পৃথিৱীখন যেন বাকৰূদ্ধ হ'ল
এটা সুৰ হেৰাই গ'ল
সকলো যেন নিতাল, নিস্তব্ধ হৈ ৰ'ল ,
শ্বাসৰূদ্ধ, বাকৰূদ্ধ ,ভাষাহীন সকলো ,
নিজানত গান গোৱা বনৰীয়া পখিটি
কৰবাত উৰি গুচি গ'ল
অচিন, অজান মুলুকলৈ ,
আশা, ভৰসাৰে সজাই লোৱা শান্তিৰ নীড়
খন্তেকতে জঁই পৰি ৰ"ল ,
স্থবিৰ হৈ পৰিল ধৰিত্ৰী
স্থবিৰ হৈ পৰিল প্ৰকৃতি
কবিতাৰো ছন্দ হেৰাই গ'ল
সকলো আজি শোকত ম্ৰিয়মান হ'ল !
বুকুৰ মাজত হৃদয়বোৰে বিনালে
ধাৰাসাৰে বৈ অহা অশ্ৰু-অঞ্জলিয়ে
তোমাৰ বিদায় পৰত চৰণ চুমিলে ,
আজি বৰলুইতে উচুপিচে
তুমি বিহীন অসমী আইয়ে
অসহায় অনুভৱ কৰিছে ,
কাঞ্চনজংঘাই বিষাদত মূৰ দোৱাইছে ,
পাহাৰে-ভৈয়ামে প্ৰতিধ্বনিত আজি
তোমাৰ হৃদয়ৰ প্ৰতিটো গান ,
কথা শেষ হ'ল , গান শেষ হ'ল
হিয়াৰ আবেগ, জনকণ্ঠ
চিৰদিনৰ বাবে আঁতৰি গ'ল ,
জাতিয়ে জাতিয়ে মিলি তোমাৰ মিলনতীৰ্থত
এটা মানৱ জাতিৰ সৃষ্টি হ'ল ,
আকাশে-বতাহে গুঞ্জৰিত তোমাৰ গান
দেশৰ প্ৰান্তৰে প্ৰান্তৰে কেৱল তোমাৰ নাম ,
তুমি মৃত্যুঞ্জয় ! তুমি আপৰাজেয় !
তুমি মুক্ত ,তুমি মুক্ত ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ