মাঘ বিহু-হেমেন হাজৰিকা

@admin
0
আমাৰ ঐতিহ্য , চিনাকি , পৰম্পৰা , জাতীয় স্বাভিমান অহংকাৰৰ প্ৰতীক বাপতি সাহোন মাঘ বিহু । এয়া আমাৰ গৌৰৱৰ প্ৰতীক । প্ৰতিজন অসমীয়াই এই দিনটোলৈ পৰম আগ্ৰহেৰে বাট চাই থাকে । এইটো সৰ্বজন বিদিত যে বিহুৰ আগদিনা উৰুকা । মাঘবিহুৰ উৰুকাৰ এটা নিজস্ব বৈশিষ্ট্য আছে । ঐতিহ্য আছে নিজ চিনাকিৰ মহীয়ান আমাৰ মাঘ বিহুৰ উৰুকা । এই উৰুখা লৈ আমাৰ কিমানযে ব্যস্ততা । যেন আহৰি নাই । এটা ভেলাঘৰ সাজিব লাগে ভেলাঘৰৰ তলৰ লগে ভাগে ভাত সাঁজৰ সুকীয়া মৰ্যাদা আছে, সুকীয়া ঐতিহ্য আছে । পথাৰৰ পৰা নৰা কাটি অনা , বাঁহ কটা আদি দেধাৰ কাম । গাঁৱৰ বুঢ়া বেথাৰ যাৱতীয় নিৰ্দেশ পালন কৰি গাঁৱৰ ডেকা বোৰে এই কামত লাগি পৰে । ভাগে ভাগে কামৰ দ্বায়িত্ব মুৰ পাতি লৈ শেষত সাজি উলিয়াই আমাৰ ঐতিহ্যৰ প্ৰতীক ভেলাঘৰ । দেখাত সাধাৰণ যেন লগা এই অসাধাৰণ প্ৰতীক চিহ্নটো আমাৰ গৌৰৱ অংকিত হৈ আছে ।
     উৰুকাৰ সন্ধিয়া বজাৰৰ পৰা বিধে বিধে পাচলি মাছ মাংস আনে । সন্ধিয়া জুঁই পুৱাবৰ বাবে খৰি সকলো যোগাৰ কৰে । গোটেই উদুলি মূদুলি পৰিবেশ , অনেক ব্যস্ততা সকলোৱে লগে ভাগে এসাঁজ খাব । কিমান যে আনন্দ কিমান যে আন্তৰিকতা । সম্প্ৰীতিৰ অটুত বন্ধন । আজিকালি হয়তো কিছু কমিছে । পৰিৱৰ্তনৰ বতাহত উঠি ভাহি আমি নিজক হেৰুৱাই পেলাইছোঁ । সন্ধিয়াৰ লগে গাঁৱৰ নিৰ্দিষ্ট ৰান্ধনি আহি যা যোগাৰ আৰম্ভ কৰে । পাচলি কটা মাছৰ মাংস ধুৱা আদি কাম কৰে । লগে লগে ভেলাঘৰৰ সন্মুখত হোম জ্বলায় । তাত চাহ পগোৱা কাম হয় । তাৰোপৰি ঘৰৰ গৃহিণী সকলে ভিন্ন ধৰণৰ ভোগালী ৰ পিঠা যোগাৰ কৰি আনে। ভেলাঘৰৰ কামত থকা সকলে মহা আনন্দৰে সেইবোৰ খায় । আনন্দ কৰে , ভোগ কৰে ।
   ৰাতি ভোজ হোৱাৰ জাননী দিয়া হয় প্ৰথমতে গাঁৱৰ মুখিয়াল সকল ল'ৰা আদি সকলো খাবলৈ বহে ।
ইয়াৰ পিছত মহিলা সকলে খায় কি এক অটুত বন্ধন । ভাবিলে ভাল লাগি যায় । আমি এনে চহকী ঐতিহ্য পৰম্পৰাৰে আমি চহকী । হয়তো এনে পৰম্পৰা আনত আছেনে নাই ক'ব নোৱাৰো । খোৱা হোৱাৰ পিছত সকলো ঘৰাঘৰি যায় ডেকা চানেকীয়া সকল ৰাতি ভেলাঘৰতে থাকে ।
          পিছৰ দিনা ৰাতি পুৱা বিহু মানে মাঘ বিহু । পৰম্পৰা অনুযায়ী সেইদিনা ভেলাঘৰ জ্বলাই দিয়া হয় । এয়া অগ্নি পূজা বুলি গণ্য কৰা হয় । কথিত আছে যে বিহুৰ দিনা অগ্নি সেৱা কৰা হয় । সেই পৰম্পৰা আমি মানি আহিছোঁ ।
   আজিৰ দিনটোত আমি লক্ষ্য কৰিছোঁ কিছু কিছু ক্ষেত্ৰত আমি লক্ষ্য কৰিছোঁ যে ভেলাঘৰ বনোৱাৰ নামত আমাৰ ঐতিহ্য মণ্ডিত সম্বল আছে যেনে ৰংঘৰ , কাৰেংঘৰ , অসমৰ মেপ , হাতী , গড় , আদি অলেখ কীৰ্তি স্তম্ভ সমূহ নিৰ্মাণ কৰি জ্বলাই দিয়া হয় । এনেবোৰ কামৰ পৰা আমি বিৰত থাকিব পাৰিলে ভাল । ইয়াৰোপৰি যিহেতু ভোগৰ উৎসৱ ভোগালী গতিকে ভোগৰ নানান পয়োভৰ । চিৰা , পিঠা , লাড়ু , দৈ , চিৰা, সান্দহ আদি যোগাৰ কৰা হয় । ভোগ কৰা হয় । ভোগালীৰ আনন্দত মতলীয়া আমি অসমীয়াই ইয়াক এৰাই চলিব নোৱাৰোঁ 
আটাইলৈ ভোগালীৰ ওলগ জনালোঁ । 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)