ৰঙীন দলিচাখনৰ সপ্তৰ্ষীৰ মালা
অন্তহীন ভাঁজৰ কাঁচিয়ালী শব্দবোৰ
উদৰনিৰ উগ্ৰ চাকনৈকাৰ অন্বেষণ
বিজৰিত কেতবোৰ ধূলিকণাৰ
উন্মেষ বিচাৰি সত্তাৰ গৰ্বৰ অধিকাৰ
নিৰ্জন কোঠাৰ মুক্ত দুৱাৰখনত
প্ৰতিবিম্ব মাথোন বেত্ৰাঘাতৰ ছায়া
উন্মুক্ততাৰ সিক্ত হৃদয়ত
ছায়াবৰণৰ কাঁইটীয়া ছিদ্ৰবোৰ
বুকুত মোক্ষম আঘাত
সন্দা চকুৰ চাঁৱনিৰে উভতি
ঠুনুকা হৃদয়ৰ নীড়মুখ কল্পনা
প্ৰতুষ্যৰ পৰশত বিদীৰ্ন বকিয়েৰ
স্বাধীন স্বত্বৰ তদ্ৰালী জীপাল স্মৃতি।।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ