সময়ৰ মেৰপাকত পৰি
এদিন স্ব - মুখে প্ৰকাশ হ'ল
মোক জন্ম দিলা কিয় ?
কাল অমানিশাৰ বিকট চিঞৰ
তাৰ পাছৰ নীৰৱতাই বহু সাহসী
কপাঁই যায়
মোৰো তেনে অনুভৱ হ'ল ।
ফেহুজালি দিয়াৰ পৰত
শিতানত এটা ইতিহাস গৰকা খাম
এগাল মান বৈ যোৱা চিয়াঁহী
বুকুত লগা এচমকা কলীয়া ডাৱৰ ।
সেই দিনা আনন্দত
মই তোক সোধাই নহ'ল
তয়েই বাৰু ইতিহাস ৰচিবি
তোৰ দিন আহিলে সন্তান সুধিহে
জন্ম দিবি ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ