নীৰৱ হাঁহিৰ শব্দহীনতা-ছুমাইয়া ফাতেমী

 protibha phukon
0
ভাঁজ লগা মুখাৱয়ব দেখি
হাঁহি বুলি
ভ্ৰান্তি নকৰিব,
এই হাঁহিত সুখ নাই,
আছে মাথোঁ
সহ্যৰ দীৰ্ঘ অভ্যাস।

মুখৰ ভাঁজবোৰ
সময়ৰ সৈতে কৰা
এটা নীৰৱ সন্ধি,
য’ত কোনো প্ৰতিবাদ নাই,
আছে কেৱল
সহনশীলতাৰ নিঃশব্দ স্বাক্ষৰ।

যিসকলে সদায় শক্তিশালী দেখুৱায়,
তেওঁলোকেই প্ৰায়ে
সৰ্বাধিক ক্লান্ত,
কাৰণ সিহঁতে
নিজৰ দুখকো
হাঁহিৰ তলত
শ্বাসৰুদ্ধ কৰি ৰাখে।

ভাঁজ লগা চেহেৰাক
হাঁহি বুলি ক’ব নোৱাৰি,
ই হাঁহি নহয়,
ই সময়ে দি যোৱা
সংগ্ৰাম, ক্ষয়
আৰু অব্যক্ত ক্লান্তিৰ চিহ্ন।

যিসকলে নীৰৱ থাকে,
তেওঁলোকেই সৰ্বাধিক গভীৰ,
কাৰণ তেওঁলোকে জানে,
শব্দ নোহোৱাকৈও
থিয় হৈ থাকিব জনাটোয়েই
এক নিঃশব্দ জয়।

 
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)