যাৰ ৰূপ অনন্য, যাৰ শক্তি পৃথক।
মোৰ লগত এজনী যোদ্ধা আছে
যিয়ে কেতিয়াবা ৰাণী লক্ষ্মীবাঈৰ ৰূপ ধৰে,
আকৌ কেতিয়াবা মা কালীৰ
উগ্ৰ সাহস।
মোৰ এজনী যোদ্ধা আছে
যিয়ে নিজে এশ ৰোষত জ্বলি
কলিজা ফাটি লেও,
গাৰ ছাল এৰিলেও—
মোক দিয়ে সাহস,
মোক দিয়ে আশীৰ্বাদ।
মোৰ এজনী যোদ্ধা আছে
যিয়ে হাজাৰ ককৰ্থনা সহ্য কৰি
তথাপিও সপোন দেখা নেৰে।
আশাৰ ৰেঙনি আঁকি দিয়ে
মোৰ এই বেৰঙহীন মুখত।
মোৰ এই যোদ্ধাক দেখি
মই অভিভূত হওঁ—
কেনেকৈ পাৰে?
আৰু কেনেকৈ ইমান পাৰে?
মই দেখিছোঁ মোৰ এই যোদ্ধাক—
আটাইতকৈ ভয়ংকৰ দুৰ্যোগ পাৰ কৰি
একেবাৰে ভাঙি থানবান হোৱাৰ পাছতো
চিনেমাৰ নায়কৰ দৰে
নিজক পুনৰ সজাই
আকৌ সাজু হয়
নতুন যুদ্ধৰ বাবে।
মোৰ এই আজীৱন যোদ্ধাৰ লগৰীক
সহস্ৰ কোটি প্ৰণাম।
ভালে থাকক তেওঁ,
মোৰ আয়ুসৰ আধাও
তেওঁ পাওক।
হে মহান যোদ্ধা—
জী থাকা তুমি।
তোমাক সহস্ৰ প্ৰণাম।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ