ এক নমুনা।
 লাহে লাহে সকলো মানুহ দুই-এজনকৈ যোৱা পৰিলক্ষিত হ'ল ।
সৎকাৰৰ অন্তিম কৰ্মখিনি কৰিবলৈ শেষত থাকিল গাৱঁৰ সততে অৱহেলিত ভাঁওনা, ৰাস, মাঘ বিহু, ৰাতি হুচৰী মাৰি সময় পাৰ কৰা, কাৰোবাৰ অসুখত সহায় কৰা, কাৰোবাক ৰক্তদান কৰা, লগতে কাম নাইকিয়া মদাহী, ভঙুৱা নানান উপমাৰে বিভূষিত কৰা যুৱক কেইজন মানহে I সেই সময়ত কিন্তু নিজকে জ্ঞানী, কেইটামান টকাৰ গৰ্বত মানুহ মাতিব নিবিচৰা কোনো এজন লোককেই উপস্থিত থকা দেখা নগ'ল I শেষত বাঁহৰ এটা ঘেৰা সজাই সৎকাৰৰ ঠাইত ঘেৰাটো বহুৱাই সেৱা জনাই নিয়ম অনুযায়ী এমুঠি ধান আৰু সৰিয়হ পাচলৈ চতিয়াই আটাইকেউজন ঘৰমূৱা হ'ল । তেতিয়ালৈ পূৱ আকাশত ৰঙাকৈ বেলিয়ে দেখা দিছিল।
   গাঁওখনৰ যুৱক সকলৰ প্রতি বৰ দেউতাৰ বৰ মৰম, আন্তৰিকতা আছিল। যুৱক সকলক লৈ গাঁওখনৰ উন্নতিৰ সপোন দেখিছিল। দেউতা বিহীন গাওঁখন কিবা এক শূন্যলৈ পৰিণত হ'ল! প্রতিটো অনুস্থান- প্ৰতিস্থানৰ লগত দেউতা শাৰীৰিক, মানসিক ভাবে মৃত্যুৰ আগমূহুৰ্তলৈকে যেনেদৰে জড়িত আছিল হয়তো অনাগত দিনত এনে এজন মানুহ জীবিত অৱস্থাত পোৱা নাযাব I
সমীৰৰ মনৰ পৰা ক'ব নোৱাৰাঁকৈয়ে এটা দুখৰ হুমুনিয়াহ বাগৰি আহিল । গাৱঁৰ সচেতন সমাজ কর্মী ব্যক্তি গোলাপ দত্ত যে আৰু নাই এই কথাটো হজম কৰিবলৈ যে সি এতিয়াও নিজকে প্ৰস্তুত কৰিব
পৰা নাই I
     ৰণ্টুক ওচৰলৈ মাতি দুই-এটা কথা কৈ ৰাইজৰ পিছে-পিছে সিঁও ঘৰলৈ বুলি খোজ ল'লে I ওৰে ৰাতি মাকে কান্দি কান্দিয়েই কটালে। কি যে হৈ গ'ল হঠাতে মাকে তলকিবই নোৱাৰিলে I পুতেকক দেখি মাকে খেৰৰ জুমুঠি এটা, শিল,শিলিখা,লগতে পানী এবাল্টী আনি পদুলিতে যোগাৰ দিলেহি । পানী বাল্টি ধালি জুইৰ সেক এটা লৈ শিলিখা টো মুখত লৈ সোমাই আহিল ।
      লাল চাহৰ কাপটো লৈ বাৰাণ্ডাতে বহি  মনতে স্থিৰ কৰিলে! ৰাইজৰ প্রতি দেউতাৰ যি আস্থা, মৰম, কৰ্মপ্ৰেৰণা আছিল তাক যিকোনো পৰিস্থিতিত জীয়াই ৰাখিব লাগিব । শ্ৰাদ্ধৰ কামখিনি সুকলমে কৰিবলৈ সি ব্যাকুল হৈ পৰিল ।
    মানুহে কৰিব পৰা একোটা ভাল কাম যিমানেই সৰু নহওক তাৰ মূল্য একোৰেই নিৰূপণ কৰিব নোৱাৰি । ৰাতিপুৱা নৈমিত্তিক কর্ম কৰি চাহ কাপ খাই ৰুণ্টুৰ ওচৰলৈ বুলি ওলালো । বাটতে অনুপক পাই ল'ৰা মখাক এবাৰ বৰদেউতাৰ ঘৰলৈ আহিবলৈ সকলোকে জনাবলৈ কৈ আহিলো ।
দেউতাৰ মৃত্যুৰ আজি পঞ্চম দিন ।
অতর্কিতে আবেলি পৰত অকলে আহি ৰাতুল গৃহত উপস্থিত হয়হি । ৰণ্টুৰ লগত আৰু দুজনমানৰ সৈতে সমীৰে কিবা কথাৰ আলোচনা কৰি আছিল । হঠাৎ ৰাতুলৰ উপস্থিতি তাঁহাতৰ বৰ অসহজ যেন লাগিল । নভবা নিচিন্তা ঘটনা এটাহে যেন ঘটি গ'ল । ৰাতুলে এনে এটা ভাব দেখালে, সি যেন ৰণ্টুৰ বাহিৰে গাঁওখনত কাকো চিনিয়েই নাপায়। ৰাতুলৰ ব্যৱহাৰত সমীৰ মুঠেই সন্তুষ্ট নহ'ল । গাৱঁৰ পঁজাত টিপ 
চাকিৰ পোহৰত জ্ঞান- চক্ষু মেল খাইছিল। গাৱঁৰ পৰা বগোৱা বাই এতিয়া নগৰীয়া হৈ আমাৰ লেখীয়া বিলাকক যেন চিনি নাপায়।
   "পইচা যেতিয়া কম হৈছে ব্যৱসায়িক বেংকৰ পৰা ঋণ লৈছো । নির্দিষ্ট সময়ত পৰিশোধ কৰিছো । তেওঁ লোকেও মোক এতিয়া চিনি পোৱা হৈছে, যেতিয়াই যি লাগে সহায় কৰিছে""" সকলো ঠিক হৈ যাব""" এই গাড়ীখন ললোঁ ব্যৱসায়ৰ টকাৰে । এক পইচাৰ ধাৰ নাই । বিভিন্ন ব্যৱসায়িক কামত অ'ত  ত'ত অহা যোৱা কৰিব লাগে । তিনিখন ট্রাক ল'লো, চাঁও চোন আৰু কি কৰিব পাৰোঁ?এনেকুৱা কিছুমান কথা ৰন্টুৰ লগত পাতি থকা মোৰ কৰ্ণগোচৰ হ'ল I
     বৃদ্ধ দেউতাৰ অসুখ ।দুবছৰ তুমি নগৰত থাকিলা, এদিনো  দেউতাৰ খবৰ নকৰিলা? দেউতা ঢুকাল । আজি পঞ্চম দিনা তুমি ওলালাহি । একমাত্র পুত্র হিচাবে তোমাৰ কর্তব্য এইয়াই আছিল নেকি? মোক তোমাৰ দেউতাই বহুত দিলে! কিন্তু দেউতাক মই কি দিলোঁ সেইয়া মোৰ বিচাৰ্য্যৰ বিষয় নহয় । কিন্তু দেউতাক তুমি কি দিলা সেয়া সকলোৰে বাবে আজি বিচাৰ্য্যৰ বিষয় I মই জানো, এজনী ছোৱালীক বিয়া কৰালে এজন স্বামীয়ে যিখিনি কৰ্তব্য পালেন কৰিব লগা হয় Iকিন্তু মোৰ পৰা দেউতাই কোনোদিনেই অসুবিধা নাপালে । দেউতাক সুখত ৰখাটো মোৰ একান্তই ধ্যান আছিল। কিন্ত!!!!!!! তই ভুল কৰিলি, যি ভুলৰ শুধৰণি তোৰ জীৱিত কালত কোনোদিনেই হয়তো নহ'ব । নতুন প্রজন্মক তই বিষাক্ত কৰি তুলিলি । তথাপি পাৰিলে ভাবি চাবি, এতিয়াও সময় আছে। মোৰ মনৰ কথাখিনিহে শুনালো ।
     ৰন্টুৰ কথাত যেন ৰাতুলে মৌন ব্রত হে পালন কৰিলে। ব্যৱসায়ৰ দোহাই দি তাৰ যে অহাত পলম হ'ল, সেই কথা তাৰ ভাষাৰে বুজায় দিলে যে'''''''''''''
                     এইবিলাকৰ বাবেই তাৰ অহাত পলম হ'ল । পিতৃৰ নিজ পুত্ৰৰ প্রতি থকা মৰমৰ এইয়াই প্রতিদান!!!!
   ৰণ্টুৱে কলে ৰাতুলে বোলে অহা কালিলৈকে চাকৰি বাবে যাবগৈ লাগিব । কথাষাৰ শুনি আচৰিত ন' হলো, কাৰণ পুতেকৰ মতি-গতি, কথা-বার্তা শুনি ধাৰণা হৈছিল নাহিলে নহয় বাবেহে ঘৰৰ ভেটিত থিয় দিছেহি ক্ষন্তেক I
ৰণ্টুৰ হাতত কেইহাজাৰ মান টকা দি, সি পিছদিনাই চাকৰিলৈ বুলি গুচি গ'ল ।
    সময়ৰ বোৱতী নদীয়েদি ভটিয়াই মেলি দিছোঁ মনৰ পালতৰা নাওঁ । দূৰণিৰ পৰাই ভাঁহি আহিছে সোণোৱালী জীৱনৰ ৰিং I মোৰ মনত আজিও সেই দিনটো মনত আছে, আকাশী নীলা চোলাটো পিন্ধি গাৱঁৰ বোকাময় কদর্য বাটটো পাৰ হৈ পিঠিতে বেগ এটা লৈ সুদা ভৰিৰে খোজ কাঢ়ি ৰাতুল চহৰলৈ বুলি ওলাই যোৱা সেই দিনটো"""""""! কিন্তু আজি সেই ৰাতুলৰ পইচাখিনি দেউতাকৰ শ্ৰাদ্ধৰ কোনো কামতেই খৰচ কৰা নহ'ল । ৰন্টুৰে পাচত প্রয়োজন হ'ব বুলি তাকে সেই টকা ৰাখি থবলৈ দিলো । গাঁৱৰ ভকত সকলক একগোট কৰাই শ্ৰাদ্ধ পাতিবলৈ সকলো যা- যোগাৰ সুচাৰুৰূপে হৈ উঠিছিল।-----            তেনেতে নন্দনপুৰ গাঁওখনৰ দুটা ফৈদৰ মাজত ভিতৰি ভিতৰি সকাম খোৱা-লোৱাক লৈ এটা আলোচনা হৈ আছিল I গাৱঁৰ মানুহৰ এইটোৱেই এটা ডাঙৰ গৰ্ব । শুভ কাম এটাত বিধি-পঠালি দিয়াটো । জীয়াই থাকোতে কোনেও শুভ কর্ম এটা কৰিবলৈ উৎসাহ দিয়া দেখা নাপাওঁ । কোনোবাই ভাল কৰ্মৰ পথ এটা বাচি ললেও তাৰ বিপৰীত ক্ৰিয়াটোৰ কথাহে কৈ সেই পথৰ পৰা ওভোটাই অনাৰ এক প্ৰচেষ্টা এচাম লোকৰ I কেতিয়াকৈ দূৰ হ'ব মানুহৰ এই ভ্রান্ত ধাৰণা বিলাক? মৃত্যুৰ সময়ত কোনে কি লৈ যাব? জীয়াই থাকোঁতে এজনে আন এজনৰ উপস্থিতিত সমাজ এখনত থাকিব নোৱাৰা এই প্রক্রিয়াটো নিশেঃষ কৰিব পৰা সময় কেতিয়া আহিব? সকলোৱে নিজৰ নিজৰ টোকে শুদ্ধ বুলি যদি সদায় ভাবি থাকে এই প্ৰক্ৰিয়া নিশেঃষ হবনে কেতিয়াবা? আচলতে প্রকৃত শুদ্ধ- সত্য কোনটো? সেইটো বুজিবৰ হ'ল? কাৰণ আজিৰ সমাজ চিন্তাশীল যুৱ শক্তিৰ দ্বাৰা পৰিচালিত। মৃত্যুৰ পাছত মৃতকৰ গুন-গৰিমা গালেই সকলো বিলাক শেষ জানো?কোন কোন খৰি দিয়া অনুষ্ঠানলৈ আহিছে? কাৰ ঘৰৰ এজনো উপস্থিত নাই এই বিলাক সেই সময়ত কিন্তু খুওৱ ভালদৰে নিৰীক্ষণ কৰি থাকে এচাম লোকে। কিন্তু শ্ৰাদ্ধৰ দিনা সেই কেইজনৰ হিচাপ কিমানজনে লয় তাক লৈহে প্রশ্নবোধক? কাৰণ তেওঁলোক হয়তো বেলেগ ফৈদৰ? শুনিবলৈ হয়তো বেয়া কিন্তু আজিৰ সমাজ বিলাকত এইটোৱেই পৰিলক্ষিত হোৱা দেখা যায়। এই দিশটো সঁচায় কিন্তু ভাবিব লগীয়া? অৱশেষত খেলি-মেলিৰ মাজতে বয়োজেষ্ঠ কেইজনমান ব্যক্তি, লগতে গাওঁবুঢ়াৰ সহযোগত যুব সংঘৰ সকলো একত্ৰিত হৈ সম্পূর্ণ শ্ৰাদ্ধৰ কামখিনি সুকলমে কৰা হৈ গ'ল ।
      এখন সমাজ শৃংখলিত ভাবে জীয়াই থাকিবলৈ উপযুক্ত বাতাবৰণ আৰু শুদ্ধ মানসিকতাৰ প্রয়োজন । মানুহৰ শুদ্ধ চিন্তাধাৰাইহে সমাজৰ প্ৰগতি কঢ়িয়াই আনিব পাৰে । জ্ঞান প্ৰাপ্তিৰ বাবে শিক্ষা এক মাধ্যম । জন্মৰ লগে লগে এজন ব্যক্তিৰ শিক্ষা আৰম্ভ হয় আৰু মৃত্যুৰ আগ মুহূৰ্তলৈ এই শিক্ষা চলি থাকে।
           আনুষ্ঠানিক শিক্ষা নহ'লেও এজন ব্যক্তি বা এটা ল'ৰা ভাল হ'ব পাৰে; যদিহে তেওঁৰ চৰিত্ৰ, নিষ্ঠা, দৃঢ়তা, শিষ্টাচাৰ, আৰু সৎ সাহস থাকে ।    বৰদেউতাৰ শ্ৰাদ্ধৰ কামখিনি      কৰিলে গাৱঁৰ সেইখিনি কর্মসংস্থাপন বিহীন যুৱকে। যাক সততে তথাকথিত এচাম লোকে কাম নাইকিয়া, বেকাৰ, অদৰকাৰী সময় নষ্ট কৰি থকা আদি বিভিন্ন উপমাৰে পৰিচয় দিয়ে।  সু- শিক্ষাৰে শিক্ষিত নহ'লেও তেওঁলোকো যে সমাজৰ একো-একোজন দায়িত্বশীল যুবক তাৰেই প্ৰমাণ এইবিলাক কৰ্মৰ যোগেদি দেখায় গ'ল । এচামে টকাৰ বলত বলীয়ান হৈ, অন্ধৰ দৰে আচৰণ কৰি নিজকে সমাজৰ বৰ মানুহ সজায় এই কর্মসংস্থাপন বিচাৰি নাপায় হাবাথুৰী খাই ফুৰা যুবক সকলক যেন প্রতি কথাতে হেয় প্রতিপন্ন কৰাৰ প্ৰচেষ্টাত অহৰহ ব্ৰতী থাকে।
এওঁলোকৰ কর্মক যেন উপলব্ধি কৰাৰ মানসিকতা হেৰুৱাই পেলাইছে। পইচাই যে সকলো সময়তে মানুহক সুখ দিব এই কথাটো কোনো কালেই গ্রহণযোগ্য নহয়''' ঘৰ এখন বা সমাজ এখন জীয়াই ৰখাত অৰ্থৰ প্ৰচুৰ প্রয়োজন আছে, এই কথা সত্য । কিন্ত পইচাৰ অহংকাৰত নিজকে পণ্ডিত বুজাই, সমাজ, গাঁও, মাক-দেউতাক, বন্ধু-বান্ধব, নিজৰ শৈশৱৰ অতীতক পাহৰাটো আমাৰ কিমান যুক্তিসংগত''''''???
    আজিৰ সমাজত ৰাতুলৰ দৰে পুত্র হয়তো অনেক আছে । ক'ত পিতৃ- মাতৃয়ে মৃত্যুৰ সময়ত নিজ পুত্ৰৰ মুখখন দেখাৰ আশাতেই পৃথিৱীৰ পৰা চিৰ বিদায় মাগিব লগা হয় তাৰ হিচাপ কিমানে ৰাখিছে? সেই সকল দুৰ্ভগীয়া পিতৃ- মাতৃৰ বাবে যেন গাৱঁৰ অবহেলিত, দিন-ৰাতি দোকানৰ মুখত আড্ডা দিয়া, নহ'লে ওচৰৰ পৰিয়ালৰ সাধাৰণ যুৱক জনেই নিজ পুত্র সম হৈ পৰে।
     নতুন প্রজন্মক সুগন্ধি ফুল হৈ ফুলিবলৈ দিয়া? ৰঙা গোলাপৰ পাহিৰ দৰে জিলিকিব দিয়া? বিষাক্ত ফল হৈ নহয় । অন্তঃত পিতৃ- মাতৃক সন্মান, মৰম, আদৰ লগতে বৃদ্ধ বয়সত তেওঁলোকৰ লগত অকলশৰীয়া মুহূৰ্ত্তত মনৰ কথা বিলাক ভাগ- বতৰা কৰা । শেষ বয়সত তেওঁলোকৰ বাবে এইয়াই পৰম প্রাপ্তি হৈ ৰ'ৱ আৰু তেওঁলোকে কেতিয়াঁও নিজকে অৱহেলিত অনুভব নকৰিব ।
      লাহে লাহে দিন বাগৰিল, সকলোবোৰ পুনৰ নিজ নিজ কৰ্মৰ খাতিৰত ব্যস্ত হৈ পৰিল। সকলোবোৰ আকৌ আগৰ দৰেই গতানুগতিক হৈ পৰিল।ৰন্টু পুনৰ নিজা ঘৰখনলৈ বুলি একেবাৰেই গুচি গ'ল বুলিবই পাৰি । মাজে মাজে কেতিয়াবা নহাকৈ নাথাকে । আমাৰ ঘৰতে ৰাতি থকাকৈ আহি দেউতাৰ ঘৰখন, আলহী বহা কোঠাটো অলপ পৰিস্কাৰ কৰি ৰাখেহি । সময় পাৰ হোৱাৰ লগে লগে তাৰো অহাটো লাহে লাহে সেৰেঙা হৈ আহিল। এৰাপলীয়া হৈ পৰিল এখন পৰিপূৰ্ণ ঘৰ ।
     কাতি বিহু আহিল । মা গৈ পথাৰত এগচি বন্তি জ্বলাই আহি তুলসীৰ তলত বন্তি জ্বলাইছে!সন্ধ্যা ঘৰে ঘৰে তুলসীৰ তলত পৰম্পৰা অনুযায়ী বুট- মাহ খাই ল'ৰা-ছোৱালীবিলাকৰ মনত অপাৰ
আনন্দ।
          কাতি বিহুৰ দিনাই অনুপৰ প্ৰচেষ্টাত গাৱঁৰ যুৱক সকলে ৰন্টুৰ লগতো আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হ'ল । গোলাপ বৰদেউতাৰ প্রতি সন্মান জনাই তেখেতৰ কৰ্মৰাজিৰ প্রতি শ্ৰদ্ধা জনাই, ভবিষ্যতে তেওঁৰ নামটোক জীয়াই ৰখাৰ মানসেৰে চোতালৰ এমূৰে দেউতাৰ নামাকৰণেৰে এটা গ্ৰাম্য পুথিভঁড়াল গঢ়ি তোলা হওঁক । কথাটোত সকলোৰে সম্মতি সাপেক্ষে, যুৱক সকলে নিজা পৰিকল্পনাৰে অর্থ সংগ্রহ কৰি, ভবামতেই অতি খৰটকীয়াকৈ কিছু দিনৰ পিছত এটা আটকধুনীয়া ঘৰ গঢ়ি তুলিলে ।
        সন্মুখৰ ভাগত দুটা নাহৰ পুলি, লগতে নানা ফুলেৰে সৰুকৈ এখন বাগিচা I
দেউতাৰ কিতাপৰ আলমাৰি, আলমাৰিৰ ওপৰতে ডাঙৰ ডাঙৰ আখৰে এখন বৰ্ড ওলোমাই ৰাখিছে। তাত লিখা আছে""" সন্মান পাবৰ যোগ্যতা নথকাকৈ ও সম্মান পোৱাতকৈ, সম্মান পাবৰ যোগ্যতা থাকিও সম্মান নোপোৱাটো বেছি ভাল । মর্যাদা প্ৰাপ্তিত নহয়, যোগ্যতাতহে প্রকাশ পায় । প্ৰৱঞ্চনাৰে জয়লাভ কৰাতকৈ স-সন্মানেৰে পৰাজয় বৰণ কৰা অধিক শ্রেয় I সম্মানেৰে পৰাজিত হোৱাটোৱে প্ৰস্তুতিৰ অভাৱ সূচনা কৰিব পাৰে, কিন্তু প্ৰৱঞ্চনাৰে জয়লাভ কৰিলে চৰিত্ৰহীনতা সূচায়"|
                          "মার্ক টোৱেইন"
          মহাত্মা গান্ধী, লক্ষ্মীনাথ বেজবৰুৱা, শঙ্কৰদেৱৰ ফটো সহ অন্য দেউতাৰ আপুৰুগীয়া যিখিনি সম্পদ আছিল, সকলোখিনি নৱনিৰ্মীত ঘৰটোতে সুন্দৰকৈ সজাই ৰখা হ'ল। লাহে লাহে বিভিন্ন ব্যক্তিয়ে তালৈ কিতাপৰ টোপোলা প্ৰেৰণ কৰি অতি কম দিনৰ ভিতৰতে এটা পূৰ্ণাঙ্গ পুথিভঁড়াৰলত পৰিণত কৰিলে । ঘৰটোৰ বাৰান্দাখনৰ সদৰ দুৱাৰখনৰ ওপৰত বৰদেউতাৰ এখন ডাঙৰ ফটো ওলোমাই ৰাখিছে। ফটোৰ তলতে লিখা আছে এশাৰী বাক্য" মনত ৰাখক, প্ৰাপ্তবয়স্ক অৱস্থাত অজ্ঞ হোৱাৰ যন্ত্রণাতকৈ কিশোৰ অৱস্থাত অধ্যয়ণৰ কষ্ট বহুত কম যন্ত্ৰণাদায়ক"" Iগাৱঁৰ সৰুৰ পৰা যুৱকলৈ কে সকলো আহি ইয়াত সময় পাৰ কৰিবলৈ লাগিল । লাহে লাহে পুথিভঁড়ালটোৱে ৰাইজৰ সমাদৰ লাভ কৰিলে I প্রত্যেক দিনেই স্কুল চুটীৰ পাছত ল'ৰা-ছোৱালী আহি ইয়াত মন পছন্দৰ কিতাপ এখন হাতত লৈ বিজকে ব্যস্ত ৰাখিবলৈ ললে। গাঁৱৰে এজন উদীয়মান যুৱকে পুথিভঁড়াললৈ বুলি প্রায় এশখন শিশু উপযোগী গ্রন্থ প্রদান কৰিলে। প্রতি দেওবাৰে পুথিভঁড়ালৰ চোতালতে ল'ৰা-ছোৱালী সকলো লগ হৈ ছবি অঁকাৰ এক পৰিবেশ গঢ়ি তুলিছে। শিশুৰ প্রতি মৰম থকা প্রতিজন ব্যক্তি ইয়ালৈ আহি তেওঁলোকৰ লগত অলপ অলপ সময় পাৰ কৰিছে। এনেদৰেই দিনবিলাক পাৰ হ'ব ধৰিলে ।

    সপোন সপোন লাগি থকা কথাবোৰে পূৰ্ণতা পালে । এয়াই মনৰ প্রাপ্তি ।
      বিফল নোহোৱাটোকেই সাফল্য নুবুজায়। সাফল্যৰ অর্থ হ'ল চূড়ান্ত লক্ষ্যত উপনীত হোৱা । ইয়াৰ অর্থ সৰু সুৰা ৰনত জয় লাভ কৰা নহয়, মহাৰণতহে জয়লাভ কৰা I
"এডৱিন চি ব্লিচ" ৰ এই উক্তিটো সঁচাকৈয়ে আজি সার্থক ৰূপত প্রতিফলিত হোৱা অনুভৱ হৈছে।
             ফাগুন মাহৰ বতাহজাকে গোটেই পৰিবেশটো ধূলিময় কৰি তুলিছে। ৰাষ্টাৰ মূৰৰ দোকানখনৰ সম্মুখতে গাড়ীখন ৰখাই ৰাতুল ক্ষন্তেক সময় ৰ'ল । দোকানৰ সম্মুখত দুই-চাৰিজন ডেকা ল'ৰাই কেৰম বৰ্ড খেলি আছিল। ৰাতুলে কিন্তু এজনকো চিনি নাপালে । দোকান খনৰ মালিক অনন্ত এসময়ত তাৰ বন্ধুৱেই আছিল । এতিয়া কিন্তু সি নাইকিয়া দোকান খনত ।স্থিৰ খোজেৰে ৰাতুল নামি গ'ল । অন্তৰত প্ৰচণ্ড উত্তেজনা লৈ সি পিন্ধি অহা চোলা-পেন্ট যোৰ অলপ থিক কৰি বাঁওহাতে হেলনীয়া পথটোৰে নামি আহিল। পথটোৰ এটা পাৰে থকা নদীৰ দৰে জানটোৰ প্রায় পানী শুকাই মেটেকাৰে ভৰি আছে। এটা পাৰে গোটেই পথটো শিমলু গছেৰে ভৰাপুৰ হৈ লঠঙা ডালত ৰঙা শিমলুৱে এক মনোমোহা পৰিবেশ কৰি তুলিছে ।''''''ফাগুনৰ বতাহৰ ফলত গোটেই কেচা ধূলিময় পথটো শিমলু ফুলেৰে ভৰি আছে। বহু বছৰৰ বিৰতিৰ অন্তত গাৱঁৰ পথটোত খোজ পেলাই ৰাতুলৰ নিজকে বৰ আচহুৱা পৰিবেশ এটাৰ মাজত অহাৰ দৰে অনুভৱ হ'ল। সদাব্যস্ত মহানগৰীৰ যান্ত্ৰিকতাৰ মাজৰ পৰা আহি এই হাই-উৰুমি বিহীন পৰিবেশে ক্ষন্তেক সময়ৰ বাবে হয়তো তাৰো মনটোক অলপ সতেজ কৰি তুলিলে।
      গাঁওখনৰ বিশেষ একো পৰিবৰ্তন তাৰ চকুত নপৰিল । ৰাষ্টাৰ মূৰতে থকা পুৰণা খেৰৰ চালি দিয়া নামঘৰটো টিনপাত লগাই অলপ আগতকৈ ডাঙৰ কৰা হ'ল। আহল-বহল হ'ল । নামঘৰৰ গাতে লাগি থকা শিমলু দুজোপাই বহুত ঠাই আণ্ডৰি আছে। এনেদৰে আহি থাকোতে তাৰ অনুভৱ হ'ল, তাৰ মনটো কিবা এক বিষাদে যেন খুন্দিয়াই আনিছে ।
      কাৰ বাবে সি আজি এই নন্দনপুৰ গাঁওখনলৈ আহিছে? কোন আছে মোৰ বাবে ইয়াত? তাক যেন তাৰ বিবেকে কৈছে, ৰাতুল; এতিয়া আৰু সময় নাই; তোৰ জীৱনৰ বাটত বহুত আউল লাগিল অ' । এই যন্ত্রণাময় একাঁকী জীৱনৰ বাদে তোৰ যে গত্যন্তৰ নাই; মাত্র মৰণৰ ক্ষণ গণিছ পলে পলে I কি নাছিল তোৰ? শিক্ষা, চাকৰি সহ এটা সুন্দৰ পৰিয়াল'''''''
    বিবেকৰ কথা শুনি তাৰ সৰ্বশৰীৰ বিন্দু বিন্দু ঘামত ভিজি উঠিল । বেগৰ পৰা পানী বটল এটা উলিয়াই গোটেই বটল পানী সি খাই পেলালে । পকেটৰ পৰা চিগাৰেট এটা উলিয়াই জ্বলাব খুজিও নোখোৱাকৈ পেলাই,ভৰিৰে মোহাৰি মোহাৰি ভাবিলে, যেতিয়া আহিব লাগিছিল তেতিয়াটো সি এনেদৰে অহাৰ কথা এবাৰো ভাবি নাচালে। তেন্তে আজি কিয় হঠাৎ গুচি আহিল?
     চাৰিজন ল'ৰা তাৰ কাষে দিয়েই চাইকেল মাৰি পাৰ হৈ গ'ল Iল'ৰা কেইজনক তাৰ চিনাকী যেন নালাগিল । ৰাষ্টাৰ কাষৰ পথাৰ খনত সৰু ল'ৰা কিছুমানে ক্রিকেট খেলাত মগ্ন I গাঁওখনৰ প্ৰায়বিলাক মানুহেই তাৰ বাবে আজি অচিনাকী হৈ পৰিল। অলপ পথেই আজি তাৰ বহু দূৰ যেন অনুভৱ হৈছে। আৰু অলপ আগবাঢ়ি আহি বৰপুখুৰীৰ পাৰটো দৃষ্টিগোচৰ হোৱাত তাৰ মনটো ল'ৰালিৰ এটা দিনলৈ উভতি গ'ল"""""""""" পাৰতে এটা বাহেৰে নির্মীত শৰণ খেৰেৰে চাই থোৱা, ধুনীয়া চাংঘৰে পৰিবেশটো মনোমোহা কৰি তুলিছে।
         তাৰ মনত পৰিল, এদিন সি,ৰুন্টু আৰু সমীৰে পুৱাই পুৱাই এই বাটেদি আহি থাকোতে মাটিৰ ওপৰতে বহলকৈ নীলা পানী কাপোৰ এখন পাৰি এজন বেপাৰীয়ে বগা চকচকীয়া মাছ বিক্রী আছে। মাছ কেইটা দেখিয়ে মই কাষ চাপি গ'লো, বোলো দাইটি? মাছ বিক্ৰী কেনে হৈছে ?
বেপাৰীয়ে আহা ভাইটী এইয়া বিক্ৰী শেষেই আৰু,কেইটামান আছে জুখি দিঁও লৈ যোৱা? এই কেইটাকে লৈ আৰু বহি নাথাকো । তুমি আমাৰ গোলাপ দেউতাৰ ল'ৰা নহয় জানো? লই যোৱা লই যোৱা?
ভাল পাব দেউতাই । মই সুধিলো দাম পিচে? হ'ব হ'ব তুমি লৈ যোৱা, দাম কিবা এটা দিবা আৰু, মই জুখি দিঁও I
      মই কলো জুখিব নালাগে দি দিয়ক, দেউতাক ক'ব নালাগে, মই দেউতাৰ পৰা পইচা আনি পাচত দি যাম । তেনেকৈ কৈ পলিথিন এটাত সকলো লৈ সেই ঠাইৰ পৰা ততালিকে আতৰিলো ।
      আমি কিন্তু মাছ লৈ সেইদিনা তিনিওটাই মানুহ নথকা ঘন কাইৰ ঘৰৰ পাচফালে নিজে ৰান্ধি সোপাকে মাছ খালো । দেউতাক নজনালো যে আমি দেউতাৰ নামত বেপাৰীৰ পৰা মাছ লোৱাৰ কথাটো । কথাটো মনত পৰাত ক্ষন্তেক সময় নষ্টালজিক হৈ পৰিল ৰাতুল I
      এটা কেকুৰী পাৰ হৈ গৈ সি তাৰ বহুদিন আগতেই এৰি যোৱা শৈশৱৰ স্মৃতি বিজড়িত হৈ থকা ঘৰখন দেখা পালে ।
    তাৰ মনটো বৰ উদাস ভাৱেৰে আৱৰি আহিল । বুকুৰ কোনোবা খিনিত কিবা এটা শূন্য অনুভৱ কৰিলে । ইফালে-সিফালে কাৰোবাক দেখা পাই নেকি চকু ফুৰায় কাকো দৃষ্টিগোচৰ নোহোৱাত এখোজ- দুখোজকৈ ঘৰখনলৈ বুলি সোমায় গ'ল ।
     এসময়ৰ বিৰাট ঘৰখন আজি শূন্য মৰিশালিৰ নিচিনা নিজান পৰি আছে। মানুহে যে কথাতে কয়;" একালৰ বৃন্দাবন একালত পৰে ছন" ঠিক তেনেকুৱা! অভাৱ বুলিবলৈ এটা সময়ত বৰ দেউতাৰ একোৱেই নাছিল; কিন্তু বুঢ়া বয়সত মানুহৰ যিটো বস্তুৰ আটাইতকৈ প্রয়োজন সেইটোৱেই তেওঁৰ আটাইতকৈ ডাঙৰ অভাব থাকি গ'ল । দেউতা কেনে আছা? বা দেউতা আজি কি খাবলৈ মন গৈছে বুলি কোৱা শুনিবলৈ কাষত পুতেকক এদিনলেও নাপালে । গা মূৰ বেয়া লাগিলে চেনেহৰ মাত এষাৰ পাবলৈ বোৱাৰীৰ মুখেই দেখা নাপালে । মুঠতে মৰিশালী যেন নির্জন ঘৰখনত ৰন্টুৰ আশ্ৰয়ত মৃত্যুৰ কোলাত শুই পৰিল চিৰদিনলৈ I
     এসময়ত ফলে- ফুলে ভৰপুৰ হৈ থকা বাৰীখনত আজি কিছুমান অচিন লতাই বেৰি ধৰিছে । বাৰীৰ জেওৰা- জপনাৰ একো চিন-মোকাম নাই I পদুলী মুখত থকা বকুল জোপা শুকাই ডাল দুটা ভাগি ওলমি পৰি আছে I পদূলিৰ কাষত থকা কেইবাজোপা তামোল গছ বতাহত ভাগি চাহ গছৰ ওপৰত যেনি-তেনি পৰি আছে।ঘৰটোৰ এটা কোঠালিৰ বেৰবিলাক ভাগি হেলনীয়া হৈ, পৰি নোযোৱাকৈ কোনোৰকম ৰৈ আছে । বাৰান্দা খনত দুজনী গৰু সোমায় শুই শুই ঘাঁহ পাগুলি আছে'''''' কি কৰিব একো ভাবি নাপাই সি বাৰান্দাখনৰ স্টেপটোতে বহি পৰিল । ঘৰটোৰ পৰিবেশ দেখি ভিতৰলৈ সোমাবলৈ যেন সি সাহ কৰিব নোৱাৰিলে। ঘৰৰ কাষতে থকা ওখ নাৰিকল জোপালৈ সি এপলক দৃষ্টিৰে চাই থাকিল ।
       " টকা-পইচা থকাটো ভাল, টকা-পইচাৰে কিনিব পৰা বস্তুবোৰ থকাটোও ভাল । প্রকৃততে টকা-পইচাৰে কিনিব নোৱাৰা বস্তুবোৰহে আটাইতকৈ অমূল্য সম্পদ মানুহৰ জীৱনত" এই কথা ফাকি যেন সি আজি মর্মে মর্মে উপলব্ধি কৰিছে।
    ভৱন এটা কিনিব পাৰি কিন্তু ঘৰ এখন যে কিনিব নোৱাৰি সেই কথা আজি সি হাড়ে-হিমজুৱে গম পাইছে।
      দূৰৰ পৰাই সমীৰে ৰাতুলক লক্ষ্য কৰি আছিল। লগৰ দুটামান বন্ধুৰ সৈতে সি আগবাঢ়ি আহি ৰাতুলৰ ওচৰ পালেহি । ৰাতুলে কিবা কোৱাৰ আগতেই সি ক'লে, ঘৰখন মানুহ নোহোৱা হ'লত একেবাৰে হাবি-জংঘলেৰে ভৰি পৰিল । দেউতা নোহোৱা দিন ধৰি এইখন বাৰীত প্রায় মানুহ নোসোমোৱাই হ'ল বুলিব পাৰি। মাজে মাজে ৰন্টু আহে যদিও দেউতাক অসুস্থ হোৱাত সিঁও একেবাৰে গ'লগৈ। আমি গাৱঁৰ যুৱক সকল লগ হৈ মাজে মাজে চোৱা-চিতা কৰি থাকোঁ । এতিয়া তাকো লাহে লাহে গৰু-ছাগলীৰ বাসস্থান হোৱাৰ দৰেই অৱস্থা হৈছেগৈ । ৰাতুলে মৌন হৈ থাকিয়েই সমীৰৰ কথাখিনি শুনি থাকিল । সমীৰৰ ওচৰত যেন সি সহজ হ'ব পৰা
নাই । পৰিস্থিতি টোৰ লগত সমীৰে নিজেই মোকাবিলা কৰিবলৈ অসহজ অনুভৱ কৰাত তেনেতে গাৱঁৰে নামঘৰীয়া ৰতন খুড়া সেই ঠাইত আহি ওলাল । তেওঁক দেখা পাই আমি সকলোৱে অলপ সাহস পালো ।
     "বাৰু যি হ'ল হৈ গ'ল" এটা কথা ৰাতুল বোপা?তোমাক আহি থকা মই সৌ বৰপুখুৰীৰ পাৰতেই  লক্ষ্য কৰিছিলো । এতিয়া তোমাৰ বাবেই অতদূৰ বাট খোজ কাঢ়ি এইখিনি পালোহি । আজি ইমান দিনৰ পিছত তুমি কিয় আহিলা? ইমানদিন কি কাৰণত একো খবৰ-বাতৰি নাই ইত্যাদি কথাবোৰ এতিয়া আৰু পাতি লাভ নাই । যি হয় ভালৰ বাবেই হয় বুলি কথা এষাৰ আছে যেতিয়া?সেইটোৱেই বুলি আমি ভাবি ল'ম । গাঁওখনৰ বুঢ়া মানুহ বুলিবলৈ এতিয়া মই এই আছো গৈ বুলি কলে হয়তো মিছা নহ'ব । এতিয়া কথা হ'ল ঘৰখনৰ তুমিয়েই একমাত্র ল'ৰা আছিলা । পিতৃৰ ঔৰষত মাতৃয়ে দহ- মাহ দহ-দিন গৰ্ভত লৈ তোমাক জন্ম দিলে । গতিকে হৈ যোৱা ঘটনাক ভাবি কথা বহলাই থাকিলে সেই সময়খিনি কেতিয়াও তুমি ওভোটাই নোপোৱা । গতিকে সেইবিলাক পাহৰি, আজি তুমি নিজ গৃহলৈ আহিছা যেতিয়া আমাৰ সকলোৰে সম্মুখতে তুমি পিতৃৰ প্রতি শেষ শ্ৰদ্ধাঞ্জলি জনাই সেৱা ধৰা ।
      ৰতন খুড়াৰ কথা খিনিত প্রথমে ওৱা-দিহকে ধৰিব পৰা নাছিল সি । লাহে লাহে দেখিলো চুবুৰীৰ মানুহ বিলাক প্রায় ৰাস্তালৈ ওলাই মতা-মাইকী, ল'ৰা-ছোৱালী, জুমা-জুমি কৰি সেই ঠাইত উপস্থিত।
      পৰিস্থিতি টোত ৰাতুলৰ নিজৰ মুখেৰে কিবা এষাৰ কব'লৈ তাৰ যেন কন্ঠৰুদ্ধ হৈ গ'ল ।
   তাৰ চকুৱেদি লোতকৰ ধাৰা বৈ আহি দুগাল তিয়াই পেলালে। লাহে লাহে সি দুই হাত ওপৰলৈ তুলি দেউতাকৰ সমাধিত সাষ্টাঙ্গে সেৱা জনাই হুকহুকাই কান্দি উঠিল । পাৰ ভঙা চকুলোৰে যেন সমাধি তিয়াই পেলালে । অজানিত মোৰো চকুলোৰে দুটুপাল চকুলো নামি আহিল । পৰিবেশ টোৱে আকৌ এবাৰলৈ সকলোকে বৰদেউতা ঢুকুৱা দিনটোলে মনত পেলাই দিলে ।
    মই আৰু এজনে তাক বাহুত ধৰি থিয় কৰাই দিয়াত তাৰ মুখেৰে এষাৰ মাত্র বাক্য ওলাল""" মই সঁচাই বৰ দুৰ্ভগীয়া অ''''''' হয়তো জীৱনৰ বাটত ইয়াতকৈও বহুত বেয়া দিনৰ মুখামুখী হ'বলৈ মই আগুৱাই গৈছো """""?
    মোৰ" শ্বেইক্সপীয়েৰৰ" এটা উক্তি মনত পৰিল---" বেয়া আৰু ভাল বুলি একো কথা নাই" মাত্র চিন্তাইহে ইয়াক ভাল বা বেয়া কৰে ।"
     তেনেতে দুজনমান মানুহ লগত লৈ ৰণ্টু আহি ওলালহি। ৰণ্টুক দেখিয়েই ৰাতুলে তাৰ বুকুত সোমাই হুক হুকাই কান্দিবলৈ লাগিল । হঠাৎ এনে এক পৰিস্থিতিৰ সম্মুখীন হ'ম বুলি ৰণ্টুৱে কল্পনাই কৰা নাছিল। ৰণ্টুৱে ৰাতুলৰ দুবাহুত ধৰি সান্ত্বনা দিয়াৰ একো ভাষাই বিচাৰি নেপালে । সি কিবা এটা ক'ব খুজিছে; কিন্তু ক'ব পৰা নাই I
         কান্দোনৰ ফলত ৰাতুলৰ মনটো অলপ পাতলিল । সি নিজকে সহজ আৰু সবল কৰি তুলিলে।
    উপস্থিত সকলোৱে তাক দেউতাৰ নামেৰে যি পুথিভঁড়াল নতুনকৈ গঢ় দিছিল তালৈকে লৈ গ'ল । ৰাতুলো বৰ উৎকণ্ঠাৰে তাহাঁতৰ পিচে পিচে আহি এটা আটকধুনীয়া, শৰণ খেৰেৰে চালি দিয়া ঘৰৰ সন্মুখত উপস্থিত হ'ল
    ওপৰলৈ লক্ষ্য কৰি অবাক বিস্ময়ত ৰাতুলে দেখিলে"""" দেউতাকৰ এখন ডাঙৰ ফটো সহ লিখা আছে, "গোলাপ  দও ৰ সোঁৱৰণত "জ্ঞানম"পুথিভঁড়াল" ।ক'ব নোৱাৰাকৈয়ে ৰাতুলৰ দুচকুৰে দুধাৰী লোতক বৈ আহিল। সি যেন বহুত কথাই ক'ব বিচাৰিছে, কিন্তু আজি সি বাকৰুদ্ধ!! একো শব্দই বাহিৰ হৈ আহিব খোজা নাই তাৰ কন্ঠনলী ভেদ কৰি I সি নিজেই আজি নিজ কৰ্মৰ ওপৰত" অনুতপ্ত" ।মাথোঁ বোবা মানুহৰ  দৰে বহু পৰ দেউতাকৰ ফটোখনলৈ চাই উচুপি থাকিল । সকলোৰে উপস্থিতি যেন পাহৰিয়েই গ'ল । সমীৰৰ চকুত চকু থৈ কথা এষাৰ কবলৈ ও যেন তাৰ অন্তৰখনে খোচা- বিন্ধা কৰি ফুৰিছে | তাৰ ভীষণ ভাগৰ লাগিছিল । কিবা এক বুজাব নোৱাৰা শূন্যতাই তাক অবশ কৰি তুলিলে। নিজৰ শৰীৰটোক কোনো মতে টানি নি বাৰান্দাখনৰ খুটা এটাত ভেজা লৈ কিছু পৰ বাহিৰৰ আকাশ খনলৈ চাই ৰ'ল।
     পৰিস্থিতি টোত সকলো মানুহ অসহায় হৈ পৰিল। ক'ৰবাৰ পৰা উদ্ঙীয়া গৰু এজাক সোমাই বাৰিখন এফালৰ পৰা টহিলং কৰি আনিলে I ৰণ্টুৱে এফালৰ পৰা সোপাকে গৰুখিনিক উলিয়াই ঘামি -জামি আহি পুনৰ ৰাতুলক তেনেদৰেই বহি থকা দেখি এগিলাচ গৰম পানী লৈ ৰাতুলৰ ওচৰত গ'ল ।
       পানী গিলাচ দিয়াত  সি কোট কোট কৈ গোটেই গিলাছ পানী খাই দিলে ।  অৱশেষত বুকুত অযুত সাহস লৈ সি  ক'লে''''''তোমালোকৰ ওচৰত মোৰ ক'বলৈ একোৱেই ভাষা নাই I মই সকলোৰে ওচৰত আজি ক্ষমাপ্ৰাৰ্থী হে, তোমালোকে মোৰ দেউতাৰ হৈ যি অকল্পনীয়, সকলোৰে আদৰণীয়, নৱ- প্ৰজন্মৰ বাবে এক উজ্জ্বল প্ৰেৰণা স্বৰূপ এই মহৎ এক অনুস্থান গঢ়ি দেখুৱালা, তাৰ বাবে মই মুখেৰে দু' আষাৰ বাক্য কৈ হয়তো তোমালোকৰ এই কর্মক উপহাস অন্যথা পুতৌ কৰাৰ দৰেহে হ'ব বুলি মোৰ অনুভৱ হৈছে।
     মোৰ মনৰ অহংকাৰ, গর্ব সকলোবিলাক আজি তোমালোকৰ এই কৰ্মৰ তুলনাত যে মৰিচীকা মাথোঁন তাক মই ভালদৰে উপলব্ধি কৰিছো । সৎ পিতৃ-মাতৃ লাভ কৰাটো এক বিৰাট ঐশ্বর্য লাভ কৰাৰ সমান। এই ঐশ্বৰ্যৰ লগত নাথাকি অৰ্থৰ পিচত দৌৰি দৌৰি আজি মই জীৱনৰ আচল ৰত্ন হেৰুৱালো ! আৰু হেৰুৱাব নিবিচাৰো | জীৱনটোক এতিয়াৰ পৰা এক নতুন পথৰ সন্ধান দিম। এই পথ আৰম্ভ হ'ব  নন্দনপুৰ গাঁও খনৰ পৰা I
     "লোভ"- ই সাগৰৰ পানীৰ দৰে?যিমানেই এই পানী খাব, সিমানেই পিয়াহ লাগিব ।
    আজিৰ সমাজত মোৰ দৰে বহুত সন্তানে হয়তো এনেদৰে অৰ্থৰ পিচত দৌৰি দৌৰি নিজ পিতৃ-মাতৃ, নিজৰ গাৱঁৰ সমনীয়া বন্ধু-বান্ধবকে আদি কৰি নিজৰ শিপা পাহৰি নগৰত নিজকে প্রতিস্থা কৰিছেগৈ!
   সেই সকলকো মই আজি জনাঁও, নিজৰ শিপা এৰি নিদিব, নহ'লে,এজোপা বৃক্ষৰ দৰে শিপা উঘালি গলে যেনেকৈ ডাল পাতৰ সৌন্দর্য্য নাইকীয়া হয় ঠিক আমাৰো অৱস্থা তেনেকুৱাই হ'ৱগৈ I জীৱন অসহনীয় হৈ পৰিব, সময় উকলি যাব;
                সেইটো হ'লহেঁতেন?
মই কৰা উচিত আছিল?
                      মই কৰিব পাৰিলোহেঁতেন?
                                মই কৰাহেঁতেন? ইত্যাদি ধাৰণা বিলাক সময় থাকোতেই পৰিহাৰ কৰক।
   সম্মুখত উপস্থিত থকা সকলোবিলাক নিৰব দৰ্শক হৈ তাৰ মুখেৰে নির্গত হোৱা এই সাৰমর্ম কথা শুনি সি যে আজি তাৰ নিজ কৰ্মৰ বাবে অনুতপ্ত,, সেই কথা সকলোৱে বুজি পালে।
       পুনৰ সি কলে মই এই পুথিভঁড়ালক আৰু আটকধুনীয়াকৈ গঢ়ি তুলিবলৈ তোমালোকৰ লগত সদায় সাহস হৈ থাকিম!
ৰন্টু, সমীৰ, লগতে মোৰ সকলো বন্ধু-বান্ধব সকলৰ লগত তেওঁলোকৰ পৰামৰ্শৰে অতি সোনকালে পুথিভঁড়ালৰ সম্মুখত মোৰ দেউতা, (সকলোৰে বৰদেউতা) ৰ এটা পূণাঙ্গ মূর্ত্তি প্রতিষ্ঠা কৰাম I লগতে দেউতাৰ নামত ইয়াতে এখন শিশু উদ্যান গঢ়ি তুলিম! শিশুসকলক প্রদান কৰিব লাগিব এক সুস্থ পৰিবেশ । তেতিয়াহে সকলোৱে কোৱা "আজিৰ শিশু ভৱিষ্যতৰ দেশৰ ধৰণী "--- বাক্যশাৰী সার্থক অর্থত বাস্তবায়িত হ'ব ।
      সকলোৱে তাক আনন্দতে তুলি ধৰিলে ।দুখৰ মাজতো যেন এক আনন্দৰ বন্যাই সকলোকে জোকাৰি গ'ল ।
     সকলোৰে সম্মুখত আগধন হিচাপে ২০ হাজাৰ টকা লগতে ৰন্টুৰ হাতটো দেউতাকৰ চিকিৎসাৰ বাবে কিছু টকা দি অতি সোনকালে এই নন্দনপুৰ গাওঁখনলৈ ওলটি অহাৰ প্ৰতিশ্ৰুতিৰে সকলোৰে পৰা বিদায় লই একা বেকা পথটোৰে খোজ দিলে I
     মানুহৰ জীৱনত দুই প্ৰকাৰৰ লাভ হয়। তাৰে এবিধ স্পৰ্শ কৰিব পৰা যায় আৰু আনবিধ স্পৰ্শ কৰিব পৰা নাযায়।
  আজি নন্দনপুৰ বাসীয়ে স্পৰ্শ কৰিব নোৱাৰা সুখ লাভ কৰিছে। বিকশ, আৰু পূৰ্ণতা প্ৰাপ্তিৰ দিশে আগবঢ়াৰ এটা সপোন দেখা পালে ৰাতুলৰ এই প্ৰতিশ্ৰুতিৰ মাজেৰে I
    টকা পইচাৰ বাদেও হৃদয়ৰ মানবিক গুণবোৰো তো একো একোটা সম্পদ আৰু কোনো ক্ষেত্রত সি টকা-পইচাতকৈ ও বহু বেছি মূল্যবান । ধন-সম্পত্তিয়ে মানুহক প্ৰকৃতাৰ্থত ধনী কৰিব নোৱাৰে । মানুহক প্রকৃতাৰ্থত চহকী কৰে অন্তৰৰ সম্পদে I
      আকাশেদি এজাক ঘৰমুৱা পক্ষী উৰি গ'ল । লাহে লাহে পশ্চিম আকাশত বেলি ডুব গৈ আকাশ ৰাঙলী হৈ আহিল।
চকুৰে নেদেখা হোৱালৈকে সকলোৱে ৰাতুল যোৱাৰ ফালে চাই থাকিল ।
         ফাগুনৰ এছাটি বতাহে সমীৰৰ মনটোকো হঠাৎ সেমেকাই পেলালে ।
                         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)