তোমালৈ বুলি - প্ৰদীপ শৰ্মা

 protibha phukon
0
হঠাৎ কেতিয়াবা মন যায়,
হাতে হাত ধৰি তোমাৰ,
ৰঙচুৱা বেলিৰ দিশে আগুৱাই যাবলৈ
সুগন্ধি সন্ধিয়াৰ সুভাষ ল'বলৈ
শুৱলা আবেগ ঢালি
শান্ত মনেৰে খোজকাঢ়ি যাবলৈ
তোমাৰ সতে।
তুমি জানো ভাল পাবা? 
মোৰ সৈতে জীৱন কটাবলৈ ? 

দিব নোৱাৰিম সম্ভৱ তোমাক 
সংসাৰৰ সকলো সুখ
বিলাসী গাড়ী, 
সপ্তাহে সপ্তাহে নতুন শাৰী 
ডিজাইনাৰ ব্লাউজ আৰু
হাতত দামী ঘড়ী ।
প্ৰত্যেক বছৰে নতুন আইফ'ন 
হীৰাৰ আঙুঠি, 
নতুন নেকলেচ 
আৰু হলিডে ট্ৰিপ .... 
কিন্তু, 
কেতিয়াবা হাতে হাত ধৰি
সেউজীয়া পথাৰৰ আলিয়েদি
দেখুৱাব পাৰিম জীৱনৰ ৰঙবোৰ,
কেতিয়াবা চাইকেলত বহুৱাই
দিব পাৰিম জীৱনৰ আমেজবোৰ 
নতুবা কেতিয়াবা গোলাপ ফুলৰ কলিয়েদি
সজাব পাৰিম তোমাৰ কেশযোৰ ।
পাৰিবানে থাকিব......? 
হাতে হাত ধৰি এবেলি ওলাব,
মোৰ লগত ??


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)