বিহ্বল কৰি তোলে, প্ৰিয়তম।
এনুৱা জীৱনটোৱে কিনো ক্ষণ গণিলে,
পৰ্বতসম দুখৰ সমষ্টি!
উচুপিছো, মাথো উচুপিছো।
জীৱনৰ গোপন ডায়েৰীত লিখিছোঁ—
জীৱনৰ জীয়া ইতিহাস।
ডুখৰীয়া জীৱনগাথাঁত, তুমি
সুহৃদয় হৃদয় সংবাদী।
তোমাক প্ৰেম নিবেদন কৰিব পৰাকৈ
মোৰ সতীত্ব নাই…
গ্ৰাস কৰি পেলালে,
মোৰ লোমহৰ্ষক অতীতে।
বিধ্বস্ত ধুমুহাটিত,
বিষন্ন মন-প্ৰাণ।
বিষয়-বাসনাত মই
দিশহাৰা পথিক;
সীমাহীন দায়িত্ববোধে
মেৰিয়াই ধৰা জীৱনটোত,
তোমাৰ সান্নিধ্যই—
ভালপোৱাৰ দুৰ্দমনীয় চানেকি!
তুমি, মোৰ অনুভৱৰ
অন্তৰ্লীন সত্ত্বা।
প্ৰেমাতুৰ বক্ষগহ্বৰত,
নিঃশব্দে, নিৰৱে
আপোচহীন মন্ত্ৰ ৰচিছে।
তুমি চাগে, আমাৰ
ভালপোৱাখিনিক
বন্ধুত্বৰ পৰিকাঠামোৰে বান্ধিলা?
বেদনাহত জীৱনপঞ্জীত, তুমি
তেজাল লিপি।
প্ৰেমে প্ৰতিদান নিবিচাৰে—
হয়তো সেইবাবেই
লুকুৱাই ৰাখিছো, কাঙ্খীত হেঁপাহ।
বুজি উঠিছো,
দুখ আৰু দুখৰ প্ৰচ্ছায়াতো
সপি দিব পাৰে সৰ্বস্ব।
কলিজা খনেও কেতিয়াবা হাঁহাকাৰ কৰি উঠে,
তোমাৰ অনুপস্থিতিত…
তুমি, মোৰ জীৱনপৃষ্ঠাত
ধূসৰিত হোৱা
অনুভৱৰ ভঁৰাল।
তোমাৰ অজ্ঞাতেই,
তোমাৰ প্ৰেমত হাবুডুবু।
সপোন-প্ৰাপ্তিৰ ক্ষেত্ৰত
অপ্ৰাপ্তিৰ ঈৰ্ষণীয় চহকী হাঁহি।
এৰা বন্ধুৰ মায়াজালত,
তোমাৰ দুচকু বন্দীশালত
পৰিসমাপ্তি ঘটিল, প্ৰিয়তম,
স্বপ্নদ্বাৰমৰ…
ভালপোৱাৰ সিক্ততাত,
ভালপোৱাৰ মাতৰ প্ৰতীক্ষাত
অহা জনমত পুনৰ লগ হʼম।
তোমাৰ প্ৰিয়তমাৰ প্ৰতিশ্ৰুতিৰে
অংগীকাৰ হৈ ৰʼব।
প্ৰাপ্তিৰ বৰষা নামিব,
বুকুৱে বুকুৱে
বিলীন হৈ ৰʼব…।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ