সপোনৰ ব্যস্ততা-কংকন বেজবৰুৱা

 protibha phukon
0
সপোনৰ দলিচাত ভাহি থাকে আমাৰ জীৱন
আমি অনুভৱ কৰিব নোৱাৰোঁ,
জীৱনটো যে এক ৰঙীন সপোনেৰে গঢ়া।
আমি বুজিবলৈ চেষ্টা নকৰোঁ,
আন ব্যক্তিৰ মনত চলি থকা ধাৰণা।
নাই, আমাৰ তেওঁলোকৰ প্ৰতি ভাবিবলৈ সময়
আমি মাথোঁ নিজৰ সপোন গঢ়াৰ ওপৰতে ব্যস্ত।
আনকি নিজৰ সপোনবোৰ পূৰণৰ বাবে,
আনে দুখ পালেওঁ আমি অনুভৱ নকৰোঁ 
কাৰণ আমিবোৰ বৰ স্বাৰ্থপৰ মানুহ।
আমি নিজৰ স্বাৰ্থৰ বাবে আনক কষ্ট দিওঁ,
জগতৰ ক'তো নিষ্ঠুৰ কামত লিপ্ত হৈ পৰোঁ
সমাজৰ ৰীতি-নীতি, আচাৰ-ব্যৱহাৰৰ প্ৰতি পাহৰিয়েই যাওঁ
নাই, আমাৰ এইবিলাকৰ প্ৰতি ভাবিবলৈ সময়
আমি মাথোঁ নিজৰ সপোন গঢ়াৰ ওপৰতে ব্যস্ত।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)