আশাৰীকান্দিৰ টেৰাকোটা শিল্প—ছৈয়দা তনজিয়া ৱাৰিছা আজমি

@admin
0
মানৱ সভ্যতাৰ যি সুদীর্ঘ ইতিহাস, তাৰ মাজত মাটিৰ সৈতে আমাৰ সম্পৰ্কটো আটাইতকৈ আদিম আৰু নিবিড়। মানুহে যিদিনা মাটিৰ বুকুত নিজৰ অস্তিত্বৰ প্ৰতিচ্ছবি বিচাৰি পালে, সেইদিনাই শিল্পৰ প্ৰকৃত জন্ম হ’ল। অসমৰ পশ্চিম প্ৰান্তৰ ধুবুৰী জিলাৰ দেৱীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁও ‘আশাৰীকান্দি’ আজি বিশ্বৰ মানচিত্ৰত এক বিস্ময় হৈ জিলিকি উঠিছে। এই জিলিকনি কেৱল ৰূপৰ নহয়, ই হ’ল মাটিৰ সৈতে মানুহৰ আত্মিক সংগ্ৰামৰ এক বিৰল দলিল।
আশাৰীকান্দি নামটোৰ মাজতেই এক কৰুণ কাব্যিকতা লুকাই আছে। আশ্বাৰ মাহৰ (গোৱালপৰীয়া উপভাষাত আহাৰ মাহত আশাৰ বা আশ্বাৰ বোলা হয়) ধলত যেতিয়া গদাধৰ নদীৰ পানীয়ে শিল্পীৰ চোতাল বুৰাই পেলায়, তেতিয়া তেওঁলোকৰ হাতৰ কাম স্তব্ধ হয়, চকুৰ পানী নিগৰে। সেই ‘আশাৰ’ আৰু ‘কান্দোন’ মিলি হোৱা ‘আশাৰীকান্দি’ আজি চকুলোৰ নহয়, বৰঞ্চ সৃষ্টিৰ এক আনন্দ-ধ্বনি হৈ পৰিছে। উনৈশ শতিকাৰ আৰম্ভণিতে কেঁচা মালৰ উপলব্ধতা, সুবিধাজনক যাতায়তৰ বাবে পূৰ্ববংগৰ পাবনা অঞ্চলৰ পৰা প্ৰব্ৰজন কৰি অহা এক শিল্পী সম্প্ৰদায়ে গৌৰীপুৰৰ জমিদাৰে দান কৰা ছশ বিঘা মাটিৰ বুকুত বিচাৰি পাইছিল এক বিশেষ ‘হিৰামাটি’। গদাধৰৰ পাৰৰ এই আঠালতীয়া মাটিয়েই আছিল তেওঁলোকৰ ভাগ্যবিধাতা। তাৰ পিছতেই জন্ম লাভ কৰে অসমীয়া মৃৎ শিল্পই।
আজি দিল্লীৰ ৰাজপথত গণৰাজ্য দিৱসৰ প্ৰতীক পটত যি টেৰাকোটাৰ বৈভৱ দেশবাসীয়ে প্ৰত্যক্ষ কৰিলে, তাৰ অন্তৰালত আছে বহু নীৰৱ সাধকৰ শ্ৰম। ৰাজপৰিয়ালৰ বিদুষী মহিলা নীলিমা বৰুৱাই নামকৰণ কৰা সেই বিখ্যাত ‘হাতিমা পুতুল’ৰ কথা ভাবক— য’ত মাতৃৰ স্নেহ আৰু হাতীৰ দৰে বিশাল কাণৰ এক আচৰিত সমন্বয় ঘটিছে। এই পুতলাই ভাৰতৰ বিভিন্ন হস্তশিল্প প্ৰদৰ্শনী আৰু সংগ্ৰহালয়ত প্ৰদৰ্শণৰ সুযোগ লাভ কৰিছে। এই পুতলাটোৱে আমাক সোঁৱৰাই দিয়ে যে শিল্প কোনো নিৰ্দিষ্ট সীমাৰ মাজত আবদ্ধ নহয়; ই হ’ল শিল্পীৰ কল্পনাৰ এক মুক্ত আকাশ।
সৰলা বালা দেৱীৰ দৰে মহীয়সী মহিলাই ১৯৮২ চনত লাভ কৰা ৰাষ্ট্ৰীয় স্বীকৃতিৰ পৰা আৰম্ভ কৰি তেখেতৰ পুত্ৰ ধীৰেন্দ্ৰ নাথ পালে ২০২৫ বৰ্ষত লাভ কৰা ‘অসম গৌৰৱ’ সন্মানলৈকে— এই গোটেই যাত্ৰাটোৱেই হ’ল ধাৰাবাহিক নিষ্ঠাৰ ফল। কেৱল দেৱ-দেৱীৰ মূৰ্তি বা পৌৰাণিক চৰিত্ৰই নহয়, মহাত্মা গান্ধীৰ পৰা ডঃ ভূপেন হাজৰিকালৈকে আধুনিক ইতিহাসৰ প্ৰতিগৰাকী মহানায়কক এইসকল শিল্পীয়ে মাটিৰ বুকুত প্ৰাণ দি তুলিছে। অসম চৰকাৰে আশাৰীকান্দি গাঁওখনক মডেল গাঁও হিচাপে ঘোষণা কৰিছে আৰু ইয়াৰ গ্ৰাম্য পৰ্যটন প্ৰকল্পৰ অধীনলৈ আনিছে। ২০২০ চনত 'মন কি বাত'ৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'ভকেল ফৰ লকেল' আৰু 'আত্মনিৰ্ভৰ ভাৰত'ৰ প্ৰতি ভাৰতৰ নাগৰিকক সম্বোধন কৰোতে আশাৰীকান্দিৰ মৃৎ শিল্পীৰ পুতলাৰ বিষয়ে উল্লেখ কৰিছিল।
আজিৰ যান্ত্ৰিক যুগৰ ভিৰৰ মাজত আশাৰীকান্দিৰ এই মৃৎশিল্প এক শীতল বতাহৰ দৰে। গদাধৰৰ পাৰৰ এই বিশেষ টেৰাকোটাই আজি ‘ভৌগোলিক চিনাক্তকৰণ’ (GI Tag) লাভ কৰি বিশ্বৰ দৰবাৰত নিজৰ আসন নিশ্চিত কৰিছে। প্ৰকৃততে,মাটিৰ পৰা জন্ম লোৱা মানুহে মাটিৰ সৈতেই নিজৰ শৈল্পিক পৰিচয় জীয়াই ৰখাৰ এই যি বিৰল প্ৰয়াস, সেয়াই হ’ল মানুহৰ আটাইতকৈ ডাঙৰ গৌৰৱ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)